ETV Bharat / bharat

বাদুলীৰ নমুনাত পোৱা গৈছে নিপা ভাইৰাছৰ অৱস্থিতি !

author img

By

Published : Sep 29, 2021, 9:06 PM IST

বাদুলি হ'ব পাৰে নিপা ভাইৰাছ সংক্ৰমণৰ এক অন্যতম উৎস ৷ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে(Veena George) ভাইৰাছবিধৰ উৎস সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি এই আশংকা ব্যক্ত কৰিছে ৷ নিপাত আক্ৰান্ত হৈ কেৰালাৰ এটি 12 বছৰীয়া কিশোৰ মৃত্যুমুখত পৰাৰ পাচতে কৰা নমুনা পৰীক্ষণত কিশোৰজনৰ ঘৰৰ চৌহদত পোৱা দুটা প্ৰজাতিৰ বাদুলিৰ সৈতে ভাইৰাছৰ সম্পৰ্ক বিচাৰি পোৱা গৈছে ৷

Kerala Health Minister
কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জ

নেশ্যনেল ডেস্ক , 29 ছেপ্টেম্বৰ : নিপা ভাইৰাছত কেৰালাৰ এটি 12 বছৰীয়া কিশোৰ মৃত্যুমুখত পৰাৰ পাচতে ভাইৰাছবিধৰ উৎস বিচাৰি কেৰালা চৰকাৰ যথেষ্ট তৎপৰ হৈ পৰিছিল ৷ কেৰালাৰ Kozhikode জিলাত নিপা ভাইৰাছত আক্ৰান্ত হৈ 12 বছৰীয়া কিশোৰটিৰ মৃত্যু হোৱা ঘটনাৰ প্ৰায় এমাহ পাচত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে(Veena George) ভাইৰাছবিধৰ উৎস সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি, বাদুলিক ভাইৰাছৰ উৎস হিচাপে ধৰি ল'ব পাৰি ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, পুনেৰ National Institute of Virologyত সম্পন্ন হোৱা পৰীক্ষাত কিশোৰজনৰ ঘৰৰ চৌহদত পোৱা দুটা প্ৰজাতিৰ বাদুলিৰ সৈতে ভাইৰাছৰ সম্পৰ্ক বিচাৰি পোৱা গৈছে আৰু বাকী নমুনাসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰি থকা হৈছে ৷ বিগত ২১ দিনত নিপা ভাইৰাছ সংক্ৰমণৰ কোনো ঘটনা নোহোৱাত স্বস্তিৰ নিশ্বাস এৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিৰোধমূলক ব্যৱস্থাই প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : Nipah Virusৰ সংক্ৰমণৰ উৎস বিচাৰি তৎপৰ কেৰালা

উল্লেখ্য যে, ইয়াৰ পূৰ্বে Chathamangalam পঞ্চায়তৰ বিভিন্ন অংশৰ পৰা সংগ্ৰহ কৰা rambutan আৰু তামোলকে ধৰি কেইবাবিধো ফল আৰু বাণিজ্যিক শস্য নিপাৰ বাবে পৰীক্ষা কৰা হৈছিল আৰু ফলাফল ঋণাত্মক আহিছিল ৷ পুনেৰ National Institute of Virologyলৈ নমুনাসমূহ প্ৰেৰণ কৰা হৈছিল ৷ অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে নিপাৰ উৎস বিচাৰি এটা কেন্দ্ৰীয় দলো Chathamangalam পঞ্চায়তত উপস্থিত হৈছিল ৷

নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত কিশোৰটিৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ পাচতে স্থানীয় কৰ্তৃপক্ষই Kozhikode আৰু কাষৰীয়া অঞ্চলসমূহত ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰি ইয়াৰ প্ৰতিৰোধৰ বাবে নামি পৰিছিল ৷ তেওঁলোকে জিলাখনত স্বাস্থ্য সতৰ্কতা ঘোষণা কৰাৰ লগতে মৃত কিশোৰজনৰ ঘৰৰ চাৰিওফালে প্ৰায় তিনি কিলোমিটাৰ অঞ্চল বন্ধ কৰি ৰাখিছিল ৷ মন কৰিবলগীয়া যে, ২০১৮ চনত কেৰালাত নিপা ভাইৰাছৰ ফলত ২১ জন লোকৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক : কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত কিশোৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.