ETV Bharat / bharat

ৰবি দহিয়াৰ নামেৰে নামাকৰণ কৰা হ'ব এখন বিশেষ বিদ্যালয় - টকিঅ' অলিম্পিক গেমছ

অচিৰেই এখন বিদ্যালয়ৰ নাম নামাকৰণ কৰা হ’ব ৰবি দহিয়াৰ নামেৰে ৷ আদৰ্শ নগৰত থকা এই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়খনক ৰবি দহিয়া বালক বিদ্যালয় হিচাপে নামাকৰণ কৰা হ'ব ।

Olympic medallist Ravi Dahiya's school to be renamed after him
ৰবি দহিয়াৰ নামেৰে পুনৰ নামকৰণ কৰা হ'ব তেওঁ পঢ়া বিদ্যালয়
author img

By

Published : Aug 18, 2021, 1:38 PM IST

স্প’ৰ্টছ ডেস্ক, ১৮ আগষ্ট : অলিম্পিকত ৰূপক পদক জয় কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা মল্লযোদ্ধা ৰবি কুমাৰ দহিয়া(Ravi Kumar Dahiya)ৰ নামত পুনৰ নামকৰণ কৰা হ'ব দিল্লীৰ আদৰ্শ নগৰৰ এখন চৰকাৰী বিদ্যালয় । আদৰ্শ নগৰত থকা এই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়খনক ৰবি দহিয়া বালক বিদ্যালয় হিচাপে নামকৰণ কৰা হ'ব । সোনিপতৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা দহিয়াই এই বিদ্যালয়খনত অধ্যয়ন কৰিছিল । মঙলবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই এই কথা প্ৰকাশ কৰে ।

মঙলবাৰে ৰবি দহিয়াই বিদ্যালয়খন ভ্ৰমণৰ সময়তে দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । বিদ্যালয়খনত উপস্থিত হোৱাৰ সময়ত ৰবি দহিয়াক বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আদৰণি জনায় । চিছোদিয়াই টুইটযোগে জনোৱা মতে, ৰবি দহিয়াই বিদ্যালয়খন ভ্ৰমণৰ সময়খিনি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে আৱেগিক মুহুৰ্ত আছিল ।

টুইটযোগে তেওঁ প্ৰকাশ কৰে যে, এই বিদ্যালয়খন ৰবি দহিয়া বালক বিদ্যালয় হিচাপে পুনৰ নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে ।

  • ओलिंपिक में सिल्वर मेडल विजेता रवि दाहिया का आज उनके स्कूल - राजकीय बाल विद्यालय, आदर्श नगर, में सम्मान किया गया. अपने स्कूल लौटे रवि दहिया के अध्यापकों के लिए यह भावुक क्षण था.

    सरकार ने तय किया है कि दिल्ली के इस सरकारी स्कूल का नाम अब रवि दाहिया बाल विद्यालय होगा. pic.twitter.com/1C2bScgyTW

    — Manish Sisodia (@msisodia) August 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, শেহতীয়াকৈ টকিঅ'ত অনুষ্ঠিত অলিম্পিক গেমছত ২৩ বছৰীয়া মল্লযোদ্ধাগৰাকীয়ে ৰূপৰ পদক অৰ্জন কৰে । মল্লযুঁজৰ ৫৭ কিল’গ্ৰাম ফ্ৰী ষ্টাইল শাখাৰ ফাইনেলত ৰাছিয়ান অলিম্পিক কমিটিৰ জাভুৰ উগুয়েভৰ হাতত পৰাজিত হয় ভাৰতীয় মল্লযোদ্ধাগৰাকী ।

লগতে পঢ়ক: কোন হ'ব ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.