নেশ্যনেল ডেস্ক, 27 আগষ্ট : "চন্দ্ৰযান 3 অৱতৰণ বিন্দুক ‘শিৱ শক্তি’ নামকৰণত বিতৰ্ক হোৱাৰ কোনো কাৰণ নাই ৷ দেশখনৰ সেই ঠাইৰ নাম দিয়াৰ অধিকাৰ আছে ৷ বিজ্ঞান আৰু বিশ্বাস দুটা পৃথক সত্বা ৷ দুয়োটা মিহলি কৰাৰ কোনো প্ৰয়োজন নাই ৷ আন কেইবাখনো দেশে চন্দ্ৰত তেওঁলোকৰ নাম ৰাখিছিল ৷ এইটো সংশ্লিষ্ট ৰাষ্ট্ৰৰ অধিকাৰ আছিল ৷" শ্ৰী পৌৰনামিকাভু মন্দিৰ ত্ৰিবান্দ্ৰমত সেৱা কৰাৰ পিচত ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে সংবাদ মাধ্যমক সাক্ষাৎ কৰি এই মন্তব্য প্ৰকাশ কৰে ৷
চন্দ্ৰৰ দক্ষিণ মেৰুত ৰোভাৰ অৱতৰণ কৰা ভাৰত হৈছে প্ৰথমখন দেশ ৷ চন্দ্ৰপৃষ্ঠত থকা পাহাৰ আৰু উপত্যকা ইমানেই জটিল যে, লেণ্ডাৰত সামান্য গণনা ভুল হ’লেই এই অভিযানত বিফল হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ ৰোভাৰে তোলা আলোকচিত্ৰসমূহ ইছৰ’ ষ্টেচনত পাবলৈ অলপ সময় ল’ব ৷ ইয়াৰ বাবে ইছৰ’ৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউ কে আৰু অষ্ট্ৰেলিয়াৰ গ্ৰাউণ্ড ষ্টেচনৰ সমৰ্থন বিচাৰিছে বুলি সোমনাথে সংবাদ মাধ্যমক অৱগতে কৰে ৷ তেওঁ লগতে কয় যে, সূৰ্যলৈ অভিযান সাজু হৈছে ভাৰত, অতি শীঘ্ৰেই উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰা হ'ব ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 26 আগষ্টত অৱতৰণ স্থানৰ নাম শিৱ শক্তি পইণ্ট আৰু 23 আগষ্টত ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰিছিল ৷ ইয়াৰ পিচতেই দেশজুৰি শিৱ শক্তিৰ নামকৰণক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ যোৱা 23 আগষ্টত চন্দ্ৰযান-3 য়ে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰি ভাৰতে ইতিহাস ৰচনা কৰিছিল ৷