ETV Bharat / state

আন ব্যক্তিক পিতৃ সজাই ঘৰ-মাটি বন্ধকত দি ত্যাজ্যপুত্ৰই ল’লে ঋণ; বিপদত সম্ভ্ৰান্ত পৰিয়াল - Fraudulent Donation Deeds

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Fraud case: জন্মদাত্ৰীৰ বিৰুদ্ধে পুত্ৰ কিমান নিষ্ঠুৰ হ'ব পাৰে ? আপোন ঘৰখনতেই যেতিয়া বিভীষণ ওলাই তেতিয়া কোনে ৰক্ষা কৰিব পাৰে ? এগৰাকী মাতৃৰ মনত পুত্ৰৰ বিৰুদ্ধে সৃষ্টি হোৱা ক্ষোভে তেওঁক লৈ গ’ল আৰক্ষীৰ কাষলৈ ৷ পঢ়ক সবিশেষ-

mother files fraud case against son
গোলাঘাটৰ এটা সম্ভান্ত্ৰ পৰিয়াললৈ আহিছে বিপদ (ETV Bharat Assam)

গোলাঘাট, ১ অক্টোবৰ: ঘৰ শত্ৰু বিভীষণৰ জালত গোলাঘাটৰ মিছামৰা মাহনীয়াল গাঁৱৰ এটা সম্ভ্ৰান্ত পৰিয়াল । বৰ পুত্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হৈ নাজল নাথল অৱস্থা বৃদ্ধ মাতৃ তথা পৰিয়ালৰ লোকৰ । পৰিয়ালটোৰ সদস্য়সকলৰ অগোচৰেই সকলো ঘটিল । জোৰ পুৰি হাত পোৱাৰ পিচতহে জন্মদাত্ৰী মাতৃয়ে জানিব পাৰিলে বৰপুত্ৰৰ কু-কীৰ্তিৰ কথা ।

  • নকল পিতৃ সজাই কৰিলে নামজাৰি

২০০৭ বৰ্ষতে ত্য়াজ্যপুত্ৰ হোৱা পংকজ হাজৰিকাৰ ঠগবাজিৰ বাবে কোটি টকীয়া ঘৰ-মাটি হেৰুওৱাৰ উপক্ৰম হৈছে পৰিয়ালৰ লোকৰ । এই ঘটনা সন্দৰ্ভত পংকজ হাজৰিকাই পিতৃ জীয়াই থাকোতেই ২০১৪ বৰ্ষত এজনক নকল পিতৃ সজাই গোলাঘাটৰ চক্ৰ বিষয়াৰ কাৰ্যলয়ত জালিয়াতিৰে দান দলিল দেখুৱাই পিতৃৰ নামত থকা গোলাঘাট নগৰৰ আমোলাপট্টিৰ মাটি আৰু ঘৰটোৰ বিপৰীতে ঋণ লয় । ২ কঠা মাটি আৰু এই পকী ঘৰটোৰ নামত প্ৰায় ৪০ লাখ টকা বোকাখাতৰ কানাড়া বেংকৰ পৰা ঋণ লয় পৰিয়ালৰ অজ্ঞাতে ।

  • পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু মাতৃৰ

পংকজ হাজৰিকাই সমগ্ৰ টকা আত্মসাৎ কৰাৰ পাছত এতিয়া বেংকৰ ঋণ পৰিশোধ নকৰাত পংকজ হাজৰিকালৈ অহা জাননীৰ পাছত অৱশেষত ঘৰ মাটি বেংকে বাজেয়াপ্ত কৰিবলৈ যাওতেহে সকলো কথা পোহৰলৈ আহে । কেইদিন মান পূৰ্বে বেংকে বলপূৰ্বক ঘৰ খালী কৰিছিল যদিও এমাহৰ সময় দি আহিছে দুৰ্ভগীয়া পৰিয়ালটোক । ইফালে, কৃষি বিভাগৰ এজন উচ্চ পদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা দিলীপ কুমাৰ হাজৰিকা ইহ সংসাৰত নথকাত তেওঁৰ বৃদ্ধ পত্নীৰ লগতে মাজু আৰু সৰু পুত্ৰ বিপদত পৰিছে । কি কৰিব কেনেকৈ উদ্বাৰ হ'ব এই ভয়ংকৰ বিপদৰ পৰা তাক লৈ উৱাদিহ পোৱা নাই । এই ঘটনা সন্দৰ্ভত শিখাৰাণী বৰা হাজৰিকাই পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:লাট মণ্ডলৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ, নামজাৰিৰ নামত জালিয়াতিৰ অভিযোগ - Allegation of Irregularities

টীয়কত ভূমি কেলেংকাৰীত জড়িত হ'ল গাঁওপ্ৰধান - Land scam in Teok

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.