ETV Bharat / bharat

নকল ভাৰতীয় নোট যোগান ধৰাৰ অপৰাধত NIAৰ গোচৰ

author img

By

Published : Dec 31, 2020, 10:40 PM IST

আজি নকল ভাৰতীয় নোট যোগান ধৰাৰ অপৰাধত NIAই এজন অভিযুক্তৰ ওপৰত দাখিল কৰে অভিযোগনামা ৷ ইতিমধ্যে এই ঘটনাত জড়িত পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

NIA files chargesheet against man who smuggled fake Indian currency notes from Bangladesh
ভুৱা ভাৰতীয় মুদ্ৰা নোট যোগান ধৰাৰ অপৰাধত NIAৰ গোচৰ

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAয়ে বৃহস্পতিবাৰে ভাৰতত প্ৰচলনৰ বাবে বাংলাদেশৰ পৰা নকল ভাৰতীয় নোট সৰবৰাহ কৰাৰ অভিযোগত এজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰে ৷ সংস্থাটোৰ এজন বিষয়াই প্ৰকাশ কৰিছে এই তথ্য ৷

ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত পশ্চিমবংগৰ মালদা জিলাৰ ছেলিম এছকেৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ অভিযুক্ত জনে ভাৰতত এই নকল নোটখিনি যোগান ধৰিছিল বুলি জানিব পৰা গৈছে ৷ পাটনাৰ NIAৰ বিশেষ আদালতত এই গোচৰৰ তৃতীয়খন চাৰ্জশ্বীট দাখিল কৰা হৈছিল বুলি এজন NIAৰ মুখপাত্ৰই প্ৰকাশ কৰে ৷

বিষয়াজনে প্ৰকাশ কৰা তথ্য অনুসৰি, এই গোচৰটো ২০১৯ বৰ্ষৰ ২ ফেব্ৰুৱাৰীত ৰুজু কৰা হৈছিল ৷ বিহাৰৰ বেটিয়া আৰক্ষীয়ে জুলকাৰ শ্বেখ নামৰ এজন লোকৰ পৰা নকল ভাৰতীয় নোট জব্দ কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিছিল ৷ জুলকাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল প্ৰায় 4 লাখ টকা ৷ আজি এই অপৰাধৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় ৷

NIAৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কলকাতাৰ প্ৰেচিডেন্সি ৰিকেলেচন হোমত থকা শ্বাহনাৱাজ শ্বেখ আৰু মনালাল চৌধুৰীয়ে তেওঁলোকৰ সহযোগী কামুৰুজ্জ্বলমান, ৰাকেশ চৌধুৰী আৰু জুলকাৰ শ্বেখৰ সহায়তে এই কাৰ্য কৰিছিল ৷

ইতিমধ্যে জুলকাৰ শ্বেখৰ উপৰিও কামিৰুজ জামান, ৰাকেশ চৌধুৰী, শ্বাহনাৱাজ শ্বেখ আৰু মানালাল চৌধুৰী আৰু চেলিম এছ কেক আটক কৰা হৈছে ৷ ধৃত কামিৰুজ জামানক চেলিম এছ কেৰ পৰা এফআইচিএন ক্ৰয় কৰাৰ অপৰাধত চলিত বৰ্ষৰ ৬ অক্টোবৰত আটক কৰা হৈছিল ৷

অন্য এক খবৰৰ বাবে: নৱবৰ্ষৰ প্ৰাক ক্ষণত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.