ETV Bharat / bharat

দিল্লীত মেট্ৰ' ৰে'লৰ পিলাৰ খহি শ্ৰমিকৰ মৃত্যু

দিল্লীৰ স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰৰ সমীপত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । মেট্ৰ' ৰে'লৰ পিলাৰ খহি পৰাত কৰুণ মৃত্যুক সাৱতিলে এজন শ্ৰমিকে । গুৰুতৰভাৱে আহত হৈছে ৮ জন শ্ৰমিক ।

author img

By

Published : Mar 11, 2021, 1:22 PM IST

দিল্লীত মেট্ৰ' ৰে'লৰ পিলাৰ মেৰামতি কৰি থকাৰ সময়তে প্ৰাণ হেৰুৱালে এজন শ্ৰমিকে

নেশ্যনেল ডেস্ক, ১১ মাৰ্চ: দিল্লীত মেট্ৰ' ৰে'লৰ পিলাৰ মেৰামতি কৰি থকাৰ সময়তে প্ৰাণ হেৰুৱালে এজন শ্ৰমিকে । দিল্লীৰ স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰৰ সমীপত এই অঘটন সংঘটিত হয় । বৃহস্পতিবাৰে পুৱা মেট্ৰ' ৰে'লৰ পিলাৰ মেৰামতি কৰি থকা অৱস্থাতে অকস্মাৎ পিলাৰ খহি পৰে আৰু এজন শ্ৰমিকৰ মৃত্যু হয় ।

সেই স্থানত কৰ্মৰত আন ৮ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় । লগে লগে আহত শ্ৰমিকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই ঘটনা সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত দীপক যাদৱে কয় যে, "ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ।

নিহত শ্ৰমিকজন ৰাজস্থানৰ আলৱাৰৰ বাসিন্দা বুলি জানিবলৈ দিছে উপ আৰক্ষী আয়ুক্তগৰাকীয়ে । সম্প্ৰতি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । পিলাৰৰ গাঁথনি হঠাৎ কিয় ভাঙি পৰিল এই বিষয়ত এক প্ৰতিবেদন প্ৰস্তুত কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব বুলিও দীপক যাদৱে মন্তব্য কৰে ।

লগতে পঢ়ক:সাগৰসম সুযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.