নিউজ ডেস্ক, ৪ জুলাই : এক অলৌকিক ঘটনাত ওড়িশাৰ এগৰাকী মহিলাই তেওঁৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত হৈছে । ওড়িশাৰ এখন গাঁৱৰ পৰা তেওঁ নিৰুদ্দেশ হোৱাৰ ১৯ বছৰ পিছত তেওঁ নিজৰ পৰিয়ালৰ লোকসকলৰ সৈতে মিলিত হয় আৰু স্বামীক পুনৰ বিবাহ কৰায় ।
কটকৰ নিচন্তকইলি খণ্ডৰ ভচচান্দপুৰ গাঁৱৰ বাসিন্দা উৰ্মিলা পাৰিদা ২০০৪ চনত নিৰুদ্দেশ হৈছিল । যাৰ ফলত তেওঁৰ প্ৰিয়জনৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ পৰিছিল । তেওঁৰ পৰিয়ালৰ মতে, উক্ত বছৰ উৰ্মিলাই তেওঁৰ ভতিজাকক লগ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু পথ হেৰুৱাই তেওঁ ঘৰৰ ঠিকনা হেৰুৱাই পেলাইছিল । ইফালে পৰিয়ালৰ সদস্য তথা আত্মীয়সকলে তেওঁৰ সন্ধান উলিয়াবলৈ ব্যাপক প্ৰচেষ্টা কৰা সত্ত্বেও তেওঁৰ কোনো সন্ধান লাভ কৰা নাছিল ।
কিন্তু শেহতীয়াভাৱে সংঘটিত এক ঘটনাক্ৰমত নিৰুদ্দিষ্ট মহিলাগৰাকীক অলৌকিকভাৱে আৱিষ্কাৰ হয় । মহিলাগৰাকীৰ বিষয়ে এটা টুইটত তথ্য প্ৰকাশ পায় । তাত কোৱা হৈছিল যে এগৰাকী মহিলা টিগিৰা চহৰৰ এছবিআই এটিএম কাউণ্টাৰৰ বাহিৰত অসহায় হৈ পৰি আছে । তাৰ ঠিক পিছতে কুৰুন্তী গাঁৱৰ শ্ৰীমন্দিৰ সেৱাশ্ৰামৰ প্ৰতিষ্ঠাপক শিৱ শংকৰৰ সদস্যসকলে অষ্টগড়ৰ তিগিৰিয়াৰ এটিএম কাউণ্টাৰত উপস্থিত হৈ উৰ্মিলাক তেওঁলোকৰ আশ্ৰমলৈ লৈ যায় ।
তাত তেওঁক ডেৰ মাহ ধৰি সেৱা-শুশ্ৰূষা কৰা হয় । যাৰ ফলত তেওঁ লাহে লাহে স্মৃতিশক্তি ঘূৰাই পায় আৰু তেওঁৰ নিজৰ নাম আৰু মাকৰ নাম মনত পেলাবলৈ সক্ষম হয় । উৰ্মিলাৰ পুনৰুদ্ধাৰৰ এই সমগ্ৰ ঘটনাক্ৰমৰ এটা ভিডিঅ' প্ৰতিষ্ঠানটোৱে ৰেকৰ্ড কৰি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।
"এজন ব্যক্তিয়ে তিগিৰা চহৰৰ এছবিআই এটিএম কাউণ্টাৰৰ বাহিৰত এগৰাকী মহিলা অসহায় অৱস্থাত পৰি থকাৰ বিষয়ে টুইট কৰিছিল আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগৰ গোচৰ ৰুজু কৰিছিল । ৰাজ্য চৰকাৰে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে । তেওঁ বিডিঅ' আৰু বিএছএছঅ'ক মহিলাগৰাকীৰ যত্ন ল'বলৈ নিৰ্দেশ দিয়ে । আমাৰ সদস্যসকলেও ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে ।" এন ৱাই শ্ৰীমন্দিৰ সেৱাশ্ৰমৰ প্ৰতিষ্ঠাপক শিৱ শংকৰ দাসে কয় ।
ইফালে উৰ্মিলাৰ পৰিয়ালৰ সদস্যসকলে ভিডিঅ'টো লাভ কৰে আৰু তেওঁক চিনাক্ত কৰিবলৈ সক্ষম হয় । লগে লগে আনন্দ আৰু এক প্ৰকাৰ সকাহত অভিভূত হৈ তেওঁলোকে সেৱাশ্ৰমৰ সৈতে যোগাযোগ কৰি তেওঁৰ পৰিচয় নিশ্চিত কৰে । প্ৰায় দুটা দশকৰ বিচ্ছেদৰ পিছত উৰ্মিলাৰ অৱশেষত তেওঁৰ পৰিয়ালৰ সৈতে পুনৰ মিলন হয় । কটক সদৰ আৰক্ষী থানাৰ অধীনৰ কুৰাং ঘামৰ জগন্নাথ মন্দিৰৰ চৌহদৰ ভিতৰত এক আৱেগিক পৰিৱেশত এই পুনৰ্মিলন ঘটে ।
"পৰিয়ালটোৰ সৈতে তেওঁৰ পুনৰ মিলনে সকলোৰে চকু সেমেকাই তুলিছিল । তেওঁৰ স্বামীয়ে তেওঁক ভগৱান জগন্নাথৰ সন্মুখত পুনৰ বিয়া কৰায় । এইটো সঁচাকৈয়ে এক হৃদয়স্পৰ্শী মুহূৰ্ত আছিল আৰু আমি সঁচাকৈয়ে সুখী যে আমি এই পুনৰ্মিলন ঘটনাৰ অংশ হৈ পৰিছোঁ ।" আশ্ৰমৰ এজন সদস্যই কয় ।
উল্লেখ্য যে উৰ্মিলা নিৰুদ্দেশ হোৱাৰ ফলত পৰিয়ালটোৱে কিছু স্থায়ী আঘাতৰ সন্মুখীন হৈছিল । তেওঁৰ জীয়াৰী ডুনাকিনীয়ে ইতিমধ্যে ঘৰ এৰি গৈছে আৰু তেওঁৰ পুত্ৰ জগবন্ধুকো বিচাৰি পোৱা নগ'ল । উৰ্মিলাৰ এই পুনৰ্মিলনে নিশ্চিতভাৱে কিছু আঘাত লাঘৱ কৰিব ।
লগতে পঢ়ক :Wrestler sexually assaulted case : নাবালিকা মল্লযুঁজাৰু আৰু পিতৃক আদালতৰ জাননী