ETV Bharat / technology

LinkedIn ত অন্তৰ্ভুক্ত হ’ল 4 টাকৈ ভাৰতীয় ভাষা - LinkedIn adds new language

author img

By ETV Bharat Tech Team

Published : 3 hours ago

LinkedIn adds 10 new language options: বৃহৎ আইটি কোম্পানী LinkedIn ত ব্যৱহাৰকাৰীসকলৰ বাবে 10 টা নতুন ভাষাৰ বিকল্প উপলব্ধ কৰা হৈছে । য'ত 4 টা ভাৰতীয় ভাষা অন্তৰ্ভুক্ত । LinkedIn ত নতুন ভাষাৰ বিকল্প হিচাপে ভিয়েটনামী, গ্ৰীক, পাৰ্চী, ফিনিছ, হিব্ৰু, হাংগেৰী ভাষাৰ লগতে চাৰিটা ভাৰতীয় আঞ্চলিক ভাষা ক্ৰমে বাংলা, মাৰাঠী, তেলেগু, পাঞ্জাবী সংযোজন কৰা হৈছে ।

Etv Bharat
LinkedIn ত অন্তৰ্ভুক্ত হ’ল 4 টাকৈ ভাৰতীয় ভাষা (ETV Bharat (File photo))

নিউজ ডেস্ক, 1 অক্টোবৰ: ছ’চিয়েল নেটৱৰ্কিং প্লেটফৰ্ম LinkedIn ত চাৰিটা ভাৰতীয় আঞ্চলিক ভাষাকে ধৰি 10 টা নতুন ভাষাৰ বিকল্প সংযোজন কৰা হৈছে । ইয়াত চাৰিটা ভাৰতীয় ভাষা অন্তৰ্ভুক্ত কৰা হৈছে । বাংলা, মাৰাঠী, তেলেগু, পাঞ্জাবী চাৰিটা ভাৰতীয় আঞ্চলিক ভাষাৰ লগতে ভিয়েটনামী, গ্ৰীক, পাৰ্চী, ফিনিছ, হিব্ৰু, হাংগেৰিয়ান ভাষাৰ বিকল্প সংযোজন কৰা হৈছে । নতুন ভাষাৰ জৰিয়তে LinkedIn এ হিন্দীকে ধৰি পাঁচটা ভাৰতীয় ভাষাক সমৰ্থন কৰিব বুলি এক বিবৃতিত উল্লেখ কৰা হৈছে ।

LinkedIn ত পাঁচটা ভাৰতীয় ভাষা সংযোজন: নতুনকৈ যোগ কৰা ভাষাসমূহৰ ভিতৰত আছে ভিয়েটনামী, পাৰ্চী, গ্ৰীক, হিব্ৰু, ফিনিছ আৰু হাংগেৰিয়ান । লগতে, ব্যৱহাৰকাৰীয়ে এতিয়া ভাৰতীয় ভাষা যেনে বাংলা, মাৰাঠী, পাঞ্জাবী, তেলেগুত LinkedIn ব্যৱহাৰ কৰিব পাৰিব । LinkedIn এ ইতিমধ্যে হিন্দী ভাষাক সংযোগ কৰিছে, যাৰ ফলত LinkedIn ত ভাৰতীয় ভাষাৰ মুঠ সংখ্যা পাঁচটালৈ বৃদ্ধি পাইছে ।

মুঠ 26 টা ভাষা ব্যৱহাৰ কৰা হৈছে: এই ভাষাসমূহে LinkedIn প্লেটফৰ্মত ব্যৱহৃত ভাষাৰ মুঠ সংখ্যা 26 টালৈ বৃদ্ধি কৰিছে । ইয়াৰ দ্বাৰা বিশ্বৰ পেছাদাৰীসকলক অধিক ফলপ্ৰসূভাৱে সংযোগ আৰু যোগাযোগ কৰাত সহায়ক হ’ব বুলি LinkedIn ৰ মুখ্য প্ৰডাক্ট অফিচাৰ টমাৰ কোহেনে কয় ৷

LinkedIn ত ভাষা সলনি কৰক: আপোনাৰ ডিভাইচত ৱেবপেজ বা এপটো খোলক, 'ছেটিংছ আৰু গোপনীয়তা'লৈ যাওক, বা পৃষ্ঠাৰ ফুটাৰত থকা 'ভাষা' লিংকটো টিপক । ভাষা সলনি কৰিলে কিছুমান বৈশিষ্ট্য সলনি হ'ব, সকলো ভাষা LinkedIn বিজ্ঞাপন, সহায় কেন্দ্ৰ, গ্ৰাহক সেৱা, আৰু মোবাইল এপসমূহৰ বাবে সমৰ্থিত নহয় । বৰ্তমান ভাৰতত LinkedIn ৰ 135 মিলিয়নতকৈও অধিক সদস্য আছে । প্ৰতি বছৰে এই হাৰ 20 শতাংশ বৃদ্ধি পাইছে । ইয়াৰ ফলত দেশখন ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ দ্বিতীয় বৃহত্তম আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক: গুৱাহাটী আই আই টিত নামভৰ্তিৰ পূৰ্বে বাধ্যতামূলক মেডিকেল টেষ্ট - Admission in IIT Guwahati

গুগলৰ সহায়ত চাওক 80 বছৰ পুৰণি ফটো - Time Machine Feature

গুগলৰ লগত ফেৰ মাৰিবলৈ আহিল ছাৰ্চ জিপিটি - AI powered search engine

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.