ETV Bharat / bharat

আৰক্ষী বিষয়াৰ হত্যাৰ অভিযুক্তৰ বিৰুদ্ধে নিয়াৰ ছাৰ্জশ্বীট

author img

By

Published : Mar 6, 2021, 5:40 PM IST

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA) শনিবাৰে তিনি বড়ো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিশেষ নিয়া আদালতত দাখিল কৰিছে ছাৰ্জশ্বীট ৷ 2014 চনত অসমৰ প্ৰাক্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গুলজাৰ হুছেইনক হত্যা কৰাৰ অভিযোগত দাখিল কৰা হৈছে এই ছাৰ্জশ্বীট ৷

আৰক্ষী বিষয়াৰ হত্যাৰ অভিযুক্তৰ বিৰুদ্ধে নিয়াৰ ছাৰ্জশ্বীট
আৰক্ষী বিষয়াৰ হত্যাৰ অভিযুক্তৰ বিৰুদ্ধে নিয়াৰ ছাৰ্জশ্বীট

নিউজ ডেস্ক, 6 মাৰ্চ : 2014 চনত প্ৰাক্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গুলজাৰ হুছেইনক হত্যা কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA) শনিবাৰে তিনি বড়ো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিশেষ নিয়া আদালতত দাখিল কৰিছে ছাৰ্জশ্বীট ৷

বিবৃতিত নিয়াই কয় যে, ভাৰতীয় দণ্ডাবিধিৰ 34, 120B, 302, 307 আৰু 326 ৰ 16, 18, 20 অনুচ্ছেদৰ অধীনত বিষ্ণু নাৰ্জাৰী, নিতুল দৈমাৰী আৰু নাইহাব দৈমাৰীৰ বিৰুদ্ধে ছাৰ্জশ্বীট দাখিল কৰা হৈছে ৷

উল্লেখ্য যে, 2014 চনৰ 28 জানুৱাৰীত সংঘটিত এই ঘটনা সম্পৰ্কত ঢেকিয়াজুলি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল ৷ এক এম্বুছৰ ফলত অতিৰিক্ত আৰক্ষী অধীক্ষক গুলজাৰ হুছেইন, এজন নাগৰিক নিহত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল বহুকেইজন আৰক্ষী জোৱান ৷

নিয়াই কয়, "ঘটনাৰ তদন্তৰ পৰা এই তথ্য প্ৰকাশ পালে যে, NDFB-S য়ে এম্বুছ বিস্ফোৰণ কৰিছিল ৷ ইয়াৰ ফলত হুছেইন, এজন সাধাৰণ লোক নিহত হোৱাৰ লগতে আহত হৈছিল বহুকেইজন আৰক্ষী জোৱান ৷"

বিষ্ণু নাৰ্জাৰী আৰু নিতুল দৈমাৰীৰ বিৰুদ্ধে অন্য গোচৰো ৰুজু হৈ থকাৰ লগতে বিষ্ণুক মৃত্যুদণ্ড ঘোষণা কৰা হৈছিল আৰু নিতুলক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল ৷

আনহাতে, এই গোচৰৰ সৈতে জড়িত অন্য দুই NDFB কেদাৰ ক্ৰমে খাম দৈমাৰী আৰু জুনু বসুমতাৰী পূৰ্বেই সুৰক্ষা বাহিনীৰ সৈতে এক পৃথক এনকাউন্টাৰত নিহত হৈছিল ৷

লগতে পঢ়ক : গৰু সৰবৰাহৰ সৈতে জড়িত দুই আইপিএছ বিষয়াক চমন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.