ETV Bharat / bharat

Odisha train tragedy: কিয় হ’ল দুৰ্ঘটনা ? যান্ত্ৰিক বিজুতি নে ৰে’ল কৰ্মীৰ ভুল ?

author img

By

Published : Jun 3, 2023, 7:54 PM IST

Updated : Jun 3, 2023, 10:06 PM IST

প্ৰকৃততে কাৰ ভুলৰ বাবে ওড়িশাত সংঘটিত হ’ল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা (Odisha train collision) ? কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ’ল 288 গৰাকী যাত্ৰীয়ে ? পঢ়ক এই প্ৰতিবেদন ৷

Odisha train tragedy
Odisha train tragedy

নেশ্যনেল ডেস্ক, 3 জুন: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ মূল কাৰণ কি আছিল ? অভিশাপ লগা ক’ৰ’মণ্ডল এক্সপ্ৰেছখন কাৰ ভুলৰ বাবে পতিত হ’ল দুৰ্ঘটনাত ? সম্প্ৰতি এনে বহু প্ৰশ্নই উত্থাপন হৈছে ৷ তিনিখন ৰে’ল দুৰ্ঘটনাত পতিত হোৱাৰ ঘটনাই সাধাৰণ ৰাইজৰ মনতো সৃষ্টি কৰিছে প্ৰশ্নৰ (Cause of Odisha train accident) ৷

যদিহে উভতি যোৱা চোৱা যায় তেন্তে দেখা যায় যে 14 বছৰ পূৰ্বে ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ আন এখন ৰে’ল দুৰ্ঘটনাত পতিত হৈছিল ওড়িশাতে ৷ তাৰ পচতো যেন শিক্ষা নল’লে ৰে’লৱে কৰ্তৃপক্ষই ৷ শুকুৰবাৰৰ এই দুৰ্ঘটনা প্ৰকৃততে কাৰিকৰী বিজুতি নে মানুহৰ ভুলৰ বাবে সংঘটিত হ’ল ! ‘ব্লেক ফ্ৰাইডে’ বুলি গণ্য কৰা শুকুৰবাৰে সন্ধিয়াৰ এই দুৰ্ঘটনা আছিল দেশৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ভিতৰত অন্যতম আছিল (Odisha train accident)।

চৰকাৰী সূত্ৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্থত ক’ৰ’মণ্ডল এক্সপ্ৰেছখনত ১,২৫৭ জনতকৈও অধিক আসন সংৰক্ষিত যাত্ৰীৰ বিপৰীতে যশৱন্তপুৰ এক্সপ্ৰেছত ১,০৩৯ জন আসন সংৰক্ষিত যাত্ৰী আছিল (Bahanaga train accident) ।

ওড়িশাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ মূল কাৰণৰ ভিতৰত নিৰ্দেশনা ব্যৱস্থাত (Signal System) আঁসোৱাহৰ বাবে তিনিখনকৈ ৰে’ল দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ ইয়াৰে দুয়োখন যাত্ৰীবাহী ৰে’ল তীব্ৰবেগ আছিল ৷ তিনিখন ৰে’লৰ সংঘৰ্ষ হোৱাৰ সময়ত সমগ্ৰ অঞ্চলটো কঁপি উঠিছিল ৷

অৱশ্যে, দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হৈছিল সেই বিষয়ে বিভিন্নলোকে বিভিন্ন মত পোষণ কৰিছে । প্ৰথমে, বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছখন লাইনচ্যুত হয় আৰু কেইবাটাও ডবা কাষৰ ট্ৰেকত পৰি যায় । শ্বালিমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছে খুণ্ডা মাৰিছিল বাগৰি পৰা ডবাত । তাৰ পিচত, ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ডবাই কাষৰ ট্ৰেকত চলি থকা এখন মালবাহী ৰে’লত খুন্দা মাৰিছিল । ফলত তিনিখনকৈ ৰে’ল দুৰ্ঘটনাত পতিত হৈছিল (Balasore train accident) ৷

অৱশ্যে ৰে'লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই বিপৰীত মন্তব্য কৰিছে । তেওঁ কয় যে প্ৰথমে ৰখাই থোৱা মালবাহী ৰে’লখনত খুন্দা মৰাৰ পিচত ক’ৰ’মণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হৈছিল আৰু তাৰ পিচত বেংগালুৰু-হাওৰা চুপাৰফাষ্ট ৰে’লখনে খুন্দা মাৰিছিল ৷

যদি ৰে'ল বিষয়াজনে কোৱা কথাটো সঁচা হয়, তেন্তে সামগ্ৰী কঢ়িওৱা ৰে’লখন ৰখা ট্ৰেকত কেনেকৈ ক’ৰ’মণ্ডল এক্সপ্ৰেছক চলাচলৰ বাবে অনুমতি দিয়া হৈছিল ? নিৰ্দেশনা ব্যৱস্থাত খেলিমেলি থকাৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ এতিয়া প্ৰৱল হৈ পৰিছে ৷ উচ্চ পৰ্যায়ৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: PM Modi on Odisha Train Crash : দোষীয়ে কঠোৰতম শাস্তি পাব, প্ৰধানমন্ত্ৰী মোদী

Last Updated : Jun 3, 2023, 10:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.