ETV Bharat / bharat

কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ - JK Assembly Polls

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

JK Assembly Elections Final Phase: জম্মু-কাশ্মীৰৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । জম্মুৰ বেছি সংখ্যক আসনত কংগ্ৰেছ আৰু বিজেপিৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা । কাশ্মীৰৰ একাংশ আসনত ত্ৰিকোণীয়া যুঁজ ।

JK Assembly Elections Final Phase
কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ (ETV Bharat)

নেশ্যনেল ডেস্ক,১ অক্টোবৰ : আজি জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । ৪০ খন বিধানসভা আসনত পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । বিজেপি-কংগ্ৰেছৰ ভৱিষ্যৎ এই অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ ওপৰতে নিৰ্ভৰ কৰিব । বিশেষকৈ জম্মু অঞ্চলৰ জম্মু, কাঠুৱা, চাম্বা আৰু উধমপুৰ জিলাৰ বেছিভাগ আসনতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা দেখা যাব ।

ভোটকেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীক প্ৰেৰণ

ভোটগ্ৰহণৰ পূৰ্বে সোমবাৰে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে ভোটগ্ৰহণ দলসমূহক জম্মু, কাঠুৱা, চাম্বা আৰু উধমপুৰ জিলাৰ ভোটকেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । ইফালে দেওবাৰৰ দিনটোত কাঠুৱাৰ বানিৰ দূৰৱৰ্তী অঞ্চললৈ ৯৪ টা আৰু উধমপুৰৰ চেনানি আৰু ৰামনগৰত ৬ টা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল প্ৰেৰণ কৰা হয় ।

নিৰ্বাচনৰ মাজতে সংঘৰ্ষ

চাম্বা, কাঠুৱা আৰু জম্মুকে ধৰি জম্মুৰ স্পৰ্শকাতৰ সীমান্ত জিলাসমূহত নিৰাপত্তাৰ কটকটীয়া ব্যৱস্থা কৰা হৈছে । যোৱা ২৪ ঘণ্টাত কাঠুৱা আৰু ৰাজৌৰীত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে । কাঠুৱা এনকাউণ্টাৰত এগৰাকী আৰক্ষী কৰ্মী শ্বহীদ হোৱাৰ বিপৰীতে এটা সন্ত্ৰাসবাদীও নিহত হয় ।

জম্মু আৰু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় আৰু অন্তিম পৰ্যায়ৰ প্ৰচাৰ দেওবাৰে সন্ধিয়া সমাপ্ত হৈছিল । এই পৰ্যায়ত ৪০ খন বিধানসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । জম্মু, চাম্বা, কাটৱাহ আৰু উধমপুৰ জিলাত বেছিভাগ আসনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব যদিও কাশ্মীৰত বেছিভাগ আসনতে ত্ৰিকোণীয়া যুঁজ দেখা যাব বুলি আশা কৰা হৈছে ।

অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিচত এটা জম্মু-কাশ্মীৰত প্ৰথম নিৰ্বাচন । যাৰ বাবে সকলো দলে অঞ্চলটোত উঠিপৰি লাগিছে । প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত সকলো দলে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰা দেখা যায় । এতিয়ালৈকে হৈ যোৱা নিৰ্বাচনৰ দুটা পৰ্যায়ত ভোটাৰৰ যথেষ্ট উৎসাহ দেখা গৈছে । ১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ত ৬১.৩৮ শতাংশ ভোটদান হৈছিল আনহাতে ২৬ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ত ৫৭.৩১ শতাংশ ভোটদান হৈছিল । অহা ৮ অক্টোবৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ; বিদেশী মিছনৰ কূটনীতিবিদৰ দলে নিৰীক্ষণ কৰিব নিৰ্বাচন - JK Assembly Polls

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.