নেশ্যনেল ডেস্ক,২১ মে': ২০০০ টকীয়া নোট সলনি কৰাৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে (SBI on 2000 notes exchanges)। গ্ৰাহকসকলে কোনো ধৰণৰ বিশেষ নথি নিদিয়াকৈয়ে সৰ্বাধিক ২০,০০০ টকালৈ সলনি কৰিব পাৰিব (No need requisition slip for exchange 2000 notes)। লগতে ২,০০০ টকীয়া নোট সলনি কৰাৰ সময়ত কোনো পৰিচয় প্ৰমাণ দাখিল কৰাৰো প্ৰয়োজন নাই । ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকে সকলো শাখালৈ এই নিৰ্দেশনা জাৰি কৰিছে ।
ভাৰতীয় ষ্টেট বেংকে এই সন্দৰ্ভত শাখাবোৰলৈ ২০ মে'ত এক বিজ্ঞপ্তি জাৰী কৰিছে (SBI circular for 2000 notes exchange)। এছবিআইৰ বিজ্ঞপ্তিত ২০০০ টকীয়া নোট সলনি কৰাক লৈ নথিপত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে থকা গ্ৰাহকৰ সন্দেহ দূৰ কৰাৰ চেষ্টা কৰিছে । সামাজিক মাধ্যমত উৰাবাতৰি ওলাইছিল যে এগৰাকী গ্ৰাহকে নোট সলনি কৰাৰ সময়ত এখন প্ৰপত্ৰ আৰু পৰিচয় প্ৰমাণ দাখিল কৰিব লাগিব ।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে ঘোষণা কৰিছিল যে ২,০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰা হ'ব (2000 notes withdraw from circulation)। গ্ৰাহকসকলক ৩০ ছেপ্টেম্বৰলৈকে বেংকৰ শাখাত তেওঁলোকৰ হাতত মজুত থকা নোট জমা বা সলনি কৰিবলৈ আহ্বান জনাইছিল । আৰবিআইয়ে কৈছিল যে ২৩ মে'ৰ পৰা যিকোনো বেংকত ২,০০০ টকীয়া নোটৰ বিনিময় সৰ্বাধিক ২০,০০০ টকালৈ কৰিব পাৰিব । লগতে কোৱা হৈছিল যে এই সময়চোৱাত ২,০০০ টকীয়া নোটৰ লেনদেন অব্যাহত থাকিব কিন্তু ৩০ ছেপ্টেম্বৰৰ ভিতৰত সেইবোৰ জমা বা সলনি কৰিব লাগিব ।
বিমুদ্ৰাকৰণৰ জৰিয়তে ৫০০ আৰু ১,০০০ টকীয়া নোট বন্ধ কৰাৰ পাছতে ২০১৬ চনৰ নৱেম্বৰত আৰবিআই আইন, ১৯৩৪ৰ ধাৰা ২৪(১)ৰ অধীনত ২,০০০ টকীয়া নোট প্ৰৱৰ্তন কৰা হৈছিল । অৰ্থনীতিত মুদ্ৰাৰ প্ৰয়োজনীয়তা ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ এই পদক্ষেপ লোৱা হৈছিল । ২,০০০ টকীয়া নোটৰ ছপা ২০১৮-১৯ বৰ্ষত বন্ধ কৰা হৈছিল ।
সূত্ৰৰ মতে ২,০০০ টকীয়া নোট বন্ধ কৰাৰ মুখ্য কাৰণ হৈছে এই নোটবোৰ সাধাৰণতে মানুহে লেনদেনৰ বাবে ব্যৱহাৰ নকৰে । তদুপৰি, অন্যান্য মূল্যৰ নোটৰ পৰ্যাপ্ত ষ্টক আছে যি জনসাধাৰণৰ চাহিদা পূৰণ কৰিব পাৰি ।
লগতে পঢ়ক :Rs 2000 notes circulation : বন্ধ হ’ব 2000 টকীয়া নোটৰ প্ৰচলন