ETV Bharat / bharat

Manipur Assembly : আজি 11 বজাৰ পৰা মণিপুৰ বিধানসভাৰ এদিনীয়া অধিবেশন

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 10:32 AM IST

বহু জল্পনা কল্পনাৰ অন্তত 29 আগষ্ট, দিনৰ 11 বজাৰ পৰা মণিপুৰৰ এদিনীয়া বিশেষ বিধানসভা অধিবেশন অনুষ্ঠিত হ’ব । যদিও কংগ্ৰেছৰ লগতে বিজেপিৰ মন্ত্ৰী আৰু কুকি বিধায়কসহ 16 গৰাকী বিধায়কে এই বিধানসভাত বিৰোধিতা কৰিব বুলি সদৰী কৰিছে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে ।

Manipur Legislative Assembly begins at 11 pm today
আজি 11 বজাৰ পৰা আৰম্ভ মণিপুৰ বিধানসভাৰ এদিনীয়া অধিবেশন

তেজপুৰ, 29 আগষ্ট: বহু প্ৰতীক্ষাৰ অন্ত পেলাই 29 আগষ্ট, দিনৰ 11 বজাৰ পৰা মণিপুৰৰ এদিনীয়া বিশেষ বিধানসভা অধিবেশন অনুষ্ঠিত হ’ব । যোৱা 22 আগষ্টত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে দ্বাদশ মণিপুৰ বিধানসভা চতুৰ্থ অধিবেশন আৰম্ভ হ’ব বুলি চমন জাৰী কৰিছিল ৷

ইফালে অধিবেশনৰ প্ৰাকক্ষণত মণিপুৰ আৰক্ষীয়ে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জিলাত অভিযান চলাই বিভিন্ন হিংসাত্মক কাৰ্যত জড়িত 3662 জন লোকক আটক কৰিবলৈ সক্ষম হৈছে । লগতে সোমবাৰলৈ 30 টা অস্ত্ৰ আৰু 16 টা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে । ইম্ফল-পূব, ইম্ফল-পশ্চিম, কাকচিং, থৌবাল, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ ফ্ৰিঞ্জ আৰু দুৰ্গম অঞ্চলত নিৰাপত্তাৰক্ষীয়ে ইম্ফল-পূব, ইম্ফলৰ পৰা 16 টা অস্ত্ৰ, 70 ৰাউণ্ড গুলী আৰু ইম্ফল-পশ্চিম আৰু কাংপোকপি জিলাৰ পৰা 16 টা বিস্ফোৰক উদ্ধাৰ কৰে ।

Manipur Legislative Assembly begins at 11 pm today
Manipur Legislative Assembly begins at 11 pm today

ইয়াৰোপৰি মণিপুৰৰ বিভিন্ন জিলাত, পাহাৰ আৰু উপত্যকা উভয়তে মুঠ 127 টা স্থানত নাকা/চেকপইণ্ট স্থাপন কৰা হৈছে আৰু বিভিন্ন জিলাত আইন উলংঘাৰ সৈতে জড়িত 2257 জন লোকক আৰক্ষীয়ে আটক কৰে । আনহাতে মণিপুৰৰ বিষ্ণুপুৰ, কাকচিং, থৌবাল, চুৰাচান্দপুৰ আৰু ইম্ফল পশ্চিম জিলাৰ ফ্ৰিঞ্জ আৰু দুৰ্গম অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

আনহাতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শাসকীয় বিধায়ক মন্ত্ৰীসকলৰ লগত মণিপুৰ মুখ্যমন্ত্ৰী সচিবলয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে । একে সময়তে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ চীফ লে.জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু তৃতীয় কৰ্পছৰ অধিনায়ক লে. জেনেৰেল এইছ এছ শাহি কে ধৰি উচ্চপদস্থ সেনা বাহিনীৰ বিষয়াৰ লগতো এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে কংগ্ৰেছৰ লগতে শাসনত থকা দুগৰাকী বিজেপিৰ মন্ত্ৰী আৰু কুকি বিধায়কসহ 16 গৰাকী বিধায়কে এই বিধানসভাত বিৰোধিতা কৰিব বুলি সদৰী কৰিছে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে । বিধায়ক কেইশাম মেঘাচন্দ্ৰ সিঙে কয় যে, এই বিধানসভা অধিবেশন সম্পূৰ্ণ অগণতান্ত্ৰিক । সাধাৰণতে বিধানসভা অধিবেশন আৰম্ভ হোৱাৰ 15 দিনৰ পূৰ্বে এক বিশেষ নটিফিকেচন দিয়া হয় কিন্তু মাত্ৰ 5 দিন পূৰ্বে বিধানসভা অধিবেশনৰ নিৰ্দেশ জাৰী কৰিছে ৷ কিন্তু নিৰ্দেশনাত উল্লেখ নাই যে এই অধিবেশন জৰুৰীকালীন নে বিশেষ বা সাধাৰণ অধিবেশন । তেওঁ দাবী কৰে যে, বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে আৰু হিংসা জৰ্জৰিত মণিপুৰৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে । ইতিমধ্যে কংগ্ৰেছ দলৰ বিধায়কে চি এল পি নেতৃত্বত এখন Private Resolution অধ্যক্ষক প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Manipur violence : মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ, ৩৬৬২ জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.