নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ : সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Omicron cases in India)। বুধবাৰে ভাৰতত অ'মিক্ৰণৰ ঘটনা ২১৮ টালৈ বৃদ্ধি হ'ল (India has registered 218 cases of Omicron)। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানত ৫ গৰাকীকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে অ'মিক্ৰণত ।
ইয়াৰে এগৰাকী তিৰুপতি আৰু ৪ গৰাকী জয়পুৰত ধৰা পৰিছে । এতিয়ালৈ অ'মিক্ৰণত আক্ৰান্ত ৰোগী ভাৰতৰ ১৫ খন ৰাজ্যত ধৰা পৰিছে । বুধবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অ'মিক্ৰণত আক্ৰান্ত ৯০ গৰাকী সুস্থ হৈ উঠিছে ।
ইফালে দিল্লীত এতিয়াও সৰ্বাধিক ৫৭ গৰাকী অ'মিক্ৰণত আক্ৰান্ত ৰোগী আছে । সমান্তৰালকৈ মহাৰাষ্ট্ৰত ৫৪ গৰাকী, তেলেংগানাত ২৪ গৰাকী, কৰ্ণাটকত ১৯ গৰাকী, ৰাজস্থানত ২২ গৰাকী, কেৰালাত ১৫ গৰাকী আৰু গুজৰাটত ১৪ গৰাকী অ'মিক্ৰণত আক্ৰান্ত ৰোগী আছে ।
জানিব পৰা মতে ভাৰতত অ'মিক্ৰণৰ ঘটনা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত নতুনকৈ ৬,৩১৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে (India reported 6317 new Covid-19 cases)। ইয়াৰ লগে লগে দেশত ক'ভিড-১৯ ৰোগীৰ সংখ্যা ৩,৪৭,৫৮,৪৮১ লৈ বৃদ্ধি পাইছে । আনহাতে দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭৮,১৯০ টা ।
যোৱা ২৪ ঘণ্টাত দেশত ৩১৮ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ ফলত দেশত মুঠ ক'ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা হ'লগৈ ৪,৭৮,৩২৫ টা । দেশত আৰোগ্যৰ হাৰ ৯৮.৪০ শতাংশলৈ বৃদ্ধি হৈছে ।
ক'ভিড সংক্ৰমণৰ সমান্তৰালকৈ দেশত টীকাকৰণ অভিযানো অব্যাহত আছে । বুধবাৰে পুৱালৈ ভাৰতত মুঠ ১৩৮.৯৬ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ওচৰত এতিয়াও ১৭.৭৩ কোটিতকৈও অধিক ক'ভিড প্ৰতিষেধকৰ পালি মজুত আছে ।
লগতে পঢ়ক :Omicron in India : 31 ডিচেম্বৰলৈকে অব্যাহত থাকিব নৈশ সান্ধ্য আইন