ETV Bharat / bharat

আজিও ৰহস্য, পৰম্পৰা আৰু লোক বিশ্বাসৰ মাজত আৱদ্ধ হিমাচলৰ মালানা গাঁও - No Corona case in Malana

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ এখন গাওঁ য'ত মানুহে ভাৰতৰ সংবিধান অনুসৰণৰ সলনি পালন কৰি আহিছে তেওঁলোকৰ হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা । এতিয়াও গাঁওখনৰ সৈতে জড়িত আছে বহু আচৰিত নীতি-নিয়ম তথা বিশ্বাস, সবিশেষ জানো আহক (tradition and beliefs ) ৷

Now the Malana village of Himachal, bound in mystery, tradition and beliefs, is changing
এতিয়া ৰহস্য, পৰম্পৰা আৰু বিশ্বাসত আৱদ্ধ হিমাচলৰ এখন গাঁও
author img

By

Published : Apr 4, 2022, 9:52 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন । সংবিধানত দেশৰ মৌলিক-ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখা নিৰ্দিষ্ট কৰা হৈছে । দেশৰ প্ৰতিখন ৰাজ্য, চৰকাৰ আৰু নাগৰিকে সংবিধান মানি চলিবলৈ বাধ্য ৷ কিন্তু হিমাচল প্ৰদেশৰ কুল্লু জিলাত এখন গাওঁ আছে, য'ত মানুহে ভাৰতৰ সংবিধান অনুসৰণ নকৰাকৈ তেওঁলোকৰ হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা পালন কৰি আহিছে ।

প্ৰাচীন কালত, এই গাঁওখনত কিছুমান নিয়ম প্ৰস্তুত কৰা হৈছিল আৰু পিছত এই নিয়মবোৰ সংসদীয় ব্যৱস্থালৈ সলনি কৰা হৈছিল । গাঁওখনত আজিও অব্যাহত আছে শতিকা পুৰণি পৰম্পৰা । অৱশ্যে, ৰহস্য আৰু বিশ্বাসৰ মাজত আৱদ্ধ এই গাঁওখন এতিয়া সময়ৰ লগে লগে ক্ৰমান্বয়ে সলনি হৈ হ’ব ধৰিছে ।

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ মালানা গাঁও ইয়াৰ অনন্য সংস্কৃতি আৰু উপভাষাৰ বাবে বিখ্যাত ৷ অতি প্ৰাচীন কালৰে পৰা হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা পালন কৰি এই গাঁওখনত এতিয়া আধুনিকতাৰ প্ৰভাৱ পৰিব ধৰিছে । গাঁওখনত থকা কাঠৰ শৈলীৰ ঘৰ সমগ্ৰ বিশ্বতে বিখ্যাত ৷ কিন্তু আধুনিকতাৰ প্ৰভাৱত এতিয়া গাঁওখনত কাঠৰ শৈলীৰ ঘৰৰ ঠাইত কংক্ৰিটৰ ঘৰে স্থান লাভ কৰিব ধৰিছে ।

অৱশ্যে ইয়াৰ আঁৰত আছে এটা কাহিনী (History of malana village) ৷ প্ৰায় দুটা দশক পূৰ্বে, গোটেই গাঁওখন জুইত ভস্মীভূত হৈছিল ৷ বিগত বৰ্ষটো গাঁওখনত 18 টা ঘৰ জ্বলি ভস্মীভূত হৈছিল । ইয়াৰ পাছৰে পৰা কাঠৰ ঘৰত বাস কৰা মালানাৰ গাঁৱৰ বাসিন্দাসকলৰ ঘৰবোৰ কংক্ৰিটৰ ঘৰলৈ স্থানান্তৰিত কৰিছিল । অৱশ্যে সময়ৰ লগে লগে কাঠৰ উপলব্ধতা হ্ৰাস হোৱাটোও ইয়াৰ এটা কাৰণ হৈ পৰিছিল ।

মালানাৰ ঈশ্বৰ যমদগ্নি ঋষি: মালানাত যমদগ্নি ঋষি দেৱতাৰ এটা মন্দিৰ আছে, যাক ইয়াত দেৱতা জামলু বুলিও জনা যায় । যমদগ্নি আছিল বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ পিতৃ । এইটো বিশ্বাস কৰা হয় যে, ঋষি জামলুৱে ধ্যান কৰিবলৈ এটা নিৰ্জন ঠাই বিচাৰি আছিল । এনে স্থানৰ সন্ধানত আহি তেওঁ মালানাত উপস্থিত হয় আৰু বৰ্তমান তেওঁক জামলু ঋষি নামেৰে পূজা কৰা হয় ।

আমোদজনক কথাটো হ’ল যে, গোটেই গাঁওখনত জামলু দেৱতাৰ এটাও মূৰ্তি তথা ফটো নাই ৷ শিল আৰু কাঠেৰে নিৰ্মিত মন্দিৰটোত ঋষি জামলুৰ এটা সৰু সোণখচিত মূৰ্তি আছে । তাৎপৰ্যপূৰ্ণভাৱে এই মন্দিৰত যিকোনো বস্তু স্পৰ্শ কৰাটো নিষিদ্ধ ।

গাঁওখনত থকাতো নিষিদ্ধ : পৰ্যটকসকলেও মালানা গাঁৱলৈ আহে যদিও তেওঁলোকৰ কোনেও নিশা গাঁওখনত কটাব নোৱাৰে । গাঁওখনৰ প্ৰৱেশ পথত থকা কিছুমান লোকে তেওঁলোকক সোধা পোছা কৰে । গাঁওখনৰ প্ৰৱেশ দ্বাৰত হিন্দী আৰু ইংৰাজীত কিছুমান নীতি-নিৰ্দেশনা লিখা হৈছে আৰু পৰ্যটকসকলে এই নিৰ্দেশনাবোৰ মানি চলিবলৈ বাধ্য ৷ এই নিৰ্দেশনা অনুসৰি তেওঁলোকে গাঁওখনৰ দেৱস্থানত থকা যিকোনো বস্তু স্পৰ্শ কৰাটো নিষিদ্ধ । তদুপৰি ইয়াৰ বাবে জৰিমনাৰো বিহা হৈছে ।

মালানাৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু ন্যায় ব্যৱস্থা : মালানাৰ নিজা পৃথক গণতান্ত্ৰিক ব্যৱস্থা আছে ৷ ইয়াত উচ্চ সদন আৰু নিম্ন সদন নামে দুখন সদন আছে । উচ্চ সদনত মুঠ 11 জন সদস্য আছে, যাৰ ভিতৰত মন্দিৰৰ তিনিজন সদস্য হৈছে ইয়াৰ স্থায়ী সদস্য (Oldest democracy in the world in malana village)।

বাকী আঠজন সদস্যক গাঁওবাসীয়ে ভোট দি নিৰ্বাচিত কৰে । একেদৰে, নিম্ন সদনত গাঁওখনৰ প্ৰতিটো ঘৰৰ জ্যেষ্ঠ সদস্যক প্ৰতিনিধিত্ব দিয়া হয় । নিম্ন সদনত অপৰাধীৰ পৰা অসামৰিক সকলো গোচৰৰ বিচাৰ কৰা হয় আৰু দোষীসকলকো শাস্তি দিয়া হয় । আন অৰ্থত গাঁওবাসীয়ে তেওঁলোকৰ সমস্যাবোৰ নিজে সমাধান কৰে ৷ তেওঁলোকে আৰক্ষী বা স্থানীয় প্ৰশাসনৰ ওচৰলৈ নাযায় ।

আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বংশধৰসকলৰ গাঁও : কোৱা হয় যে মহান আলেকজেণ্ডাৰৰ বংশধৰসকল মালানা গাঁৱত জীয়াই আছে । আজিও, ইয়াৰ নিজা আইন আছে ৷ এই আইন ইমান কঠোৰ যে বাহিৰৰ লোক এই গাঁওখনলৈ যাবলৈও ভয় কৰে । কোৱা হয় যে, মহান শাসক আলেকজেণ্ডাৰে নিজেই তেওঁৰ সৈন্যবাহিনীৰ সৈতে ইয়ালৈ আহিছিল ।

ভাৰতৰ বহুতো অঞ্চল জয় কৰি আৰু ৰজা পোৰাছক পৰাস্ত কৰাৰ পিছত আলেকজেণ্ডাৰ এই স্থানত উপস্থিত হৈছিল আৰু ইয়াৰ শান্ত পৰিৱেশ তেওঁ ভাল পাইছিল । তেওঁ ইয়াত দীঘলীয়া সময় অতিবাহিত কৰিছিল আৰু পাছত তেওঁৰ কিছুমান যোদ্ধা আৰু সৈনিকে ইয়াত বসতি স্থাপন কৰিছিল । তেওঁলোকৰ বংশ পৰিয়ালৰ লোকেই ইয়াত বসবাস কৰি আছে বুলি কথিত ৷

কৰ’ণাইও স্পৰ্শ কৰিব নোৱাৰিলে মালানাক : কুল্লু জিলাৰ এই গাঁওখন আজিলৈকে কোনো লোক কৰ’ণাত সংক্ৰমিত নহ’ল(No Corona case in Malana) ৷ কৰ’ণা কালত, ইয়াত থকা বাসিন্দাসকলে বাহিৰৰ লোক তথা পৰ্যটকসকলক এই গাঁওখনলৈ অহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । গাঁওখনৰ লোকসকলো অতি জৰুৰী নহ’লে ওলাই যোৱা নাছিল ৷

মালানা গাঁৱত সুৰা, মাছ-মাংসৰ ওপৰত নিষেধাজ্ঞা : স্থানীয় দেৱতাৰ নিৰ্দেশত গাঁওখনত মাংস আৰু সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আছে । এই ক্ষেত্ৰত কঠোৰ জৰিমনাও বিহাৰ ব্যৱস্থা আছে ৷

মালানা এতিয়া সলনি হৈছে : এই ঐতিহাসিক গাঁওখন এতিয়া সময়ৰ সৈতে সলনি হৈছে । গাঁওখনত কাঠৰ ঠাইত কংক্ৰিটৰ ঘৰ নিৰ্মাণ কৰা হৈছে, সেয়েহে পৰ্যটকসকলেও প্ৰৱেশ কৰা আৰম্ভ কৰিছে । যদিও নিশা থকাৰ ওপৰত নিষেধাজ্ঞা এতিয়াও অব্যাহত আছে তথাপিও বাহিৰৰ লোক আৰু পৰ্যটকৰ বাবে গাঁওখনৰ বাহিৰত অতিথিশালা স্থাপন কৰা হৈছে ।

মালানা গাঁৱৰ মানুহে এতিয়া তেওঁলোকৰ সমস্যা সমাধানৰ বাবে আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ ওচৰলৈ যোৱা আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে, গাওঁবাসীয়ে ঋষি যমদগ্নিৰ আগত তেওঁলোকৰ গোচৰ নিষ্পত্তি কৰিছিল ।

গাঁওখনত এতিয়া চৰকাৰৰ উন্নয়নমূলক আঁচনিও কাৰ্যকৰী কৰাৰ অনুমোদন জনোৱা হৈছে । ইয়াৰ উপৰিও, পূৰ্বে গাঁওখনৰ ভিতৰতে বিবাহ সম্পন্ন হৈছিল ৷ কিন্তু সময়ৰ লগে লগে, গাঁওখনৰ বাহিৰতো বিবাহ কাৰ্য সম্পন্ন হ'বলৈ আৰম্ভ কৰিছে । অৱশ্যে এতিয়াও ইয়াৰ বাসিন্দাসকলে পূৰ্বৰ পৰম্পৰা মানি চলে ৷

লগতে পঢ়ক : জনা-নজনা : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.