ETV Bharat / bharat

NPP in Tripura : ত্ৰিপুৰাৰ ৰাজনীতিত NPP দলৰ সংযোজন

author img

By

Published : Jun 1, 2022, 4:54 PM IST

এতিয়াৰে পৰা ত্ৰিপুৰাৰ ৰাজনীতিত এনপিপি দলৰ কাৰ্যকলাপ আৰম্ভ । জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত গঠন হ'ল এনপিপি দলৰ ত্ৰিপুৰা গোট (NPP launches Tripura state unit)। মণিপুৰ বিধান সভাৰ বিধায়ক তথা ত্ৰিপুৰাৰ ভাৰপ্ৰাপ্ত বিষয়া এম ৰামেশ্বৰ সিঙে দলটোৰ লক্ষ্যৰ বিষয়ে অৱগত কৰে । আহি থকা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব দলটোৱে ।

NPP in Tripura
ত্ৰিপুৰাৰ ৰাজনীতিত NPP দলৰ সংযোজন

আগৰতলা,১ জুন : ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন সমাগত (Tripura assembly election 2023)। প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত । তেনে সময়তে ৰাজ্যখনলৈ এটাৰ পাছত আনটো দলৰ আগমন । দেশৰ অন্যতম নেচনেল পিপলছ পাৰ্টিয়ে ত্ৰিপুৰাৰ ৰাজনীতিত যোগদান কৰে (NPP party starts politics in Tripura)।

বুধবাৰে সংবাদমেলযোগে দলটোৱে ত্ৰিপুৰা কমিটি গঠন কৰাৰ কথা ঘোষণা কৰে (NPP launches Tripura state unit)। মণিপুৰ বিধান সভাৰ বিধায়ক তথা ত্ৰিপুৰাৰ ভাৰপ্ৰাপ্ত বিষয়া এম ৰামেশ্বৰ সিঙে দলটোৰ আগমনৰ কথা ঘোষণা কৰে । তেওঁ উল্লেখ কৰা মতে এনপিপি দলৰ শ্ল'গান হৈছে 'এক উত্তৰ-পূব এক কণ্ঠস্বৰ' ।

এম ৰামেশ্বৰ সিঙে উল্লেখ কৰা মতে দলটোৱে ত্ৰিপুৰাৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে কাম কৰিব বিচাৰে । দেশত উত্তৰ-পূৱৰ জনসাধাৰণক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে পি এ চাংমাই দলটো গঠন কৰিছিল আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু দলৰ সভাপতিৰ নেতৃত্বত দলটো আগবাঢ়িছে । তেওঁ উল্লেখ কৰা মতে উত্তৰ-পূবক আগুৱাই নিয়াৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ লোকসকলৰ বিকাশৰ বাবে দলটোৱে কাম কৰি আছে ।

এম ৰামেশ্বৰ সিঙে উল্লেখ কৰা মতে দলটোৰ মূল মন্ত্ৰ হৈছে উন্নয়নমূলক ৰাজনীতিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ বাবে উন্নয়ন সাধন কৰা । বিধায়কজনে লগতে কয় যে যদি মানুহে খোৱা পানী, স্বাস্থ্য সেৱা, উন্নত শিক্ষাৰ দৰে মৌলিক সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হয় তেন্তে উত্তৰ-পূৰ্বাঞ্চলত ৰাজনৈতিক দলটোৰ উদ্দেশ্য পূৰণ হ'ব । বিধায়কগৰাকীৰ মতে মণিপুৰ আৰু মেঘালয়ত দলটোৰ প্ৰদৰ্শন ৰাইজে প্ৰত্যক্ষ কৰিছে ।

ত্ৰিপুৰাতো দলটোৰ কাৰ্যকলাপ আৰম্ভ কৰাৰ প্ৰধান উদ্দেশ্য হৈছে উন্নয়ন । বিধায়কগৰাকীয়ে কয় যে দলটোৱে ত্ৰিপুৰাৰ অৰ্থনীতিৰ অন্যতম মুখ্য উপাদান হিচাপে চিহ্নিত ৭০ শতাংশ শ্ৰমিক শ্ৰেণীক নেতৃত্ব দিব । দলটোৱে সোনকালেই এনপিপি শ্ৰমিক সংঘ গঠন কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

ত্ৰিপুৰাৰ কৃষকসকলে যাতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব পাৰে সেই কথাৰ প্ৰতিও গুৰুত্ব দিব এনপিপি দলে । ত্ৰিপুৰাত ২০২৩ চনৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰি বিধায়ক সিঙে কয় যে দলটোৱে প্ৰতিটো বিধানসভা সমষ্টিতে অভিযান চলাব আৰু ত্ৰিপুৰাৰ কি প্ৰয়োজন সেয়া বুজিবলৈ সকলো সম্প্ৰদায়ৰ জৱসাধাৰণৰ সৈতে বাৰ্তালাপ কৰিব ।

অৱশ্যে, সংবাদমেল বিধায়কগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন (CAA) সম্পৰ্কে মন্তব্য দিয়াৰ পৰা বিৰত থাকে । তেওঁ উল্লেখ কৰা মতে দলটোৱে কেৱল ত্ৰিপুৰাৰ জনসাধাৰণৰ স্বাৰ্থৰ বাবেহে কাম কৰিব । বিতৰ্ক সৃষ্টি কৰিব পৰা আৰু ৰাজহুৱা স্বাৰ্থ বিৰোধী কোনো বিষয় দলটোৱে উত্থাপন নকৰে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাত ৫ জুনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আত্মসমৰ্পণকাৰী উগ্ৰপন্থীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.