নেশ্যনেল ডেস্ক,৪ জুন : ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ইতিমধ্যে ২৮৮ অতিক্ৰম কৰিছে (Death toll rises in train accident)। তাৰ ভিতৰত আছে প্ৰায় ১৬০ টা অচিনাক্ত মৃতদেহ । ভুৱনেশ্বৰৰ ডিচিপি প্ৰতীক গীতা সিঙে জনোৱা মতে অচিনাক্ত মৃতদেহৰ ভিতৰত ১০০ টা এইমছ ভুৱনেশ্বৰত ৰখা হ'ব । বাকী অচিনাক্ত মৃতদেহবোৰ ভুৱনেশ্বৰৰ বিভিন্ন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হ'ব ।
ডিচিপিয়ে জনোৱা মতে মৃত্যু হোৱা ২৮৮ গৰাকী যাত্ৰীৰ ভিতৰত, এতিয়ালৈকে ১৬০ টা মৃতদেহ এতিয়ালৈ চিনাক্ত হোৱা নাই (Unidentified bodies of passengers in Odisha)। যিবোৰ মৃতদেহ চিনাক্ত হৈছে সেইবোৰ নিজ নিজ ঠিকনালৈ প্ৰেৰণ কৰা হৈছে । যিহেতু বালাছোৰত কোনো মৰ্গৰ সুবিধা নাই সেয়েহে ভুৱনেশ্বৰৰ বিভিন্ন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ১৬০ টা মৃতদেহ ৰখা হ'ব ।
তাৰ পৰা সৰ্বাধিক ১০০ টা মৃতদেহ এইমছ ভুৱনেশ্বৰত ৰখা হ'ব (100 bodies will be kept at AIIMS Bhubaneshwar)। কটকৰ ডিচিপি সিঙে জনোৱা মতে বাকী মৃতদেহ কেআইএমএছ, এছইউএম, হাইটেক, কেপিটেল হস্পিটেল আৰু এছচিবি চিকিৎসা মহাবিদ্যালয়ত ৰখা হ'ব ।
তেওঁ লগতে কয় যে অচিনাক্ত যাত্ৰীসকলৰ ফটোৰ সৈতে ২৪ ঘণ্টাই উপলব্ধ এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছে । ভুক্তভোগী পৰিয়ালে আত্মীয়ৰ মৃতদেহ চিনাক্ত কৰাৰ বাবে ভুৱনেশ্বৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰিব । ইফালে, বালাছোৰৰ পৰা ভুক্তভোগী যাত্ৰীসকলক লৈ যোৱা এখন বিশেষ ৰে'ল দেওবাৰে পুৱা চেন্নাইত উপস্থিত হয় । তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰীৰ মতে ৰে'লখনত অহা সকলো যাত্ৰী সুৰক্ষিত আৰু তেওঁলোকক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে ।
তেওঁলোকৰ ৭ গৰাকী যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত আৰু ২ জনক গুৰুতৰভাৱে আহত । যাৰবাবে তেওঁলোকৰ চিকিৎসা চলাই থকা হৈছে । মন্ত্ৰীগৰাকী উল্লেখ কৰা মতে তেওঁলোকক এক্স-ৰে আৰু অন্যান্য চিকিৎসাৰ বাবে ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । তেওঁ লগতে কয় যে চিকিৎসা গ্ৰহণ কৰাৰ পাচত সকলো যাত্ৰীকে তেওঁলোকৰ নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হ'ব ।
লগতে পঢ়ক :Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ