ETV Bharat / bharat

Loksabha Election 2024 : নীতিশ কুমাৰেই হ’ব নেকি বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী !

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 11:03 AM IST

"নীতিশ কুমাৰৰ নিজৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো আকাংক্ষা নাই । তেওঁৰ লক্ষ্য হৈছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত বিৰোধী মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটোহে " এনেদৰে লোকসভা নিৰ্বাচনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী সন্দৰ্ভত মন্তব্য আগবঢ়ায় জনতা দল (ইউনাইটেড) ৰ নেতা শ্ৰৱণ কুমাৰে ৷

Loksabha Election 2024
জনতা দল (ইউনাইটেড) ৰ শ্ৰৱণ কুমাৰ

নেশ্যনেল ডেস্ক, 27 আগষ্ট: বিৰোধী মিত্ৰজোঁট I.N.D.I.A. ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী সন্দৰ্ভত জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে শনিবাৰে বিহাৰৰ মন্ত্ৰী তথা জেডিইউৰ নেতা শ্ৰৱণ কুমাৰে এই সন্দৰ্ভত আগবঢ়ায় প্ৰতিক্ৰিয়াৰ ৷ কুমাৰে কয় যে নীতিশ কুমাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা নাই ৷ তেওঁ কোৱল 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি বিৰোধী মিত্ৰজোঁটৰ জয় বিচাৰে ।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জনতা দল (ইউনাইটেড)ৰ নেতা শ্ৰৱণ কুমাৰে কয়, "নীতিশ কুমাৰৰ নিজৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো আকাংক্ষা নাই । তেওঁৰ লক্ষ্য হৈছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত ভাৰতৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটোহে ।"

শ্ৰৱণ কুমাৰে লগতে কয়, "হিন্দীবলয়ৰ লোকসকলে নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ বাবে এজন যোগ্য প্ৰাৰ্থী বুলি আলোচনা কৰিছে ।"

"বিহাৰ, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ৰ ৰাইজে নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী পদৰ বাবে এজন যোগ্য প্ৰাৰ্থী বুলি দাবী কৰি আহিছে ৷ নীতীশ কুমাৰে ফুলপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেই বিষয়ে এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই ৷ I.N.D.I.A. bloc ৰ তৃতীয়খন বৈঠক 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব য’ত মিত্ৰজোঁটৰ নীতি আৰু কৌশলৰ বিষয়ে আলোচনা কৰা হ’ব " - বিহাৰৰ মন্ত্ৰীগৰাকীয়ে কয় ।

ইফালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অশোক চাভানে শনিবাৰে কয়, "তৃতীয়খন I.N.D.I.A. ৰ বৈঠকত প্ৰায় 26-27 টা দলে অংশগ্ৰহণ কৰিব । 31 আগষ্টৰ সন্ধিয়া মুম্বাইত এক অনানুষ্ঠানিক সমাৱেশ আৰু 1 ছেপ্টেম্বৰত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ'ব । এতিয়ালৈকে দুখন বৈঠকৰ আয়োজন কৰা হৈছে ৷ পৰৱৰ্তী বৈঠকত আমি বিৰোধী ঐক্যৰ ল'গ' বনোৱাৰ কথা ভাবিছো আৰু হয়তো 31 আগষ্টত ইয়াক উন্মোচন কৰা হ'ব ।'

ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা পি এল পুনিয়াই কয় যে আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰাৰ পিছতহে I.N.D.I.A. ব্লকৰ বাবে প্ৰধানমন্ত্ৰী পদৰ নাম নিৰ্ধাৰণ কৰা হ’ব ।

লগতে পঢ়ক: Rajasthan election 2023 : চন্দ্ৰযান 3 ৰ দৰেই ৰাজস্থানত পৰিৱৰ্তন যাত্ৰা সফল হ’ব; দাবী বিজেপি নেতা প্ৰহ্লাদ যোশীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.