ETV Bharat / bharat

Opposition alliance INDIA: বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ৰ ভিতৰৰ কাম-কাজ লেহেমীয়া হোৱা নাই; কংগ্ৰেছ - বৈঠকত মিলিত

বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ৰ ভিতৰৰ কাম-কাজ লেহেমীয়া হোৱাৰ ধাৰণা দেওবাৰে কংগ্ৰেছে দূৰ কৰে ৷ I.N.D.I.A. মিত্ৰজোঁটৰ ছ’চিয়েল মিডিয়া আৰু যুটীয়া প্ৰচাৰ উপ-সমিতিসমূহে মুম্বাই আৰু দিল্লীত ব্যক্তিগতভাৱে বৈঠকত মিলিত হৈছে আৰু পৰৱৰ্তী আলোচনাসমূহ বিগত কেইবা সপ্তাহ ধৰি অনলাইনযোগে চলি আহিছে ৷

Opposition alliance INDIA
বিৰোধী মিত্ৰজোঁট INDIA
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 7:34 PM IST

নিউজ ডেস্ক, 1 অক্টোবৰ: অক্টোবৰ মাহত ভূপালত অনুষ্ঠিত হ’বলগীয়া যৌথ সমাৱেশ বাতিল হোৱাৰ পাছত বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ৰ ভিতৰৰ কাম-কাজ লেহেমীয়া হোৱাৰ ধাৰণা দেওবাৰে কংগ্ৰেছে দূৰ কৰে ৷ ১৩ ছেপ্টেম্বৰত নতুন দিল্লীত I.N.D.I.A. মিত্ৰজোঁটৰ ১৩ জনীয়া সমন্বয় সমিতিৰ প্ৰথমখন বৈঠকৰ অন্তত সংগঠনটোৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেচি বেনুগোপালে যুটীয়া সমাৱেশ ঘোষণা কৰিছিল যদিও পিছত ইয়াক বাতিল কৰা হয় ৷

ইয়াৰ পিছৰ পৰাই বিৰোধী মিত্ৰজোঁটৰ পৰা আসন ভাগ-বতৰা, যৌথ প্ৰচাৰ বা যৌথ সমাৱেশৰ প্ৰস্তাৱিত স্থানৰ দৰে মূল বিষয়ৰ সৈতে জড়িত কোনো তথ্য পোৱা নগ’ল। তেওঁ কয়, ‘‘দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি আমাৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰচাৰত ব্যস্ত আৰু নিজ নিজ ৰাজ্যিক ইউনিটসমূহো ব্যস্ত ৷ কিন্তু, তাৰ অৰ্থ এইটো নহয় যে I.N.D.I.A. মিত্ৰতা নিস্তব্ধ হৈ পৰিছে আৰু সমান্তৰাল বৈঠক অনুষ্ঠিত কৰিব নোৱাৰি। যোৱা কেইসপ্তাহমানৰ পৰা আসন ভাগ-বতৰা, যৌথ প্ৰচাৰ আৰু ছ’চিয়েল মিডিয়া কৌশলৰ সৈতে জড়িত বহু আলোচনা দুৱাৰৰ আঁৰত চলি আহিছে ।’’ কংগ্ৰেছৰ সভাপতিৰ কাৰ্যালয়ৰ এআইচিচিৰ সমন্বয়ক চৈয়দ নাছিৰ হুছেইনে ইটিভি ভাৰতক এইদৰে কয়।

তেওঁ কয় য়ে, ‘‘যিহেতু এইটো কেন্দ্ৰীভূত মিত্ৰতা নহয়, গতিকে আলোচনা বেছিভাগেই ৰাজ্যসমূহত চলি আছে । ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ পাঁচদিনীয়া বিশেষ সংসদ অধিৱেশনৰ সময়ত আৰু যোৱা এসপ্তাহত নতুন দিল্লীত দলসমূহৰ মাজত কেইবাটাও ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হয় ।’’

দলৰ ভিতৰুৱা সূত্ৰ মতে, I.N.D.I.A. মিত্ৰজোঁটৰ ছ’চিয়েল মিডিয়া আৰু যুটীয়া প্ৰচাৰ উপ-সমিতিসমূহে মুম্বাই আৰু দিল্লীত ব্যক্তিগতভাৱে বৈঠকত মিলিত হৈছে আৰু পৰৱৰ্তী আলোচনাসমূহ বিগত কেইবা সপ্তাহ ধৰি অনলাইনযোগে চলি আহিছে ৷ দলৰ ভিতৰুৱা লোকসকলে আৰু কয় যে যদিও নিৰ্বাচনমুখী কোনো ৰাজ্যতে যৌথ বৈঠক অনুষ্ঠিত নহ’ব পাৰে, তথাপিও উপযুক্ত স্থানত এনে সমাৱেশ অনুষ্ঠিত কৰাৰ বাবে আলোচনা চলি আছে ৷

এআইচিচিৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তাই কয় যে, “যদি আপুনি ৰাজহুৱা সভাৰ পৰিকল্পনা কৰে তেন্তে আপুনি এক লাখৰ পৰা দুই লাখৰ ভিতৰত মানুহক সংগঠিত কৰিব লাগিব ৷ তাৰ পিছত সম্পদৰ দৰে বিষয়বোৰ আহি পৰে যাৰ অৰ্থ, কোনে যৌথ সমাৱেশখন আয়োজন কৰিব ৷ তদুপৰি জ্যেষ্ঠ নেতাৰ উপলব্ধতাৰ ওপৰতো কাম কৰাটো প্ৰয়োজন ৷ কিন্তু, আমি এই মাহৰ বাবে কিছুমান অনুষ্ঠানৰ পৰিকল্পনা কৰিছো ৷’’

বিহাৰৰ ৪০খন লোকসভাৰ আসনত আসনৰ ভাগ-বতৰা বিভাজনৰ কাম চম্ভালিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰজেডিৰ মুৰব্বী লালু প্ৰসাদে । একেদৰে ৮০খন আসন থকা ইউ পিৰ এছ পিৰ মুৰব্বী অখিলেশ যাদৱ আৰু ৪৮খন আসন থকা মহাৰাষ্ট্ৰৰ এন চি পিৰ বছ শাৰদ পাৱাৰ আৰু শিৱসেনা ইউ বি টিৰ মুৰব্বী উদ্ধৱ থাকৰে নিজৰ কাম কৰি আছিল বুলি দলটোৰ লোকে জানিবলৈ দিয়ে ৷

সমন্বয় সমিতিয়ে সেই কাম কৰি থকাৰ বাবে মিত্ৰজোঁটৰ বাবে এজন অধ্যক্ষ আৰু আহ্বায়কৰ নাম নিৰ্ধাৰণৰ বিষয়টো স্থগিত ৰখা হৈছে। লগতে, যদিও মিত্ৰজোঁটৰ ৰাষ্ট্ৰীয় সচিবালয় এতিয়াও দিল্লীত স্থাপন হোৱা নাই, তথাপিও বেছিভাগ সহায় কংগ্ৰেছৰ সভাপতিৰ কাৰ্যালয়ে আগবঢ়াইছিল বুলি ভিতৰুৱা সূত্ৰে জানিব পৰা গৈছে ৷

এআইচিচিৰ ছ’চিয়েল মিডিয়া প্ৰভাৰী সুপ্ৰিয়া শ্ৰীনাটেৰ মতে, কেৱল মিত্ৰজোঁটৰ নেতাসকল কোনো বিশেষ চহৰত একলগ নোহোৱা আৰু তেওঁলোকে যৌথভাৱে সংবাদ মাধ্যমক সম্বোধন নকৰাৰ অৰ্থ এইটো হ’ব নালাগে যে অংশীদাৰসকলে ইজনে সিজনৰ লগত কথা পতা নাছিল ৷ “ফোন, কনফাৰেন্স কল, আৰু জুম মিটিঙৰ জৰিয়তে বহু আলোচনা চলি আছে । প্ৰতিটো তথ্যই সংবাদ মাধ্যমৰ ব্যৱহাৰৰ বাবে নহয় । এবাৰ কথাবোৰ দৃঢ় হ’লে আমি নিশ্চিতভাৱে আনুষ্ঠানিক ঘোষণা কৰিম,’’ ইটিভি ভাৰতক এইদৰে কয় শ্ৰীনাটে।

লগতে পঢ়ক : PM Modi in Telangana: তেলেংগানাৰ ৰাইজে পৰিৱৰ্তন বিচাৰে; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.