ETV Bharat / bharat

মধ্যপ্ৰদেশত উপলব্ধ নহয় ক’ভিড-19ৰ টীকাকৰণ: শিৱৰাজ সিং চৌহান

বৰ্তমান মধ্যপ্ৰদেশত উপলব্ধ নহয় ক’ভিড-19ৰ টীকাকৰণ ৷ যাৰ বাবে মধ্যপ্ৰদেশত 1মে'ৰ পৰা 18ৰ পৰা 45 বছৰ বয়সৰ লোকৰ বাবে আৰম্ভ হ’বলগীয়া ক’ভিড-19ৰ টীকাকৰণ অভিযান আৰম্ভ নহ'ব ৷ সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷

author img

By

Published : Apr 30, 2021, 10:45 AM IST

মধ্যপ্ৰদেশত উপলব্ধ নহয় ক’ভিড-19ৰ টিকাকৰণ

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল: বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সম্বোধন কৰে এক সংবাদমেল ৷ এই সংবাদমেলৰ জৰিয়তে তেওঁ কয় যে, বৰ্তমান মধ্যপ্ৰদেশত উপলব্ধ নহয় ক’ভিড-19ৰ টীকাকৰণ ৷ যাৰ বাবে মধ্যপ্ৰদেশত 1মে'ৰ পৰা 18 ৰ পৰা 45 বছৰ বয়সৰ লোকৰ বাবে আৰম্ভ হ’বলগীয়া ক’ভিড-19ৰ টীকাকৰণ অভিযান আৰম্ভ নহ'ব ৷

কিয়নো মধ্যপ্ৰদেশ চৰকাৰে দেশৰ ক’ভিড-19 টীকাকৰণ প্ৰস্তুত কৰ্তা-ভাৰতৰ চেৰাম ইনষ্টিটিউট আৰু ভাৰত বায়োটেক দুয়োৰে সৈতে আলোচনাত মিলিত হৈছিল ৷ কিন্তু তেওঁলোকে ক’ভিড-19ৰ টীকাকৰণৰ পালি প্ৰদান কৰিব নোৱাৰিব বুলি অৱগত কৰিছে মধ্যপ্ৰদেশ চৰকাৰক ৷

উল্লেখ্য যে, 18 বা 18 বৰ্ষৰ উৰ্ধৰ লোকক ক’ভিড-19 টীকাকৰণ প্ৰক্ৰিয়া 1মে'ৰ পৰা আৰম্ভ নহ’ব, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 45 বা 45ৰ উৰ্দ্ধৰ নাগৰিক সকলক বিনামূলীয়াকৈ ক’ভিড-19 টীকাকৰণ অভিযান চলি থাকিব ৷ সেয়ে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰাজ্যৰ স্বাস্থ্য বিভাগে সদৰি কৰা তথ্য অনুসৰি, মধ্য প্ৰদেশত বৃহস্পতিবাৰলৈকে ক’ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা মুঠ 12,762 আৰু মৃত্যুৰ সংখ্যা 95 টা ৷ আনহাতে, বিগত 24 ঘণ্টাত প্ৰায় 59,388 টা ক’ভিড-19 পৰীক্ষা কৰা হৈছে বুলি মধ্যপ্ৰদেশৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে ৷

লগতে পঢ়ক: ক'ভিড-১৯: ত্ৰিপুৰাত ডাবল মিউটেণ্টৰ দ্বাৰা সংক্ৰমিত লোক চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.