নেচনেল ডেস্ক, 17 জুন : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (National Investigation Agency)এ বৃহস্পতিবাৰে পুৱতি নিশা এণ্টিলিয়াৰ বোমাতংকৰ গোচৰ(Antilia' bomb scare case) আৰু মনসুখ হীৰেণৰ হত্যাকাণ্ড(Mansukh Hiren's murder case) ৰ তদন্তৰ সন্দৰ্ভত প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞ আৰক্ষী বিষয়া প্ৰদীপ শৰ্মাৰ আন্ধেৰীস্থিত বাসগৃহত অভিযান চলায় ৷
নিয়া(NIA) ৰ এটা দলে সশস্ত্ৰ চিআৰপিএফ জোৱানৰ সৈতে বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত পশ্চিম আন্ধেৰীৰ জে বি নগৰস্থিত শৰ্মাৰ ঘৰত তালাচী চলায় ৷ এনআইএৰ দলটোৱে তালাচী চলোৱাৰ অন্তত প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞগৰাকীক আটক কৰে ।
সূত্ৰ অনুসৰি, শৰ্মাক গোচৰটোৰ সন্দৰ্ভত NIAৰ দলে সোধ-পোছ কৰি আছে । ইতিমধ্যে বিষয়াগৰাকীয়ে বাস কৰা অট্টালিকাটোলৈ যোৱা পথবোৰ কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ দ্বাৰা ঘেৰাও কৰা হৈছে আৰু অঞ্চলটোত ৰাজহুৱা চলাচল নিষিদ্ধ কৰা হৈছে । এই অভিযানৰ বিষয়ে তথ্য পোৱাৰ পিছত মুম্বাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সুৰক্ষা কৰ্মী নিয়োজিত কৰে । ইয়াৰ পূৰ্বে তদন্তৰ অংশ হিচাপে শৰ্মাক নিয়াই দক্ষিণ মুম্বাইস্থিত কাৰ্যালয়ত দুদিন ধৰি সোধ-পোছ কৰিছিল ।
উল্লেখ্য যে, কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে ইয়াৰ পূৰ্বে প্ৰাক্তন আৰক্ষী বিষয়া শচীন ৱাজে, ৰিয়াজুদ্দিন কাজি, সুনীল মানে, প্ৰাক্তন আৰক্ষী কনিষ্টবল বিনায়ক চিন্দে আৰু ক্ৰিকেট বুকী নৰেশ গৌৰক এণ্টিলিয়া কাণ্ডৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । শেহতীয়াকৈ সন্তোষ শ্বেলাৰ আৰু আনন্দ যাদৱক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে নিয়াই ।
লগতে পঢ়ক: শিৱসেনাৰ সাত সদস্যৰ বিৰুদ্ধে এজাহাৰ