ETV Bharat / bharat

জম্মু-কাশ্মীৰত NIA ৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান

author img

By

Published : Nov 25, 2021, 2:22 PM IST

সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানত NIA য়ে অভিযান চলায় । কিছুদিন পূৰ্বে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল NIA য়ে ।

JK
NIAৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) । বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰৰ একাধিক স্থানত সন্ত্ৰাসবাদ ষড়যন্ত্ৰ গোচৰৰ আধাৰত অভিযান চলাই সংস্থাটোৱে । কিন্তু কিহৰ আধাৰত সংস্থাটোৱে অনুসন্ধান চলাইছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । অৱশ্যে সঠিক সময় আহিলে সকলো কথা প্ৰকাশ কৰিব বুলি ক'লে সংস্থাটোৰ জ্যোষ্ঠ বিষয়াই ।

উল্লেখ্য যে প্ৰায় তিনিদিন পূৰ্বে NIAয়ে কাশ্মীৰৰ পৰা খুৰৰাম পাৰভেজ নামৰ এগৰাকী মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল । ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকা আৰু পাকিস্তানৰ এটা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে পোনপটীয়া সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পাৰভেজক । সেয়ে পাৰভেজৰ গ্ৰেপ্তাৰৰ পাছতে NIAৰ এই অভিযানে সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

পাৰভেজ সম্পৰ্কে সংস্থাটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কৈছিল যে পাৰভেজ এটা নিষিদ্ধ পাকিস্তানী সংগঠনৰ অভাৰ গ্ৰাউণ্ড ৱৰ্কৰ্ছ (OWGs) আছিল । বিষয়াগৰাকীয়ে অৱশ্যে তদন্তৰ খাতিৰত নিষিদ্ধ পাকিস্তানী সংগঠনটোৰ নাম প্ৰকাশ কৰা নাছিল ।

বিষয়াগৰাকীয়ে দাবী কৰা মতে পাৰভেজৰ বিৰুদ্ধে বহু প্ৰমাণ আছে । যিবোৰৰ দ্বাৰা তেওঁক আদালতত দোষী সাব্যস্ত কৰিব পৰা যাব । বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে পাৰভেজক গ্ৰেপ্তাৰ কৰা ঘটনাটোৰ হিমাচল প্ৰদেশৰ সৈতে কিছু সম্পৰ্ক আছে য'ত NIAৰ চোৰাংচোৱাই সোমবাৰে কাশ্মীৰৰ দুটা স্থানত অভিযান চলাইছিল ।

উল্লেখ্য যে পাৰভেজক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে NIAয়ে ২২ নৱেম্বৰত কাশ্মীৰৰ দুটাকৈ স্থানত আৰু হিমাচলৰ এটা স্থানত অভিযান চলাইছিল । সন্ত্ৰাসবাদীৰ পুঁজিৰ গোচৰত NIAৰ চলি থকা তদন্ত সন্দৰ্ভত পাৰভেজক গ্ৰেপ্তাৰ কৰা হৈছিল । সংস্থাটোৱে সোনৱাৰত পাৰভেজৰ বাসগৃহ আৰু শ্ৰীনগৰৰ আমিৰা কাদালৰ কাৰ্যালয়ত অভিযান চলাইছিল ।

NIAৰ সূত্ৰই কোৱা মতে পাৰভেজৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA) আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । পাৰভেজ এছিয়ান ফেডাৰেচন এগেইনষ্ট ইনভেণ্টেল ডিচেপশ্বনছ (AFAD)ৰ অধ্যক্ষ আৰু জেকেচিচিএছৰ (JKCCS) কাৰ্যসূচী সমন্বয়ক ।

লগতে পঢ়ক : NIA conducts searches: তেলেংগানা আৰু অন্ধ্ৰৰ 14 স্থানত অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.