ETV Bharat / bharat

Warrant Against Jayaprada : অভিনেত্ৰী তথা ৰাজনীতিক জয়াপ্ৰদাৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:15 PM IST

জয়াপ্ৰদাৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে । পূৰ্বৰ সাংসদ তথা অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰামপুৰৰ এখন আদালতে এই পৰোৱানা জাৰি কৰিছে । লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বাবে এই পৰোৱানা জাৰি কৰা হৈছে । বিষয়টোৰ শুনানি ১৭ নৱেম্বৰত হ'ব ।

অভিনেত্ৰী তথা ৰাজনীতিক জয়াপ্ৰদাৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা
Warrant Against Jayaprada

নিউজ ডেস্ক, ৯ নৱেম্বৰ : বিশিষ্ট চলচ্চিত্ৰ অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়াপ্ৰদা পুনৰ সমস্যাত পৰিছে । পূৰ্বৰ তাৰিখত চলচ্চিত্ৰ অভিনেত্ৰী তথা প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল । কিন্তু তথাপিও তেওঁ বুধবাৰে আদালতত উপস্থিত হোৱা নাছিল । সেয়ে আদালতে এতিয়া চলচ্চিত্ৰ অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়াপ্ৰদাৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে । লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ বাবে প্ৰাক্তন সাংসদ জয়াপ্ৰদাৰ বিৰুদ্ধে এই পৰোৱানা জাৰি কৰা হৈছে । বিষয়টো সন্দৰ্ভত ১৭ নৱেম্বৰত শুনানি হ'ব ।

উল্লেখ্য যে জয়াপ্ৰদাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰামপুৰ আসনৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল । উক্ত নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিল । তেওঁৰ বিৰুদ্ধে স্বৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল । ফ্লাইং স্কোৱাডৰ দায়িত্বত থকা ডঃ নীৰজ কুমাৰ পৰাশৰীৰ অভিযোগৰ ভিত্তিত আচৰণ বিধি উলংঘনৰ এটা গোচৰ ৰুজু কৰা হৈছিল । তেওঁ অভিযোগ কৰিছিল যে প্ৰাক্তন সাংসদ জয়াপ্ৰদাই ১৯ এপ্ৰিলত ৰামপুৰৰ নুৰপুৰ গাঁৱত আদৰ্শ আচৰণ বিধি বলৱৎ থকা সত্ত্বেও এটা পথ উদ্বোধন কৰিছিল । ইয়াৰ ভিডিঅ'ও সম্প্ৰচাৰ কৰা হৈছিল ।

এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰে আৰু আদালতত অভিযোগনামা দাখিল কৰে । গোচৰটোৰ শুনানি ৰামপুৰৰ এমপি-এমএলএ বিশেষ আদালতত (দণ্ডাধীশৰ বিচাৰ) চলি আছে । এই ক্ষেত্ৰত সাক্ষ্যদান প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত প্ৰাক্তন সাংসদ জয়াপ্ৰদাক আদালতে ধাৰা ৩১৩-ৰ অধীনত তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ মাতি পঠিয়াইছিল । কিন্তু আদালতৰ নিৰ্দেশ সত্ত্বেও জয়াপ্ৰদা বহুকেইটা তাৰিখত শুনানিৰ সময়ত উপস্থিত হোৱা নাছিল । তেওঁ বুধবাৰে পুনৰ আদালতত উপস্থিত হ'বলগা আছিল ।

জয়াপ্ৰদা বুধবাৰে আদালতত হাজিৰ হোৱাৰ কথা আছিল যদিও তেওঁ আদালতত হাজিৰ হোৱা নাছিল । বিজেপি বিধায়কগৰাকীৰ অধিবক্তা সন্দীপ চাক্সেনাই কয় যে আদালতে পুনৰ এই গোচৰটোত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে । আদালতে এতিয়া ১৭ নৱেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানি ল'ব ।

লগতে পঢ়ক :Cash for query allegation against Mahua Moitra : আজি পুনৰ লোকসভাৰ নৈতিকতা সমিতিৰ বৈঠক, প্ৰতিবেদন গ্ৰহণৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.