নেশ্যনেল ডেস্ক, ৩০ ছেপ্টেম্বৰ : মুম্বাইৰ এণ্টিলিয়া (Antilia) কাণ্ডৰ মূল অভিযুক্ত তথা মুম্বাই আৰক্ষীৰ প্ৰাক্তন বিষয়া শচীন ৱাজেৰ শেহতীয়াকৈ এক অস্ত্ৰোপচাৰ সম্পন্ন হয় । ১৩ ছেপ্টেম্বৰত এখন ব্যক্তিগত চিকিৎসালয়ত হৃদযন্ত্ৰৰ বাইপাছ অস্ত্ৰোপচাৰ কৰোৱা হৈছিল ৱাজেৰ । অস্ত্ৰোপচাৰৰ পাছতে আৰোগ্য হোৱাৰ বাবে তিনি মাহৰ বাবে নিজকে গৃহবন্দী কৰি ৰাখিবলৈ আদালতত আবেদন কৰিছিল শচীন ৱাজেই । কিন্তু ৱাজেৰ এই আবেদন খাৰিজ কৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (NIA) বিশেষ আদালতে ।
বীজাণুমুক্ত পৰিৱেশত থাকি সুস্থ হোৱাটো বিচাৰিছিল ৱাজেয়ে । আনকি তেওঁৰ ঘৰত সাতজন আৰক্ষীক নিযুক্তি দিয়াৰ খৰচ বহন কৰিবলৈ সাজু আছিল ৱাজে । ৱাজেৰ অধিবক্তাই যুক্তি দিছিল যে কাৰাগাৰৰ চাৰিখন দেৱাল আৰু ওপৰৰ চাদৰ দৰেই তেওঁৰ ঘৰৰ দেৱালবোৰও সলনি কৰিব লাগে ।
কেৱল এয়াই নহয় কাৰাগাৰৰ দৰেই কঠোৰ নীতি-নিয়মৰ মাজত তেওঁক ৰখাৰ ব্যৱস্থা কৰিব পাৰে বুলি যুক্তি দিছিল । অধিবক্তাই লগতে কয় যে, অভিযুক্ত ৱাজে পলায়ন কৰাৰ কোনো প্ৰশ্নই নাই ৷ কিয়নো ৱাজে আৰক্ষীৰ জিম্মাত থাকিব, নিৰাপত্তাৰক্ষী থাকিব, তেওঁ থাকিব লগা কোঠাটোত বেলেগ বেলেগ প্ৰৱেশ পথ থাকিব ।
অধিবক্তাই লগতে আদালতক কৈছিল যে ৱাজেৰ পত্নী আৰু কন্যাই কেৱল ঔষধ আৰু খাদ্য যোগানৰ সময়তহে তেওঁক লগ কৰিব ।অধিবক্তাসকলেও কাৰাগাৰৰ নিয়ম অনুসৰি সপ্তাহত এবাৰ বা দুবাৰহে সাক্ষাৎ কৰিব ।
ৱাজেই আবেদনত উল্লেখ কৰা মতে তেওঁৰ স্বাস্থ্য উন্নত হোৱালৈ যাতে পৰিষ্কাৰ পৰিৱেশত থাকিব পাৰে, তাৰ বাবে গৃহবন্দীৰ বাবে আবেদন কৰিছে । বিশেষকৈ কাৰাগাৰাত যক্ষ্মা ৰোগ হোৱাৰ যথেষ্ট আশংকা কৰিছে ৱাজেই । ইফালে ৱাজেৰ এই আবেদন খাৰিজ কৰি তেওঁক তালোজা কাৰাগাৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিয়ে । অৱশ্যে আদালতে তেওঁক ঘৰুৱা খাদ্য যোগান ধৰিবলৈ অনুমতি দিয়ে আৰু কয় যে জৰুৰীকালীন অৱস্থাত তেওঁক জেজে চিকিৎসালয়লৈ স্থানান্তৰ কৰিব পাৰিব ।
NIA ৰ বিশেষ আদালতৰ ন্যায়াধীশে শুনানিৰ সময়ত গৃহবন্দীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে ৱাজে চাৰিৰ পৰা পাঁচ সপ্তাহৰ ভিতৰত আৰোগ্য হ'ব আৰু স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব । ইফালে NIA ৰ অধিবক্তাই ৱাজেৰ আবেদনৰ বিৰুদ্ধে যুক্তি দি কৈছিল যে তেওঁক গৃহবন্দী দিয়াৰ অৰ্থ হ'ব অন্তৱৰ্তীকালীন জামিন । তেওঁ লগতে কয় যে এগৰাকী অভিযুক্তৰ মৌলিক অধিকাৰ আছে, তাত কোনো সন্দেহ নাই ।
কিন্তু ন্যায়ালয়ে এই অধিকাৰক ৰাজহুৱা স্বাৰ্থৰ সৈতে সন্তুলিত কৰিব লাগিব । ইফালে হাস্পতালৰ পৰা ডিচচাৰ্জ লেটাৰ (discharge letter) দিয়া হৈছে । তাত ৰোগী গৰাকীয়ে ল'বলগীয়া সাৱধানতাসমূহ উল্লেখ কৰা হৈছে ।
ডিচাৰ্জ লেটাৰত উল্লেখ কৰা মতে ৱাজেই তেওঁৰ দৈনন্দিন কাম আৰম্ভ কৰিব পাৰিব । আনহাতে ছয় সপ্তাহৰ পিছত তেওঁ গধুৰ কামও আৰম্ভ কৰিব পাৰিব । অভিযুক্তগৰাকীয়ে যদি কাৰাগাৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেনেহ'লে ৰাজহুৱা অধিবক্তাই তেওঁক বিশেষ হাস্পতালত থকাৰ বিকল্প দিছিল ।
চৰকাৰী অধিবক্তাৰ মতে গৃহবন্দীৰ অনুমতি দিলে তেওঁৰ পৰৱৰ্তী অনুসন্ধানত বাধা আহিব পাৰে । ঘৰত তেওঁৰ আত্মীয় আৰু আন লোকে আহি লগ কৰিব পাৰে আৰু সাক্ষীসকল ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে । উল্লেখ্য যে, মুকেশ আম্বানীৰ ঘৰৰ সমীপত এখন বাহনৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত NIA য়ে মাৰ্চত ৱাজেক গ্ৰেপ্তাৰ কৰিছিল । বাহনখনৰ গৰাকী মনসুখ হীৰেনৰ হত্যাৰ অভিযোগো আছে ৱাজেৰ বিৰুদ্ধে আৰু ৱাজেক মে' মাহত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।
লগতে পঢ়ক : তিনি বছৰত ত্ৰিপুৰাত দহজন বিধায়কক আক্ৰমণ