ETV Bharat / bharat

Union Budget 2023: কেইমুহূৰ্তমানৰ পাছতে সদনত দাখিল হ’ব মোদী চৰকাৰৰ অন্তিমখন বিত্তীয় বাজেট

author img

By

Published : Feb 1, 2023, 8:32 AM IST

আজি পুৱা ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত পঞ্চমবাৰৰ বাবে দাখিল কৰিব 2023-24 বৰ্ষৰ কেন্দ্ৰীয় বাজেট (Union Budget 2023) ।

কেন্দ্ৰীয় বাজেট ২০২৩
আজি সদনত দাখিল হ’ব মোদী চৰকাৰৰ অন্তিমখন বাজেট

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী : মংগলবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন (Union Budget 2023) । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা এই বাজেট অধিৱেশনৰ (President Droupadi Murmu) আজি দ্বিতীয়টো দিন ৷ দ্বিতীয় দিনটোত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অৰ্থাৎ ২০২৩ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২৪ বৰ্ষৰ মাৰ্চ মাহ পৰ্যন্তৰ বাবে দাখিল কৰিব বাজেট ৷ ক্ৰমাগত পঞ্চমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । বিশ্বৰ অৰ্থনীতিৰ গতি মন্থৰ হৈ পৰাৰ সময়তে সদনত দাখিল হ’বলগীয়া কেন্দ্ৰীয় বাজেট 2023-24 খনে বিশেষ তাৎপৰ্য বহন কৰিব । বুধবাৰে পুৱা ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত দাখিল কৰিব কেন্দ্ৰীয় চৰকাৰৰ বাজেটখন (Nirmala Sitharaman to present her fifth Budget today) ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্বে সংবাদ মাধ্যমক উদ্দেশি কয় যে, কেন্দ্ৰীয় বাজেট 2023-24 বিশ্বৰ বাবেই এক আশাৰ ৰেঙণি হিচাবে পৰিগণিত হ’ব (Prime Minister Narendra Modi)। পৃথিৱীয়ে দেখা আশাৰ ৰশ্মিটো অধিক উজ্জ্বল কৰি তুলিব কেন্দ্ৰীয় বাজেট 2023-24 য়ে । পৃথিৱীবাসীৰ ভাৰতৰ প্ৰতি থকা আশা-আকাংক্ষা অক্ষুণ্ণ ৰাখিবৰ বাবে বিত্তমন্ত্ৰী গৰাকীয়ে সাম্ভাব্য সকলো প্ৰচেষ্টা চলাব বুলি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে ৷ কেন্দ্ৰীয় বাজেট 2023-24 য়ে দেশবাসীৰ আশা, আকাংক্ষা পূৰণৰ বাবে চেষ্টা কৰাৰ লগতে বিশ্বই ভাৰতৰ প্ৰতি যি আশাৰে চাই আছে, সেই আশাও বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে আশাব্যঞ্জক মন্তব্য আগবঢ়ায় ।

উল্লেখ্য যে, নিজকে মধ্যবিত্ত শ্ৰেণীৰ বুলি পৰিচয় দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে নিজকে শ্ৰেণীটোৰ সৈতে একাত্ম কৰোৱাত তথা শ্ৰেণীটোৰ দুখ-দুৰ্দশাৰ বিষয়ে অৱগত হোৱাত সহায়ক হিচাবে বিবেচিত হোৱা বুলি আৰ এছ এছৰ সৈতে জড়িত এখন সাপ্তাহিক কাকত পাঞ্চজন্যৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত মতামত আগবঢ়াইছিল । বৰ্তমানৰ মোডী ডিচপেনচনে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কোনো ধৰণৰ সতেজ কৰ আৰোপ কৰা নাই বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা আয়ৰ লোকসকলক আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে ।

কেন্দ্ৰীয় বাজেট 2023-24 ৰ লাইভ সম্প্ৰচাৰ হ’ব ইটিভি ভাৰতত ৷ ঠিক 11 বজাৰ লগে লগে আৰম্ভ হ’ব বাজেট অধিৱেশনৰ পোনপটায়া সম্প্ৰচাৰ । দূৰদৰ্শন আৰু সাংসদ টিভিয়ে কেন্দ্ৰীয় বাজেট ২০২৩-২৪ লাইভ সম্প্ৰচাৰ কৰিব । তেওঁলোকৰ অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ হ’ব কেন্দ্ৰীয় বাজেট ২০২৩ । ইয়াক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পিআইবি)ৰ দ্বাৰা লাইভ টেলিকাষ্টো কৰা হ’ব ।

লগতে পঢ়ক : Budget session 2023: আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.