ETV Bharat / bharat

ভাৰতৰ পৰা যোৱা লোকৰ প্ৰৱেশ অস্থায়ীভাৱে নিষিদ্ধ নিউজিলেণ্ডত - thursday

ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিউজিলেণ্ডত সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে ভাৰতৰ পৰা যোৱা লোকৰ প্ৰৱেশ । অহা ২৮ এপ্ৰিল পৰ্যন্ত ভাৰতৰ ভ্ৰমণকাৰীৰ প্ৰৱেশ অস্থায়ীভাৱে নিষিদ্ধ কৰি হৈছে । সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে ।

নিউজিলেণ্ডত অস্থায়ীভাৱে নিষিদ্ধ ভাৰতৰ ভ্ৰমণকাৰীৰ প্ৰৱেশ

author img

By

Published : Apr 8, 2021, 12:47 PM IST

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : বিশ্বৰ বিভিন্ন দেশত পুনৰ বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ । ভাৰততো পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে সংক্ৰমণ । কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিউজিলেণ্ডত ভাৰতৰ পৰা যোৱা লোকৰ প্ৰৱেশ অস্থায়ীভাৱে নিষিদ্ধ কৰা হৈছে । ভাৰতৰ পৰা দেশখনলৈ উভতি যোৱা বহু লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিউজিলেণ্ড চৰকাৰে ।

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয় যে, এই নিষেধাজ্ঞা দেওবাৰৰ পৰা কাৰ্যকৰী হ'ব আৰু অহা ২৮ এপ্ৰিললৈকে অব্যাহত থাকিব । তেওঁ কয় যে, ভাৰতৰ পৰা উভতি অহা অধিকাংশ লোক মহামাৰীত আক্ৰান্ত হৈছে । সেয়ে, মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাত বাধা দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে । তেওঁ লগতে কয় যে, নিউজিলেণ্ড চৰকাৰে প্ৰথমবাৰৰ বাবে নাগৰিকসকলৰ ভ্ৰমণ আৰু ঘৰলৈ উভতি যাবলৈ বিচৰা আৱাসীসকলৰ ভ্ৰমণ স্থগিত ৰাখিছে ।

ইফালে, নিউজিলেণ্ডৰ এখন হোটেলৰ এগৰাকী নিৰাপত্তাৰক্ষী মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে । কিন্তু তেওঁৰ আন লোকলৈ সংক্ৰমণ হৈছে নে নাই সেয়া এতিয়াও প্ৰমাণিত হোৱা নাই । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, নিউজিলেণ্ডে ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে যেতিয়া কোনো লোক আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হয়, তেতিয়া ই চিন্তাৰ বিষয় হৈ পৰে ।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা মতে, ক'ভিড-১৯ত আক্ৰান্ত নিৰাপত্তাৰক্ষীগৰাকীয়ে অকলে বাস কৰে আৰু এজন সহকৰ্মীৰ সৈতে কাম কৰে । বৰ্তমান দুয়োজনকে আইছ'লেছনত ৰখা হৈছে । স্বাস্থ্য সঞ্চালক প্ৰধান এছলে ব্লুমফিল্ডে কয় যে, ২৪ বছৰীয়া নিৰাপত্তাৰক্ষীজনক প্ৰতিষেধক প্ৰদান কৰা হোৱা নাছিল ।

উল্লেখ্য যে, নিউজিলেণ্ডে টীকাকৰণৰ ক্ষেত্ৰত সীমান্তত কৰ্মৰত জোৱানক অগ্ৰাধিকাৰ দি আহিছে । মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত পাঁচ নিযুত লোকৰ বসতি থকা দেশখনত ২,৫০০ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক:এক নতুন এজেণ্ডা লৈ আগবাঢ়িছে আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.