ETV Bharat / bharat

Crime in Bihar : অমানৱীয়; তৃতীয় মহলাৰ পৰা দলিয়ালে কন্যা শিশুক ! - অমানৱীয় ঘটনা

বিহাৰত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ তিনি মহলাৰ ওপৰৰ পৰা দলিয়ালে নৱজাতকক ৷ শিশুটি এতিয়া নিৰাপদ বুলি জানিবলৈ দিছে চিকিৎসকে ৷

Newborn girl thrown down from third floor
বিহাৰত সংঘটিত হৈছে এক অমানৱীয় ঘটনা
author img

By

Published : Aug 16, 2023, 8:50 PM IST

নিউজ ডেস্ক, 16 আগষ্ট : বিহাৰৰ বেটিয়াত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ তিনি মহলাৰ ওপৰৰ পৰা দলিয়ালে নৱজাতকক ৷ অৱশ্যে সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰে কন্যা শিশুটিৰ ৷ বৰ্তমান নৱজাতকটি নৰকটিয়াগঞ্জ উপ-বিভাগীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

জানিব পৰা মতে বুধবাৰে পুৱা মহকুমা চিকিৎসালয়খনৰ জৰুৰীকালীন ৱাৰ্ডৰ পিছফালে শিশুটিৰ কান্দোনৰ শব্দ হয় শুনা যায় ৷ নৈশ চকীদাৰ প্ৰদীপ গিৰিয়ে কেঁচুৱাটোৰ মাত শুনি সহকৰ্মীক মাতি আনি পানীত সোমাই নৱজাত শিশুটিক উদ্ধাৰ কৰে ৷ পৰিত্যক্ত অৱস্থাত পেলাই দিয়া নৱজাতক কেঁচুৱাটিৰ বিষয়ে চিকিৎসালয় প্ৰশাসনক অৱগত কৰা হয় ৷ ইয়াৰ পিছতে চিকিৎসালয় প্ৰশাসনে কন্যা শিশুটিৰ চিকিৎসা আৰম্ভ কৰিছে ৷

নৈশ চকীদাৰ প্ৰদীপ গিৰিয়ে কয় যে, "যেতিয়া আমি শিশুটিয়ে কান্দি থকা শুনি চাবলৈ গৈছিলো, তেতিয়া শিশুটি মাটিত পৰি আছিল ৷ চাৰিওফালে পানী জমা হৈ আছিল ৷ আমি শিশুটিক পানীত সোমাই বাহিৰলৈ উলিয়াই আনিছিলো আৰু তাৰ পিছত চিকিৎসালয়লৈ লৈ আহিছিলো ৷ চিকিৎসকে ছোৱালীজনীক চিকিৎসা কৰিছে ৷ শিশুটিক তিনি মহলাৰ ওপৰৰ পৰা তললৈ পেলাই দিয়া হৈছিল ৷ শিশুটি এতিয়া নিৰাপদ।"

কন্যা শিশুটিৰ পিতৃ-মাতৃ কোন আৰু ক’ত ? শিশুটি কেনেকৈ তালৈ আহিল? এই সকলোবোৰ কথাৰ তদন্ত চলি আছে ৷ শিশুটিৰ পিতৃ-মাতৃৰ তথ্য সংগ্ৰহৰ কামত ব্যস্ত হৈ পৰিছে চিকিৎসালয় প্ৰশাসন ৷ বৰ্তমান চিকিৎসালয়ৰ কৰ্মীসকলে নৱজাতকৰ যত্ন লৈ আছে ৷ এই নৱজাতকটিক হয়তো নিষ্ঠুৰ মাতৃয়ে পৰিত্যাগ কৰিছে, কিন্তু চিকিৎসালয়ত মহিলা কৰ্মচাৰীয়ে মাতৃৰ দৰে শিশুটিৰ যত্ন লৈছে ৷

স্থানীয় লোকৰ মতে এই নিৰীহ দেৱ শিশুটি ছোৱালী হোৱাৰ বাবে এনেদৰে শাস্তি দিয়া হৈছে ৷ আজিও সংকীৰ্ণ মনৰ মানুহে কন্যাৰ জন্ম উদযাপন নকৰে আৰু তেওঁলোকক আন কাৰোবাৰ ধন হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ সমান্তৰালকৈ আজিও ছোৱালী জন্মৰ পিছত হত্যাৰ প্ৰক্ৰিয়া চলি আছে ৷ এনে ঘটনা প্ৰতিৰোধ কৰিবলৈ দেশত বহু কঠিন আইন প্ৰণয়ন কৰা হৈছে যদিও এনে ঘটনা এতিয়াও বন্ধ হোৱা নাই ৷

লগতে পঢ়ক : One dies due to electrocution: বেৰৰ ফুটাৰে জুমিবলৈ গৈ চৰ্ট শ্বাৰ্কিট হৈ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.