ETV Bharat / bharat

Finance Bill 2023 : নিৰ্মলা সীতাৰমণে সদনত উত্থাপন কৰিব বিত্তীয় বিধেয়ক ২০২৩

author img

By

Published : Mar 24, 2023, 12:29 PM IST

কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বিত্তীয় বিধেয়ক ২০২৩ (Nirmala Sitharman to move Finance Bill 2023)। সদনত তীব্ৰ হুলস্থূলৰ মাজতে বৃহস্পতিবাৰে লোকসভাই ২০২৩-২৪ বৰ্ষৰ বাবে প্ৰায় ৪৫ লাখ কোটি টকা ব্যয়ৰ অনুদানৰ দাবী উত্থাপন কৰে ।

Finance Bill 2023
নিৰ্মলা সীতাৰমণে সদনত উত্থাপন কৰিব বিত্তীয় বিধেয়ক ২০২৩

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ : কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে সংসদত বিত্তীয় বিধেয়ক ২০২৩ উত্থাপন কৰিব (Nirmala Sitharman to move Finance Bill 2023)। কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবলৈ বিত্তীয় বিধেয়ক ২০২৩ দাখিল কৰা হ'ব । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সংসদত অনুদানৰ দাবী গৃহীত হৈছিল ।

বিত্তীয় বিধেয়ক ২০২৩ (Finance Bill 2023) য়ে কেন্দ্ৰীয় চৰকাৰৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে বিত্তীয় প্ৰস্তাৱবোৰ বিবেচনা কৰা হ'ব । বৃহস্পতিবাৰে লোকসভাই ২০২৩-২৪ বৰ্ষৰ বাবে প্ৰায় ৪৫ লাখ কোটি টকা ব্যয়ৰ সৈতে অনুদানৰ দাবী উত্থাপন কৰে । আদানি বিষয়ত জেপিচি তদন্তৰ দাবীক লৈও বিৰোধী সদস্যসকলৰ প্ৰতিবাদৰ মাজতে ধ্বনি ভোটৰ দ্বাৰা প্ৰস্তাৱটো গৃহীত হয় (Demand for grants was passed in Parliament)।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গিলোটিনৰ বাবে আবেদন কৰিছিল যেতিয়া দুবাৰকৈ সদন স্থগিতৰ পাছত সন্ধিয়া ৬ বজাত সদনৰ বৈঠক অনুষ্ঠিত হৈছিল । বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ একত্ৰিত পুঁজিৰ পৰা আৰু বাহিৰত কিছুমান পৰিমাণ পৰিশোধ আৰু বিনিয়োগৰ অনুমোদনৰ বাবে বিধেয়কখন দাখিল কৰিছিল ।

সদনত বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে ই গৃহীত হৈছিল আৰু পাছত সদন দিনটোৰ বাবে স্থগিত ৰখা হৈছিল । সংসদৰ দুয়োখন সদনে বাৰে বাৰে হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে স্থগিত ৰখা হয় । লণ্ডনত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ক্ষমা বিচাৰিবলৈ বিজেপিয়ে দাবী জনোৱাৰ বিপৰীতে আকৌ বিৰোধীয়ে হিণ্ডেনবাৰ্গ-আদানি বিষয়টোৰ যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবী জনাই আহিছে ।

উল্লেখ্য যে বাজেট অধিৱেশনৰ দ্বিতীয়াৰ্ধ ১৩ মাৰ্চত আৰম্ভ হৈছিল আৰু ৬ এপ্ৰিললৈ চলিব (Budget session 2023)। বিত্ত মন্ত্ৰীয়ে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিছিল । একেৰাহে ৫ বাৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিলে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে । এইবাৰৰ বাজেটত আয়কৰ দাতাসকললৈ বিশেষ সকাহ ঘোষণা কৰা হয় (Union Budget special relief for income tax payers)। ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত উত্থাপন হোৱা বাজেটখনে অনাগত সময়ত বিশেষ তাৎপৰ্য গ্ৰহণ কৰিব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক :Sagar Manthan Dashboard : সাগৰ মন্থন ডেশ্ববোৰ্ড উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.