ETV Bharat / bharat

নিপা ভাইৰাছ : কেৰালাত মৃত্যু হোৱা কিশোৰৰ সংস্পৰ্শৰ 8 ব্যক্তিৰ ৰিপ’ৰ্ট নিগোটিভ - নিপা ভাইৰাছ শেহতীয়া বাতৰি

কেৰালাত সদ্যহতে পোহৰলৈ অহা নাই নিপা ভাইৰাছত আক্ৰান্ত কোনো নতুন ৰোগীৰ ঘটনা ৷ 5 ছেপ্তেম্বৰত নিপা ভাইৰাছত আক্ৰান্ত হৈ মুত্যু হোৱা কিশোৰজনৰ সংস্পৰ্শলৈ অহা 8 জনৰ পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে ৷

নিপা ভাইৰাছ : কেৰালাত মৃত্যু হোৱা কিশোৰটিৰ সংস্পৰ্শলৈ অহা 8 জনৰৰ ৰিপোৰ্ট নিগোটিভ

author img

By

Published : Sep 7, 2021, 1:12 PM IST

নেশ্যনেল ডেস্ক, 7 ছেপ্তেম্বৰ : কেৰালাত নিপা ভাইৰাছ (Nipah Virus)ত মৃত্যু হোৱা কিশোৰজনৰ সংস্পৰ্শত অহা 8 জনকৈ লোকৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ ৷ এই বাতৰি নিশ্চিন্তে এক স্বস্তিৰ নিঃশ্বাস বুলি সদৰী কৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে ৷

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় "কিশোৰজনৰ অভিভাৱক আৰু যিসকল স্বাস্থ্যকৰ্মীয়ে কিশোৰজনক চোৱা-চিতা কৰিছিল, তেওঁলোক আটাইৰে পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে ৷ ই নিশ্চিন্তে এক স্বস্তিৰ বাতৰি ৷ মঙলবাৰে আৰু স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰা হ’ব" ৷ স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, বৰ্তমানলৈকে কিশোৰজনৰ সংস্পৰ্শলৈ অহা 251 গৰাকী লোকক চিনাক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত 129 গৰাকী স্বাস্থ্যকৰ্মী ৷ আনহাতে, 58 গৰাকীক high-risk ভাগত ভগোৱা হৈছে ৷

লগতে পঢ়ক : Nipah Virusৰ সংক্ৰমণৰ উৎস বিচাৰি তৎপৰ কেৰালা

তেওঁলোক আটায়ে কিশোৰজনৰ সৈতে চিকিৎসা মহাবিদ্যালয়খনৰ আইচ’লেশ্যন ৱাৰ্ডত আছিল ৷ চিকিৎসালয়খনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যিসকলৰ দেহত এই ৰোগৰ লক্ষণ ধৰা পৰিছিল, তেওঁলোক সম্প্ৰতি সুস্থ ৷ ইতিমধ্যে কেৰালাৰ স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যখনত নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এলাৰ্ট জাৰি কৰিছে ৷ ইয়াৰে ভিতৰত কেৰালাৰ কোজিকোডে, কণ্ণৌড়, মলপ্পুৰম আৰু ৱায়াণ্ডাত জাৰি কৰা হৈছে হাই এলাৰ্ট ৷

স্থানীয় প্ৰশাসনে এই ৰোগৰ উৎসৰ সন্ধান উলিয়াই ইয়াৰ তাৎক্ষণিকভাৱে সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে ৷ যোৱা 5 ছেপ্তেম্বৰত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত এজন 12 বছৰীয়া কিশোৰৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই তৎপৰ হৈ পৰে কেৰালাৰ স্বাস্থ্য বিভাগ ৷

পুণেস্থিত National Institute of Virology ত কিশোৰটিৰ স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ কিশোৰগৰাকী 27 আগষ্টৰ পৰাই জ্বৰত আক্ৰান্ত হৈ আছিল ৷ প্ৰথমাৱস্থাত কিশোৰজনক স্থানীয় এখন ক্লিনিকত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত কোজিকোডে চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰ পৰা কিশোৰজনৰ আন এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাতে মৃত্যু ঘটে ৷

লগতে পঢ়ক : কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত কিশোৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.