ETV Bharat / bharat

Muslim Personal Law: মুছলমান ব্যক্তিগত আইন মুছলমান মহিলাৰ বাবে প্ৰত্যাহ্বান; ৰাষ্ট্ৰীয় মহিলা আয়োগ

author img

By

Published : Jul 15, 2023, 10:35 PM IST

Updated : Jul 15, 2023, 10:41 PM IST

ৰাষ্ট্ৰীয় মহিলা আয়োগে মুছলমান মহিলাসকলৰ অধিকাৰৰ বিষয়ে আলোচনা কৰে ৷ মুছলমান ব্যক্তিগত আইন পুনৰীক্ষণৰ ওপৰত এক নিৰ্দিষ্ট গুৰুত্ব দি এই আলোচনা চক্ৰ অনুষ্ঠিত হয় । আইন আয়োগৰ শেহতীয়া আহ্বানৰ পটভূমিত বিভিন্ন সংগঠন আৰু জনসাধাৰণৰ পৰা ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ সন্দৰ্ভত সঁহাৰি বিচাৰি এই আলোচনা অনুষ্ঠিত কৰা হয় ৷

Muslim Personal Law
Muslim Personal Law

নেশ্যনেল ডেস্ক, 15 জুলাই: ৰাষ্ট্ৰীয় মহিলা আয়োগে (National Commission for Women) শনিবাৰে কয় যে মুছলমান ব্যক্তিগত আইনৰ ‘অ-সংহিতাবদ্ধ প্ৰকৃতি’ৰ আৰু ইয়াক ‘ভুল ব্যাখ্যা’ হৈছে ৷ এই আইনৰ ফলত মুছলমান মহিলাসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷

ৰাষ্ট্ৰীয় মহিলা আয়োগে মুছলমান ব্যক্তিগত আইন পুনৰীক্ষণৰ ওপৰত এক নিৰ্দিষ্ট গুৰুত্ব দি মুছলমান মহিলাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰে ৷ এই আলোচনাই অভিন্ন নাগৰিক সংহিতা ৰূপায়ণৰ ক্ষেত্ৰত আইন আয়োগৰ (Law Commission) শেহতীয়া আহ্বানৰ পটভূমিত বিভিন্ন সংগঠনৰ পৰা সঁহাৰি বিচৰাৰ পোষকতা কৰে ৷

ৰাষ্ট্ৰীয় মহিলা আয়োগে মুছলমান ব্যক্তিগত আইনৰ অ-সংহিতাবদ্ধ প্ৰকৃতিৰ নেতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে ৷ লগতে ইয়াৰ ঋণাত্মক প্ৰভাৱসমূহৰ বিষয়েও আলোচনা কৰে ৷ যাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে এক বিবৃতিত সংহিতাবদ্ধ আইনৰ (codified law) তাৎক্ষণিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। হিন্দু, খ্ৰীষ্টান, শিখ, বৌদ্ধ মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হোৱা আইনক সঁচাকৈয়ে কেৱল মুছলমান মহিলাৰ বাবেহে বিবেচনা কৰিব পাৰি নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

বিবৃতিটোত লগতে কোৱা হৈছে যে সংহিতাবদ্ধ আইনৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে ৷ এয়া আইনী পৰিকাঠামোৰ দিশত কাম কৰাৰ এক শক্তিশালী আহ্বান যি সকলোৰে বাবে জাতি-ধৰ্ম নিৰ্বিশেষে সমান অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰে ৷ বিবৃতিটোত লগতে কোৱা হয় যে এক অভিন্ন নাগৰিক সংহিতা নথকাৰ বাবে দেশত সামাজিক সম্প্ৰীতি, অৰ্থনৈতিক বিকাশ আৰু লিংগ ন্যায়ৰ দিশত আগবঢ়াত বাধাৰ সৃষ্টি হৈছে ৷

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সৈতে হোৱা আলোচনাত ভাৰতৰ এটৰ্নি জেনেৰেল, উচ্চতম ন্যায়ালয়ৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল, উচ্চ ন্যায়ালয়ৰ প্ৰতিনিধি, আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, আইনী বিশিষ্ট ব্যক্তি আৰু নাগৰিক সমাজ সংগঠনকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰসকলে অংশগ্ৰহণ কৰে । আলোচনাৰ সময়ত ভাৰতৰ এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীয়ে বিবাহৰ প্ৰতিষ্ঠানৰ সংস্কাৰ আৰু শক্তিশালীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

তেওঁ পুৰুষ আৰু মহিলাৰ বাবে সমান সন্মান আৰু মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, লগতে বৈবাহিক সম্পৰ্কত প্ৰৱেশ কৰা আৰু প্ৰস্থান কৰা ব্যক্তিসকলৰ মৰ্যাদা বজাই ৰখা প্ৰক্ৰিয়াবোৰত ধৰ্ম নিৰ্বিশেষে সমতা নিশ্চিত কৰাৰ পোষকতা কৰে ৷ এই আলোচনাৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ভিতৰত আছিল বিবাহ বিচ্ছেদ প্ৰক্ৰিয়াৰ সংস্কাৰৰ প্ৰয়োজনীয়তা ৷

লগতে পঢ়ক: Closed door meeting of Congress on UCC : ইউনিফৰ্ম চিভিল কোড সম্পৰ্কে কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক

Last Updated : Jul 15, 2023, 10:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.