ETV Bharat / bharat

গুলাব ঘূৰ্ণীবতাহকলৈ আতংক : পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোডীয়ে

তীব্ৰ গতিত ভাৰতৰ উপকূল অঞ্চললৈ আগবাঢ়িছে ঘূৰ্ণীবতাহ গুলাব । হাই এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো ৰাজ্যত । অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোন যোগে পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

author img

By

Published : Sep 26, 2021, 6:22 PM IST

Cyclone Gulab
পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোডীয়ে

নেশ্যনেল ডেস্ক, ২৬ ছেপ্টেম্বৰ : ক'ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ভাৰতৰ সন্মুখত আন এক প্ৰত্যাহ্বান । প্ৰত্যাহ্বানৰ ৰূপত আহিছে ঘূৰ্ণীবতাহ 'গুলাব'(Cyclone Gulab)। ইতিমধ্যে কেইবাখনো ৰাজ্যত প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে । সম্প্ৰতি অন্ধ্ৰপ্ৰদেশ, ওড়িশা, পশ্চিমবংগৰ উপকূলত ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ আশংকা কৰি বিশেষ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) ।

  • Spoke to Andhra Pradesh CM Shri @ysjagan and took stock of the situation arising in the wake of Cyclone Gulab. Assured all possible support from the Centre. I pray for everyone’s safety and well-being.

    — Narendra Modi (@narendramodi) September 26, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগে লগে ৰাজ্য কেইখনৰ চৰকাৰ তথা প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । ইফালে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ পৰা (Jagan Mohan Reddy) ফোনযোগে সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) । কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো সম্ভৱ সমৰ্থন আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটযোগে সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনায় ।

ইফালে অহা ১২ ঘণ্টাৰ ভিতৰত গুলাব ঘূৰ্ণীবতাহে উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশা উপকূলত খুন্দা মৰাৰ আশংকা কৰা হৈছে । যাৰ বাবে ভাৰতীয় নৌসেনাই (Indian Navy) ঘূৰ্ণীবতাহৰ গতিবিধি গভীৰভাৱে নিৰীক্ষণ কৰি আছে ।

ইষ্টাৰ্ণ নেভেল কামাণ্ডৰ মুখ্য কাৰ্যালয় আৰু নৌ সেনাৰ ভাৰপ্ৰাপ্ত বিষয়াই ওড়িশা অঞ্চলত ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতিমূলক কাৰ্যকলাপ চলাইছে আৰু প্ৰয়োজন অনুসৰি সহায় আগবঢ়োৱাৰ বাবে ৰাজ্যখনৰ প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে । ঘূৰ্ণীবতাহৰ সৈতে মোকাবিলা কৰিবলৈ ওড়িশাত বান সাহায্য দল আৰু ডাইভিং দলে তৎপৰতা চলাইছে আৰু তাৎক্ষণিক সহায়ৰ বাবে বিশাখাপট্টনমত সাজু হৈ আছে ।

বেছিকৈ প্ৰভাৱিত অঞ্চলবোৰত সহায় আগবঢ়োৱাৰ বাবে দুখন নৌ সেনাৰ জাহাজ খাদ্য, আন সাহায্য সামগ্ৰী আৰু চিকিৎসকৰ দলৰ সৈতে সাগৰত অৱস্থান কৰিছে । প্ৰভাৱিত অঞ্চলবোৰৰ পৰা তাৎক্ষণিক উদ্ধাৰ অভিযানৰ বাবে নৌ সেনাৰ বিমান ষ্টেচন ক্ৰমে বিশাখাপট্টনমৰ আইএনএছ ডেগা (INS Dega) আৰু চেন্নাইৰ ওচৰৰ আইএনএছ ৰজালী (INS Rajali) সাজু কৰি ৰখা হৈছে ।

লগতে পঢ়ক :আহি আছে গুলাব...হাই এলাৰ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.