ETV Bharat / bharat

মণিপুৰত মাৰণাস্ত্ৰসহ আটক NSCN, কুকি উগ্ৰপন্থী - কাংপোকপি জিলা

শেহতীয়াকৈ মণিপুৰত আটক চাৰি কুকি উগ্ৰপন্থীৰ লগতে এজন শীৰ্ষ NSCN-IM কেডাৰ ৷ ধৃত দলটোৰ পৰা মাৰণাস্ত্ৰৰ লগতে সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে চলোৱা আন এক অভিযানত অসম ৰাইফলছে মণিপুৰৰ সেনাপতি জিলাৰ মাৰামত 2 নং ৰাষ্ট্ৰীয় ঘাইপথত National Socialist Council of Nagalim অৰ্থাৎ ইছাক মুইভাৰ এজন শীৰ্ষ কেডাৰক আটক কৰে ৷

NSCN, Kuki militants held in Manipur with arms

author img

By

Published : Sep 26, 2021, 9:37 AM IST

নেশ্যনেল ডেস্ক, 26 ছেপ্তেম্বৰ : শনিবাৰে মণিপুৰত আৰক্ষীৰ সফল অভিযান ৷ অভিযানটোৰ জৰিয়তে এটা কুকি উগ্ৰপন্থী সংগঠনৰ চাৰিজন সদস্যৰ লগতে NSCN-IM ৰ এজন শীৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীয়ে ধৃত উগ্ৰপন্থীৰ দলটোৰ পৰা মাৰণাস্ত্ৰৰ লগতে সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই অভিযানৰ কথা সদৰী কৰিছে ৰাজ্যখনৰ আৰক্ষীৰ শীৰ্ষ নেতৃত্বই ৷

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, কুকি উগ্ৰপন্থী সংগঠন (মাং খোলাম কিপগেন গোট) ৰ চাৰিজন সশস্ত্ৰ উগ্ৰপন্থীক কাংপোকপি জিলাৰ অন্তৰ্গত গোপীবুং গাঁৱৰ সমীপৰ ঘন জংঘলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ অসম ৰাইফলছ আৰু আৰক্ষীৰ যুটীয়া এই অভিযানত দুটা ৯ mm পিষ্টলৰ লগতে সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ৷

আন এক পৃথক অভিযানত অসম ৰাইফলছৰ জোৱানসকলে নাগালেণ্ডৰ সীমান্তৱৰ্তী মণিপুৰৰ সেনাপতি জিলাৰ মাৰামৰ 2 নং ৰাষ্ট্ৰীয় ঘাইপথত National Socialist Council of Nagalim অৰ্থাৎ ইছাক-মুইভাৰ এজন শীৰ্ষ কেডাৰক আটক কৰে ৷

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই সদৰী কৰা অনুসৰি, NSCN (IM) কেডাৰজনে ২০০২ চনৰ পৰা সংগঠনটোৰ বাবে কাম কৰি অহা বুলি জেৰাত প্ৰকাশ কৰিছে ৷ তদুপৰি আন এজন কেডাৰৰ সৈতে যোৱা দুমাহ ধৰি ধন দাবী আৰু কৰ সংগ্ৰহৰ দৰে কাৰ্যত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ৷ কেডাৰজনৰ সহযোগীজনে আৰক্ষীক দেখা মাত্ৰকে সংগ্ৰহিত ধনৰ সৈতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

লগতে চাওক: বিশ্ব নদী দিৱস 2021

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.