ETV Bharat / bharat

নিজৰ মৃত্যুৰ বাতৰিক অসত্য আখ্যা দি ফেচবুকত পোষ্ট কৰিলে স্বামী নিত্যানন্দই

মোষ্ট ৱান্টেড হিন্দু স্বামী সকলৰ মাজৰ এজন নিত্যানন্দক বহুগোচৰৰ বাবে বিচাৰি থকা হৈছে ৷ কেইদিনমান আগতে হঠাৎ, এটা বাতৰি পোহৰলৈ আহিছিল য’ত দাবী কৰা হৈছিল অসুস্থতাৰ বাবে স্বামী নিত্যানন্দৰ মৃত্যু হৈছে (Rumours about Nithyananda's death)। এই বাতৰিৰ প্ৰতি সঁহাৰি দি এতিয়া নিত্যানন্দই তেওঁৰ ফেচবুকযোগে পোষ্ট কৰি জীয়াই থকাৰ কথা ঘোষণা কৰিছে ।

author img

By

Published : May 12, 2022, 9:56 PM IST

নিজৰ মৃত্যুৰ বাতৰিক অসত্য আখ্যা দি ফেচবুকত পোষ্ট কৰিলে স্বামী নিত্যানন্দই

নেচনেল ডেস্ক, 12 মে’: '' মই জীয়াই আছোঁ আৰু ২৭ জন চিকিৎসকে মোক চিকিৎসা কৰি আছে '' এই দাবী স্বামী নিত্যানন্দৰ । মোষ্ট ৱান্টেড হিন্দু স্বামী সকলৰ মাজৰ এজন নিত্যানন্দক বহুগোচৰৰ বাবে বিচাৰি থকা হৈছে (Most wanted Hindu Priests Nithyananda) ৷ তেওঁ দেশৰ পৰা পলাই গৈ এটা পৃথক দ্বীপত বাস কৰি তাক কৈলাশ নাম দিছে, সেই দ্বীপত থাকিয়েই তেওঁ ইণ্টাৰনেটৰ জৰিয়তে তেওঁৰ শিষ্যসকলক সম্বোধন কৰিছে ।

কেইদিনমান আগতে হঠাৎ, এটা বাতৰি পোহৰলৈ আহিছিল য’ত দাবী কৰা হৈছিল অসুস্থতাৰ বাবে স্বামী নিত্যানন্দৰ মৃত্যু হৈছে (Rumours about Nithyananda's death)। এই বাতৰিৰ প্ৰতি সঁহাৰি দি এতিয়া নিত্যানন্দই তেওঁৰ ফেচবুকযোগে পোষ্ট কৰি জীয়াই থকাৰ কথা ঘোষণা কৰিছে । তেওঁ কয়, ''মই মৰি যোৱা নাই কিন্তু মই সমাধিত আছো''। ইয়াৰোপৰি, তেওঁ বিচনা এখনত বহি থকাৰ ছবি এখনো ফেচবুকত আপল’ড কৰিছে ।

উল্লেখযোগ্য যে, নিত্যানন্দৰ কৈলাশৰ অফিচিয়েল ৱেব ছাইটটোৱে (Official website of Kailash) দৈনিক ভিত্তিত ফটো আৰু ভিডিঅ' আপডেট কৰি আছে ৷ কিন্তু ইয়াৰে ফটো, ভিডিঅ’ সমূহ পূৰ্বেই ৰেকৰ্ড কৰা বুলিও দাবী কৰিছে একাংশই । আন একাংশই দাবী কৰিছে, অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে কৈলাশ ৷ অৱশ্যে, স্বামী নিত্যান্দৰ স্বাস্থ্যৰ বিষয়ে সকলো তথ্য এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে ।

লগতে পঢ়ক : শনিবাৰে ত্ৰিপুৰাত আৰম্ভ হ'ব ৰাষ্ট্ৰীয় লোক আদালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.