ETV Bharat / bharat

Ponzi Scam Case:বলীউডৰ ছুপাৰষ্টাৰ গোবিন্দাক জেৰা কৰিব পাৰে ওড়িশাৰ EOW ৱে - এছ টি এ

অনলাইন ক্ৰিপ্টো পঞ্জী কেলেংকাৰী সন্দৰ্ভত বলীউডৰ অভিনেতা গোবিন্দাৰ নাম সাঙোৰ খাইছে । ওড়িশা ইকনমিক অফেন্সেছ উইঙ (EOW)ৰ মতে, ১০০০ কোটি টকাৰ প্যান ইণ্ডিয়ান ইণ্টাৰনেট পঞ্জী আঁচনিৰ তদন্তৰ সন্দৰ্ভত বলীউডৰ অভিনেতা গোবিন্দাক সোধা-পোছা কৰাৰ সম্ভাৱনা আছে । অভিনেতাজনে কোম্পানীটোক সমৰ্থন কৰা বুলি জানিব পৰা গৈছে আৰু এই অনুশীলনৰ বাবে তেওঁক জেৰা কৰা হ’ব পাৰে ।

Ponzi Scam Case
গোবিন্দাক জেৰা কৰিব পাৰে ওড়িশাৰ EOW ৱে
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 9:30 PM IST

চিটাৰা ডেস্ক, 14 ছেপ্টেম্বৰ : ওড়িশা ইকনমিক অফেন্স উইঙে ঘোষণা কৰিছে যে তেওঁলোকে বলীউডৰ অভিনেতা গোবিন্দাৰ ওপৰত ১০০০ কোটি টকাৰ বৃহৎ প্যান ইণ্ডিয়ান ইণ্টাৰনেট পঞ্জী আঁচনিৰ তদন্তৰ অংশ হিচাপে তেওঁক সোধা-পোছা কৰিব । কোম্পানীটোৰ কাৰ্যকলাপৰ বিষয়ে অধিক জানিবলৈ EOW ৰ বিষয়াসকলে বলীউডৰ চেলিব্ৰিটি গোবিন্দাক প্ৰশ্ন কৰিব, কিয়নো অভিনেতাগৰাকীয়ে প্ৰচাৰমূলক ভিডিঅ’ত কোম্পানীটোৰ কাৰ্যকলাপক সমৰ্থন জনাইছিল ।

কৰ্তৃপক্ষই দাবী কৰিছে যে বিশ্বব্যাপী জনাজাত ছ’লাৰ টেকন’ এলায়েন্স (Solar Techno Alliance (STA Token) এই কেলেংকাৰীৰ সৈতে জড়িত আছে । অভিযোগ অনুসৰি ব্যৱসায়টোৱে অবৈধ অনলাইন পঞ্জী আঁচনি চলাই ক্ৰিপ্টোকাৰেঞ্চি বিনিয়োগ কোম্পানী হোৱাৰ অভিনয় কৰিছিল । এইদৰে ই সমগ্ৰ ভাৰতৰ প্ৰায় ২ লাখ লোকৰ পৰা মুঠ ১০০০ কোটি অনাধিকৃত ধন সংগ্ৰহ কৰিছিল ।

ই অ’ ডব্লিউৰ মহাপৰিদৰ্শক জে এন পংকজে আই এ এন এছক জনোৱা মতে, ‘জুলাই মাহত গোৱাৰ এখন বিলাসী ষ্টাৰ হোটেল (বেংকেট হল)ত আয়োজিত এছ টি এ Solar Techno Alliance ৰ মেগা ইভেণ্টত অংশগ্ৰহণ কৰা অভিনেতাগৰাকীক আমি জেৰা কৰিম । এই সভাত ওড়িশাৰ বহু লোককে ধৰি হাজাৰৰো অধিক অৱ্-লাইন সদস্যই অংশগ্ৰহণ কৰিছিল । চলচ্চিত্ৰ তাৰকা গোবিন্দাই এছ টি এৰ প্ৰচাৰৰ কিছু ভিডিঅ’ও মুকলি কৰিছিল । আমি জানিবলৈ চেষ্টা কৰিম এই কেলেংকাৰিত তেওঁ কিমান দূৰ জড়িত । যদি কেৱল সমৰ্থন কৰিবলৈয়ে তেওঁ ইয়াৰ লগত জড়িত হৈছিল, তেন্তে আমি তেওঁক গোচৰটোৰ সাক্ষী হিচাপে ব্যৱহাৰ কৰিব পাৰো ।’

তেওঁ কয় যে গোবিন্দাক জেৰা কৰাৰ পূৰ্বে ই অ’ ডব্লিউৱে এছ টি এৰ আন কেইবাজনো সদস্যক জেৰা কৰিব লাগিব যিসকল এতিয়াও পলাতক হৈ আছে । তেওঁ কয় যে ই অ’ ডব্লিউৰ বিভিন্ন দলে অতি সোনকালে পঞ্জাৱ, ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰি এছ টি এৰ বিত্তীয় আৰু কাৰিকৰী মুৰব্বীকে ধৰি ঘটনাৰ আঁৰৰ মাষ্টাৰমাইণ্ডৰ পলাতক গুৰুত্বপূৰ্ণ সহযোগীসকলক গ্ৰেপ্তাৰ কৰিব । পিচত আমি কোম্পানীটোৰ ৰাজ্যিক মুৰব্বীকো গ্ৰেপ্তাৰ কৰিম । তেওঁ কয় যে ওড়িশা আৰক্ষীয়ে এই কেলেংকাৰী উদঙাই দিয়াৰ পিচত এছ টি এৰ সকলো শীৰ্ষ বিষয়াই মোবাইল বন্ধ কৰি আত্মগোপন কৰি আছে । তেওঁ কয়, ‘তেওঁলোকৰ এজনে আনকি দেশ এৰি পলায়ন কৰিবলৈও সক্ষম হৈছে, গতিকে আমি এছ টি এৰ তিনিজন শীৰ্ষ সদস্যৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ (এল অ’ চি) জাৰি কৰিছো ।

ইয়াৰ পূৰ্বে ৭ আগষ্টত ভাৰত আৰু ওড়িশাৰ ব্যৱসায়ী নেতা ক্ৰমে গুৰতেজ সিং সিদ্ধু আৰু নিৰোদ দাসক ই অ’ ডব্লিউৱে আটক কৰি ৰাখিছিল । ভুৱনেশ্বৰৰ বিনিয়োগ উপদেষ্টা ৰত্নাকৰ পালাইকো সিদ্ধুৰ সৈতে সম্পৰ্ক থকাৰ বাবে ১৬ আগষ্টত আটক কৰি ৰখা হৈছিল । কোম্পানীটোৰ চিইঅ’ হাংগেৰীৰ নাগৰিক ডেভিদ গেজ আৰু ৰাজস্থানৰ আন তিনিজন ভাৰতীয় কাৰ্যবাহী ক্ৰমে কৃষ্ণ কুমাৰ, অনিল কুমাৰ, আৰু ভূৰা ৰামৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰা হৈছে ।

আপোনালোকক জনাও যে ওড়িশাৰ ভুৱনেশ্বৰ, ভদ্ৰক, বালেশ্বৰ, ময়ুৰভঞ্জ, জাজপুৰ, কেন্দ্ৰপাৰা আৰু কেন্দুঝাৰ জিলাৰ ১০ হাজাৰৰো অধিক লোকে পঞ্জী কেলেংকাৰীত প্ৰায় ৩০ কোটি টকা বিনিয়োগ কৰা বুলি অভিযোগ উঠিছে । মূলত: পঞ্জাৱ, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড, হাৰিয়ানা, দিল্লী, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু অসমৰ দৰে ৰাজ্যত STA ৰ দুই লাখৰো অধিক সদস্য আছে । আৰ বি আইৰ অনুমতি অবিহনে সদস্যৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰিছে শ শ কোটি টকা ৷ নেপাল, ডুবাই আৰু হাংগেৰীৰ বহু লোকেও এছ টি এত বিনিয়োগ কৰিছে ।

লগতে পঢ়ক : পুত্ৰৰ অভিনয় কেৰিয়াৰ সন্দৰ্ভত এই মন্তব্য দিলে অভিনেতা গোবিন্দাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.