ETV Bharat / bharat

ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েচন সচিবৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েচন সচিবক দায়িত্বৰ পৰা অব্যাহতি ৷ দায়িত্বভাৰৰ অপব্যৱহাৰ কৰাৰ অভিযোগত সচিব গৰাকীৰ বিৰুদ্ধে এপেক্স পৰিষদৰ অনাস্থা প্ৰস্তাৱ ৷ অতি সোনকালে এই সন্দৰ্ভত বিচিচিআইক অৱগত কৰিব পৰিষদে ৷

author img

By

Published : Mar 14, 2021, 8:31 AM IST

no confidence notice against incumbent secretary of tca timir chanda
অতি সোনকালে এই সন্দৰ্ভত বিচিচিআইক অৱগত কৰিব পৰিষদে

ত্ৰিপুৰা, 14 মাৰ্চ: পুনৰ শিৰোনামত ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েচন ৷ ৰাজ্যখনৰ ক্ৰিকেট সম্বন্ধীয় সকলো বিষয় নিৰীক্ষণৰ দায়িত্বত থকা নিৰ্বাচিত এপেক্স পৰিষদে শনিবাৰে ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েচনৰ সচিবৰ দায়িত্বত থকা তিমিৰ চন্দাৰ বিৰুদ্ধে এক অনাস্থা প্ৰস্তাৱ প্ৰেৰণ কৰাৰ লগতে তেঁওক কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে ৷

বৰ্তমান যুটীয়া সচিব কিশোৰ দাসক সকলো কামৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ নতুন নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত অথবা পদপূৰণ নোহোৱা পৰ্যন্ত কিশোৰ দাস সকলোবোৰৰ তত্বাবধানৰ দায়িত্বত থাকিব ৷

ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েচনৰ মতে, কাৰ্যবাহী সচিব গৰাকীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো বিষয় বিবেচনা কৰি চন্দাক এপেক্স কাউন্সিলৰ সন্মুখত নিজৰ স্থিতি স্পষ্ট কৰিবৰ বাবে আহ্বান জনোৱা হৈছিল ৷ কিন্তু এইক্ষেত্ৰত সচিব গৰাকীৰ ফালৰ পৰা কোনো ধৰণৰ সহাৰি পোৱা ন'গল ৷ অৱশেষত এখন বৈঠকৰ আয়োজন কৰিছিল যদিও তেঁও কায়িকভাৱে সভাখনত উপস্থিত নাথাকিল ৷

অৱশেষত সচিব গৰাকীৰ কোনো সহাৰি নেদেখি এপেক্স কাউন্সিলে তেঁওৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে আৰু অতি সোনকালেই এই সন্দৰ্ভত বিচিচিআইক অলগত কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে উক্ত পদবীৰ বাবে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত যুটীয়া সচিব কিশোৰ দাসক দায়িত্বভাৰ অৰ্পন কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি সংস্থাটোৰ সচিবৰ দায়িত্ব দিব পৰা কৈ চন্দা উপযুক্ত ব্যক্তি নাছিল ৷ কিছুমান আপত্তিজনক কামৰ বাবে তেঁও সংবাদমাধ্যমৰ সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে তেঁওক অৰ্পন কৰা দায়িত্বভাৰক অপপ্ৰয়োগ কৰা বুলিও চন্দাৰ বিষয়ে অভিযোগ উত্থাপিত হৈছিল ৷

লগতে পঢ়ক: কৃষিক্ষেত্ৰত ব্যৱহৃত সামগ্ৰী বিতৰণ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.