ETV Bharat / bharat

Nipah virus infection : কোজিকোডত পুনৰ নিপা ভাইৰাছৰ চিকাৰ এজন

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 5:42 PM IST

কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে । কোজিকোডি জিলাত পুনৰ এজন এই ভাইৰাছৰ চিকাৰ হৈছে । আক্ৰান্ত ৩৯ বছৰীয়া লোকজন কোৱাৰেণ্টাইনত আছিল ।

Nipah virus infection
কোজিকোডত পুনৰ নিপা ভাইৰাছৰ চিকাৰ এজন

নেশ্যনেল ডেস্ক,১৫ ছেপ্টেম্বৰ : নিপা ভাইৰাছৰ সংক্ৰমণে দেশত পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে । শুকুৰবাৰে কোজিকোডত পুনৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছে নিপা ভাইৰাছৰ অৱস্থিতি । চিকিৎসালয়ত পৰ্যবেক্ষণত থকা এগৰাকী ৩৯ বছৰীয়া ব্যক্তিৰ দেহত নিপা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ লগে লগে জিলাখনত নিপা ভাইৰাছৰ সক্ৰিয় ঘটনাৰ সংখ্যা ৪ টালৈ বৃদ্ধি পাইছে ।

জানিব পৰা মতে ৩৯ বছৰীয়া লোকজনে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে গৈছিল য'ত পূৰ্বে নিপা ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰা হৈছিল । পাছত, লক্ষণবোৰ ধৰা পৰাৰ পাছত তেওঁ কোৱাৰেণ্টাইনত আছিল । জানিব পৰা মতে বৰ্তমান তেওঁৰ কোনো গুৰুতৰ স্বাস্থ্য সমস্যা নাই ।

বৃহস্পতিবাৰেও ২৪ বছৰীয়া এজন যুৱকৰ দেহত নিপা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । লোকজন ব্যক্তিগত হাস্পতালৰ কৰ্মচাৰী । তেওঁ আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিল ।

ইফালে কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে স্বাস্থ্য বিভাগ তথা প্ৰশাসন তৎপৰ হৈ পৰিছে । বিশেষকৈ ৰাজ্যখনৰ কোজিকোডি জিলা নিপা ভাইৰাছৰ হটস্পট হিচাপে পৰিগণিত হৈছে । যাৰ বাবে কোজিকোডি জিলাৰ ৯ টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ খোলাৰ ক্ষেত্ৰতো বিভিন্ন নিশেধাজ্ঞা আৰোপ কৰা হৈছে । পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ প্ৰতিষ্ঠানবোৰ খোলাৰ অনুমতি দিয়া হৈছে । উৎসৱ আৰু বিভিন্ন অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰতো কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে । জনসাধাৰণৰ সমাৱেশ নিষিদ্ধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :Nipah virus : কেৰালাত পুনৰ নিপা ভাইৰাছত আক্ৰান্ত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.