ETV Bharat / bharat

NIA Raids in Coimbatore Blast Case : কয়ম্বটুৰৰ গাড়ী বোমাৰ তদন্তত তিনি ৰাজ্যত NIA-ৰ অভিযান

author img

By

Published : Feb 15, 2023, 7:24 PM IST

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency, NIA) আইএছআইএছ সন্ত্ৰাসবাদীক সমৰ্থন কৰাৰ সন্দেহত বিভিন্ন সংগঠনৰ ৬০ টাতকৈও অধিক চৌহদত তালাচী চলাই আছে । ২০২২ চনত কয়েম্বটুৰ কোট্টাই ঈশ্বৰণ মন্দিৰৰ সন্মুখত বিস্ফোৰকভৰ্তি গাড়ী এখন বিস্ফোৰণ হোৱাৰ পিছত এজন ২৯ বছৰীয়া অভিযান্ত্ৰিক স্নাতকৰ অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে (NIA searches suspected ISIS terrorist supporters) ।

NIA
NIA Raids in Coimbatore Blast Case

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : NIA-ই চেন্নাই চহৰৰ ৬০ টাতকৈও অধিক স্থান আৰু তামিলনাডুৰ কেইবাখনো জিলাত কয়ম্বটুৰ আত্মঘাতী আক্ৰমণ সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (National Investigation Agency, NIA) দ্বাৰা গোচৰটোত জড়িত সন্দেহজনক আত্মঘাতী বোমাৰু আক্ৰমণৰ শংকা বিবেচনা কৰি একাধিক স্থানত তালাচী চলি আছে বুলি সূত্ৰত প্ৰকাশ (NIA raids over 60 locations in Chennai) ।

বিষয়াসকলৰ সূত্ৰ অনুসৰি, NIA-এ আইএছআইএছ সন্ত্ৰাসবাদী সংগঠনটোক সমৰ্থন কৰাৰ সন্দেহ থকা লোকসকলৰ চৌহদত তালাচী চলাই আছে (ISIS terrorist organisation) । লগতে তামিলনাডুত চেন্নাই, কয়েম্বটুৰ, মায়িলাডুথুৰাই, তিৰুনেলভেলি আৰু টেংকাচীকে ধৰি বহুতো জিলাত অভিযান চলি আছে ।

কয়ম্বটুৰ গাড়ী বিস্ফোৰণ গোচৰৰ তদন্তৰ সময়ত জব্দ কৰা বৃহৎ সংখ্যক নথি-পত্ৰৰ পৰা উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি শেহতীয়া অনুসন্ধান চলি আছে (Coimbatore car blast case) । এই ক্ষেত্ৰত ২০২২ চনৰ ২৩ অক্টোবৰত কয়ম্বটুৰৰ কোট্টাই ঈশ্বৰণ মন্দিৰৰ (Kottai Eeswaran Temple) সন্মুখত বিস্ফোৰকভৰ্তি গাড়ীখন বিস্ফোৰণ হোৱাৰ ফলত এজন ২৯ বছৰীয়া অভিযান্ত্ৰিক স্নাতকৰ অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে । পিচত অভিযুক্ত যুৱকজনৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাটো ওলাই পৰে (NIA raids in Coimbatore suicide attack case)।

গাড়ী বিস্ফোৰণত নিহত লোকজনক জেমছা মুবিন বুলি চিনাক্ত কৰা হৈছিল । তেওঁ এটা মন্দিৰ আৰু অট্টালিকাত সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল বুলি কোৱা হৈছিল । তাৰ পিছত NIA-ৰ দ্বাৰা আৰম্ভ কৰা বৃহৎ তালাচীৰ পিছত জিলাখনত আৰু চেন্নাই চহৰত স্থানীয় কৰ্তৃপক্ষই উচ্চ সতৰ্কতা অৱলম্বন কৰে । অধিক তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে ।

উল্লেখ্য, জেমছাক নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ সৈতে জড়িত বুলি ভবা হৈছিল । গাড়ী বিস্ফোৰণৰ গোচৰটো প্ৰথমতে চিবিচিআইডি (CBCID), তামিলনাডু আৰক্ষী বিভাগলৈ আৰু শেষত NIA-লৈ স্থানান্তৰ কৰা হৈছিল । তদন্তৰ অংশ হিচাপে NIA বিষয়াসকলে সন্ত্ৰাসবাদী সন্দেহজনকসকলৰ সৈতে জড়িত বহু ঠাইত তালাচী চলাইছিল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছিল ।

এই অনুসন্ধানৰ সময়ত এইটোও প্ৰকাশ পাইছিল যে জেমছা মুবিনে অকলশৰীয়া গেৰিলা আক্ৰমণৰ পৰিকল্পনা কৰিছিল । তেওঁ উপাসনাস্থলীক লক্ষ্য কৰি সেয়া ধ্বংস কৰিবলৈ আৰু ব্যাপক ক্ষতি কৰিবলৈ অনলাইনত বিস্ফোৰক আৰু সঁজুলি ক্ৰয় কৰি আত্মঘাতী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল । সংস্থাটোৱে মহম্মদ আজহাৰুদ্দিন, আবছাৰ খান, মহম্মদ তালহা, মহম্মদ ৰিয়াজ, পেৰোজ ইছমাইল, মহম্মদ নাৱাজ, ইৰাতুল্লা, চানোবৰ আলী, মহম্মদ তৌফিক, উমাৰ ফাৰুক, ফিৰোজ খানকে ধৰি ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

NIA বিষয়াসকলে এই ঘটনাটোত গভীৰভাৱে তদন্ত চলাইছে আৰু গ্ৰেপ্তাৰ কৰা লোকসকলক ঘটনাস্থলী আৰু ষড়যন্ত্ৰৰ পৰিকল্পনা কৰা ঠাইৰ দৰে বিভিন্ন ঠাইলৈ লৈ গৈছে । তদন্তৰ সময়ত লাভ কৰা নথিপত্ৰৰ ওপৰত ভিত্তি কৰি NIA বিষয়াসকলে বুধবাৰে তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ 60 টাতকৈও অধিক স্থানত নতুনকৈ তালাচী চলাই আছে ।

লগতে পঢ়ক :Aero India 2023 : তেজছ বিমানৰ প্ৰতি আগ্ৰহ বিভিন্ন দেশৰ; তিনিখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.