ETV Bharat / bharat

Nirmala Sitharaman Slams Rahul Gandhi : আদানীৰ অভিযোগত ৰাহুল গান্ধীক তীব্ৰ সমালোচনা নিৰ্মলা সীতাৰমণৰ - Rahul Gandhi on Adani Issue

ৰাহুল গান্ধীক আদানীৰ প্ৰসংগত তীব্ৰ সমালোচনা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ (Nirmala Sitharaman Slams Rahul Gandhi on Adani issue) । মোডী চৰকাৰে আদানিক পক্ষপাতিত্ব কৰাৰ অভিযোগৰ ওপৰত ৰাহুলক সমালোচনা নিৰ্মলা সীতাৰমণৰ । তেওঁ ৰাহুল গান্ধীক একেটা ভুলকে পুনৰাবৃত্তি কৰি থকা বুলি উল্লেখ কৰে ।

Nirmala Sitharaman
Nirmala Sitharaman
author img

By

Published : Apr 7, 2023, 2:18 PM IST

নিউজ ডেস্ক, ৭ এপ্ৰিল : জ্যেষ্ঠ বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী চৰকাৰৰ দ্বাৰা আদানীক পক্ষপাতিত্ব কৰাৰ অভিযোগত ৰাহুল তীব্ৰ সমালোচনা কৰে (Nirmala Sitharaman Slams Rahul Gandhi on Adani issue) । এক সংবাদমেল সম্বোধন কৰি তেওঁ ৰাহুল গান্ধীক একেটা ভুলকে পুনৰাবৃত্তি কৰা বুলি অভিহিত কৰে ।

"যদি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে ভাবে যে আদানিক এই সকলোবোৰ বস্তু (অযথা অনুগ্ৰহ) দিয়া হৈছে, তেন্তে সেয়া সঁচা নহয় । মই এইটোও কওঁ যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ ক্ষেত্ৰত তেওঁ এতিয়া একেটা ভুলকে পুনৰাবৃত্তি কৰা অপৰাধী হৈ পৰিছে । আমি দেখিছিলোঁ যে 2019-ৰ নিৰ্বাচনৰ পূৰ্বে আৰু বৰ্তমান তেওঁ এইটো পুনৰ কৰি আছে । তেওঁ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত কৰিব বিচৰা এই সকলো মিছা অভিযোগৰ পৰা কোনো শিক্ষা লোৱা দেখা যোৱা নাই ।" নিৰ্মলা সীতাৰমণে কয় (Finance Minister Nirmala Sitharaman on Adani issue) ।

আনহাতে, তেওঁ ৰাহুল গান্ধীৰ ওপৰত আদানীৰ পক্ষত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কয় যে কেৰালাৰ প্ৰাক্তন কংগ্ৰেছ চৰকাৰে কোনো নিবিদা অবিহনে আদানীক ভিজিঞ্জম বন্দৰ নিৰ্মাণৰ চুক্তি দিছিল (Rahul Gandhi on Adani Issue) । "এয়া আছিল (তেতিয়াৰ) কংগ্ৰেছ চৰকাৰ (কেৰালাত), যিয়ে আদানীক ভিজিঞ্জাম বন্দৰ প্ৰদান কৰিছিল । এইটো কোনো নিবিদাৰ আধাৰত দিয়া হোৱা নাছিল । বৰ্তমান এইখন (কংগ্ৰেছ) চৰকাৰ নহয়, চিপিএমৰ চৰকাৰ । কিন্তু তেওঁক কিহে সুধিবলৈ আৰু দাবী কৰাত বাধা দিছে যে কেৰালাই সেই আদেশ বাতিল কৰিব ?" তেওঁ লগতে কয় যে ৰাজস্থানৰ সমগ্ৰ সৌৰ প্ৰকল্পটো কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰে আদানীক দিছে ।

উল্লেখ্য যে ১৯৭০-ৰ দশকৰ শেষৰ ফালে ইন্দিৰা গান্ধী চৰকাৰে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাত বিজেপিৰ দুজন জ্যেষ্ঠ কেন্দ্ৰীয় নেতাৰ বাংগালোৰত (তেতিয়াৰ) গ্ৰেপ্তাৰ হোৱাৰ কথা স্মৰণ কৰি নিৰ্মলা সীতাৰমণে সংবাদমেলত কয় যে তেওঁৰ দলৰ বাংগালুৰুৰ সৈতে এক আৱেগিক সম্পৰ্ক আছে ।

তেওঁ অভিযোগ কৰে যে ইউপিএৰ কাৰ্যকালত উত্তৰ কৰ্ণাটকৰ কৃষকসকল সমস্যাত পৰিছিল আৰু তেওঁ দাবী কৰে যে এনডিএ শাসনলৈ অহাৰ পিচতহে পৰিস্থিতি উন্নত হৈছে । "বাংগালোৰৰ সৈতে বিজেপিৰ এক আৱেগিক সম্পৰ্ক আছে । জৰুৰীকালীন অৱস্থাত আমাৰ দুজন কেন্দ্ৰীয় নেতাক বাংগালোৰত গ্ৰেপ্তাৰ কৰা হৈছিল । উত্তৰ কৰ্ণাটকৰ লোকসকলে ইউপিএৰ সময়ত সমস্যাত ভুগি আছিল, কৃষকসকল সমস্যাত পৰিছিল । আমি বাৰে বাৰে এই কথাটো তদানীন্তন ইউপিএ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ ।" তেওঁ কয় ।

লগতে নিৰ্মলা সীতাৰমণে দাবী কৰে যে কেন্দ্ৰ আৰু কৰ্ণাটক দুয়োটাতে বিজেপি চৰকাৰৰ আগমনৰ পিচত কৰ্ণাটকত আন্তঃগাঁথনি প্ৰকল্পসমূহে প্ৰয়োজনীয় গুৰুত্ব লাভ কৰিছে । "আমাৰ আগমনৰ পিছচত কৰ্ণাটকত পথ, ঘাইপথ, ৰে'ল সেৱা, আন্তঃগাঁথনি, কৃষি আৰু শ্ৰমিকৰ কল্যাণ হৈ আছে । বাংগালোৰ-মহীশূৰ এক্সপ্ৰেছ ঘাইপথকে ধৰি ৰাজ্যখনত ১ লাখ কোটি টকাৰ পথ নিৰ্মাণ হৈছে । ২০০৯-১৪ বৰ্ষৰ ভিতৰত ৰাজ্যখনত ৰে'লৱেৰ কামৰ বাবে একেধৰণৰ ৮৩৫ কোটি টকাৰ অনুদান দিয়া হৈছিল । আমাৰ চৰকাৰ অহাৰ পিচৰে পৰা এতিয়ালৈকে ৰে'লৱেক ৭,৫৬১ কোটি টকা দিয়া হৈছে ।" সীতাৰমণে কয় ।

উল্লেখ্য যে নিৰ্বাচন আয়োগে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন ঘোষণা কৰাৰ পিচত এয়া হৈছে নিৰ্মলা সীতাৰমণৰ প্ৰথম কৰ্ণাটক ভ্ৰমণ । কৰ্ণাটক বিধানসভা নিৰ্বাচন অহা ১০ মে'ত অনুষ্ঠিত হ'ব (Karnataka assembly election 2023) ।

লগতে পঢ়ক :Telangana SSC Paper Leak Case : তেলেংগানা বিজেপিৰ সভাপতিক চৰ্তসাপেক্ষ জামিন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.