ETV Bharat / entertainment

আঘাতপ্ৰাপ্ত অভিনেতা গোবিন্দা, হাস্পতালত ভৰ্তি - Actor Govinda leg injury

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

Govinda shot himself mistakenly: মঙলবাৰৰ ৰাতিপুৱা নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটোৰেই আঘাতপ্ৰাপ্ত হয় অভিনেতা গোবিন্দা ৷

govinda shot himself mistakenly actor admitted to the hospital
অভিনেতা গোবিন্দা (Photo: ANI)

চিটাৰা ডেস্ক, 1 অক্টোবৰ : অভিনেতা আৰু শিৱ সেনাৰ নেতা গোবিন্দা আজি ৰাতিপুৱা আঘাতপ্ৰাপ্ত হয় ৷ পুৱাই অকস্মাতে নিজৰ বন্দুকেৰে ভৰিত গুলী লাগে অভিনেতাজনৰ ৷ মুম্বাই আৰক্ষীৰ এজন বিষয়াই এই কথা জানিবলৈ দিয়ে ৷

গোবিন্দা দৰাচলতে কলকাতালৈ যাবলৈ সাজু হৈ আছিল । তেওঁ তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো কেছটোত ভৰাবলৈ লওতেই তেওঁৰ হাতৰ পৰা সৰি পৰে আৰু অকস্মাতে এটা গুলী তেওঁৰ ভৰিত লাগে । ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হয় ৷ চিকিৎসকে ইতিমধ্যে বুলেটটো আঁতৰাই দিছে আৰু বৰ্তমান তেওঁৰ অৱস্থা ঠিকেই আছে । তেওঁ এই মুহূৰ্তত চিকিৎসালয়ত আছে বুলি অভিনেতাজনৰ মেনেজাৰ শশী সিনহাই জানিবলৈ দিয়ে ৷

খবৰ অনুসৰি পুৱা 4.45 বজাত ছুপাৰষ্টাৰগৰাকীৰ সৈতে এই দুৰ্ঘটনা সংঘটিত হয় । অভিনেতাজনে ৰাতিপুৱা ওলাই যাবলৈ সাজু হৈ থকাৰ সময়তে তেওঁৰ লাইচেন্স ৰিভলভাৰটো চেক কৰি আছিল । সেই সময়তে ভুলবশতঃ বন্দুকটো হাতৰ পৰা পৰি গুলী আহি তেওঁৰ ভৰিত লাগে ।

গোবিন্দৰ মেনেজাৰ শশী সিনহাই জনাইছে যে গোবিন্দাই কলকাতালৈ যাবলৈ সাজু হৈ থকাৰ সময়ত লাইচেন্স ৰিভলভাৰটো পৰীক্ষা কৰি থকা অৱস্থাতে গুলী আহি তেওঁৰ ভৰিত লাগে । মেনেজাৰৰ ভাষ্য অনুসৰি, গোবিন্দাৰ ভৰিৰ পৰা গুলীটো আঁতৰাই দিয়া হৈছে আৰু তেওঁৰ অৱস্থা ঠিকেই আছে ।

1963 চনৰ 21 ডিচেম্বৰত জন্মগ্ৰহণ কৰা গোবিন্দাই তিনি দশকৰো অধিক সময় ধৰি এক বিখ্যাত কেৰিয়াৰ গঢ়ি তুলিছে ৷ গোবিন্দাই 80 ৰ দশকৰ পৰা বলীউডত কাম কৰি আছে । 1986 চনত আত্মপ্ৰকাশ কৰাৰ পিছত 130 খনতকৈয়ো অধিক ছবিত কাম কৰিছে তেওঁ । যদিও শেহতীয়াকৈ তেওঁ ৰূপালী পৰ্দাৰ পৰা আঁতৰি আছে, কিন্তু শেহতীয়াকৈ 1994 চনৰ তেওঁৰ ব্লকবাষ্টাৰ ছবি ৰাজা বাবু চিনেমা হলত পুনৰ মুক্তি পোৱাত অনুৰাগীসকল সুখী হৈ পৰিছিল । গোবিন্দাই তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত বহুতো হিট ছবি দিছে, যাৰ ভিতৰত আছে হিৰো নং 1, ৰাজা বাবু, আণ্টি নং 1, কুলি নং 1 ইত্যাদি ।

চিনেমাৰ সাফল্যৰ উপৰিও 90 দশকৰ ছুপাৰষ্টাৰগৰাকীয়ে ৰাজনীতিতো স্থান দখল কৰিছে । 2004 চনত তেওঁ কংগ্ৰেছৰ টিকটত মুম্বাই উত্তৰ লোকসভা সমষ্টিত বিজয়ী হৈ আত্মপ্ৰকাশ কৰিছিল আৰু বিজেপিৰ অভিজ্ঞ নেতা ৰাম নাইকক পৰাস্ত কৰিছিল । কিন্তু পিছত তেওঁ কংগ্ৰেছ দলৰ সদস্যপদ ত্যাগ কৰে । চলিত বৰ্ষৰ আৰম্ভণিতে এক উল্লেখযোগ্য পৰিঘটনাত গোবিন্দাই শিৱসেনাত যোগদান কৰি তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ এক নতুন অধ্যায় চিহ্নিত কৰে ।

লগতে পঢ়ক : মেগাষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি; বৰ্তমান কেনে আছে থালাইভা ? - RAJINIKANTH HOSPITALISED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.