নিউজ ডেস্ক , 1 ছেপ্তেম্বৰ : 1979 চনৰ পৰা আফগানিস্তানৰ বহু শৰণাৰ্থীক ভাৰতে আশ্ৰয় প্ৰদান কৰি আহিছে ৷ ঘৰৰ পৰা বহু দূৰৈত ভাৰত তেওঁলোকৰ বাবে অন্য এখন ঘৰৰ দৰে হৈ পৰিছে ৷ ভাৰতবৰ্ষ যদিও 1951 চনৰ ৰাষ্ট্ৰসংঘৰ সন্মিলন(1951 UN Convention) অথবা 1967 চনৰ প্ৰট'কল(1967 Protocol)ৰ স্বাক্ষৰকাৰী নহয় আৰু ভাৰতৰ কোনো শৰণাৰ্থী নীতি(refugee policy) বা শৰণাৰ্থী আইন(refugee law) নাই, তথাপিও সেই সময়ৰ নিৰাপত্তা আৰু ভূ-ৰাজনৈতিক পৰিস্থিতি(security and geopolitical scenario)ৰ ওপৰত নিৰ্ভৰ কৰি 1979 চনৰে পৰা আফগান শৰণাৰ্থীসকলক ভাৰতে আশ্ৰয় প্ৰদান কৰি আহিছে ৷
এতিয়া তালিবানে(Taliban) আফগানিস্তান(Afghanistan) দখল কৰাৰ সমান্তৰালকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই(US troops)ও যুদ্ধবিধ্বস্ত দেশখনৰ পৰা প্ৰস্থান কৰাৰ লগে লগে আফগানিস্তানৰ বহু লোকেই জীৱনৰ মমতাত চুবুৰীয়া দেশলৈ পলায়ন কৰিবলৈ ধৰিছে ৷ উল্লেখ্য যে, দেশখনত কোনোধৰণৰ হত্যা-হিংসা সংঘটিত নহয় আৰু মহিলাসকলক কাম কৰাৰ বাবে আৰু শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো বাধা দিয়া নহয় বুলি তালিবানে আশ্বাস দিয়া স্বত্বেও ভয় আৰু অনিশ্চয়তাত এইসকল লোকে দেশৰ পৰা পলায়ন কৰিছে ৷ চুবুৰীয়া বহু দেশলৈ এই লোকসকল পলায়ন কৰাৰ সময়তে আফগানিস্তানৰ পৰম্পৰাগত সহযোগী ৰাষ্ট্ৰ ভাৰতেও আশ্ৰয় প্ৰদানৰ বাবে অনুৰূপ অনুৰোধ লাভ কৰিছে ৷
এনে পৰিস্থিতিত শৰণাৰ্থীৰ সংকটৰ মোকাবিলা কৰিবলৈ ভাৰতৰ বাবে এক নিৰ্দিষ্ট নীতি(stated policy) অতি প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে ৷ কিয়নো অনাদিকালৰ পৰাই ভাৰতে নিৰ্যাতিত সংখ্যলঘুসকলৰ বাসগৃহ হিচাপে সেৱা আগবঢ়াই আহিছে ৷ ইফালে যুদ্ধবিধ্বস্ত আফগানিস্তানত পুনৰ বাঢ়ি অহা সংকটৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দলসমূহে চৰকাৰক 'কা'(CAA)পুনৰীক্ষণৰ বাবে আহ্বান জনাইছে ৷ ইয়াৰ লগে লগে নাগৰিকত্ব সংশোধনী আইন 2019(Citizenship Amendment act of 2019)ৰ বিষয়টো পুনৰ চৰ্চালৈ অহা পৰিলক্ষিত হৈছে ৷
এই সন্দৰ্ভত এক কূটনৈতিক দৃষ্টিভংগী গ্ৰহণ কৰি প্ৰাক্তন ৰাষ্ট্ৰদূত জীতেন্দ্ৰ ত্ৰিপাঠী(former ambassador Jitendra Tripathi)এ কয় যে, যদিও ভাৰত চৰকাৰে 'কা'(CAA)ত এই কথা নিশ্চিত কৰিছে যে, ভাৰতে কেৱল আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তান আদি দেশৰ শিখ আৰু হিন্দু শৰণাৰ্থীসকলকহে গ্ৰহণ কৰিব, ইয়াৰ অৰ্থ এইটো নহয় যে, আন ধৰ্মৰ শৰণাৰ্থীসকলক ভাৰতে গ্ৰহণ নকৰে ৷ এইক্ষেত্ৰত তেওঁলোকৰ পৰিস্থিতিৰ আধাৰত সিদ্ধান্ত লোৱা হ'ব বুলি জানিবলৈ দি কেইখনমান বিমানত আফগান হিন্দু(Afghan Hindu) সকলৰ লগতে আফগান মুছলমানো(Afghan Muslim) ভাৰতলৈ আহিছে বুলি তেওঁ উল্লেখ কৰে ৷
সেয়ে, সাম্প্ৰতিক সময়ত দ্ৰুতগতিত অৱনতি হোৱা সুৰক্ষা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে প্ৰতিজন শৰণাৰ্থীক অতি সাৱধানে পৰীক্ষা কৰা উচিত বুলি তেওঁ মন্তব্য কৰে ৷ শৰণাৰ্থীৰ বেশত সন্ত্ৰাসবাদী থাকিব পাৰে বুলি আশংকা ব্যক্ত কৰি অতি সতৰ্কতাৰে পৰীক্ষা কৰাৰ পাচতহে শৰণাৰ্থীক আহিবলৈ অনুমতি দিব লাগে বুলি ত্ৰিপাঠীয়ে মন্তব্য কৰে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও শ্ৰীলংকা, বাংলাদেশ আৰু তিব্বতৰ লোকসকলক ভাৰতে শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান কৰিছে ৷ ত্ৰিপাঠীয়ে জানিবলৈ দিয়া মতে, UNHCR হৈছে কেৱল এক পৰামৰ্শদাতা সংস্থা ৷ কাক আশ্ৰয় দিব লাগে আৰু কাক নালাগে সেই সন্দৰ্ভত এই সংস্থাই দেশসমূহক কোনো নিৰ্দেশ দিব নোৱাৰে ৷ ৰাজনৈতিক পৰিস্থিতি আৰু গোচৰৰ ওপৰত ভিত্তি কৰি দেশসমূহে নিজে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব পাৰে ৷
সাধাৰণতে ক্ষমতাত থকা যিকোনো ৰাষ্ট্ৰৰ পক্ষে নাগৰিকত্ব প্ৰদান কৰা বিষয়টো ইমান সহজ নহয় ৷ যিকোনো লোকেই অন্য এখন ৰাজ্যলৈ আহি নাগৰিকত্ব বিচাৰিবলৈ হ'লে তেওঁ দেশখনত সাত বছৰ থাকিব লাগিব ৷ কিন্তু, যদিহে ব্যক্তিজন ৰাজ্যহীন বুলি প্ৰমাণিত হয়, তেনেক্ষেত্ৰত হয়টো কিছু বিশেষ বিবেচনা কৰি চাব পৰা যায় ৷
যুদ্ধ-বিধ্বস্ত আফগানিস্তানৰ শেহতীয়া সংকটৰ পাচতে বিগত কেইটামান সপ্তাহত আফগানিস্তানৰ পৰা কেইজনমান শৰণাৰ্থী ভাৰতলৈ আহিছে ৷ তেওঁলোকৰ বেছিভাগেই সংসদৰ সদস্য আৰু শৰণাৰ্থী হোৱাৰ লগতে কিছুসংখ্যকৰ হাতত ভাৰতে প্ৰদান কৰা আগতীয়া ভিছা আছিল ৷
ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়(Ministry of External Affairs)এ সদৰী কৰা তথ্য অনুসৰি, তেওঁলোকে ভাৰতলৈ আফগানিস্তানৰ পৰা 550ৰো অধিক লোক স্থানান্তৰিত কৰিছে ৷ ইয়াৰ ভিতৰত 260 জন ভাৰতীয় লোক ৷ আফগান নাগৰিকসহ অন্য দেশৰ নাগৰিককো ভাৰতে সফলভাৱে আফগানিস্তানৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে ৷ এইসকলৰ ভিতৰত শিখ আৰু হিন্দু লোকো আছে ৷ MEAৰ মুখপাত্ৰগৰাকীয়ে কৰা মন্তব্য অনুসৰি, প্ৰাৰম্ভিকভাৱে ভাৰতীয় নাগৰিকসকলক অগ্ৰাধিকাৰ দিয়া হৈছে যদিও ভাৰতৰ কাষত থিয় দিয়া আফগানসকলৰ কাষতো ভাৰতে থিয় দিব ৷
উল্লেখ্য যে, আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতলৈ স্থানান্তৰ হ'ব বিচৰা আফগান নাগৰিকসকলে অনলাইন আবেদন কৰিবলৈ সহায়ক হোৱাকৈ ভাৰতে নতুন e-visa সেৱা প্ৰৱৰ্তন কৰিছে ৷ সেই অনুসৰি এতিয়াৰে পৰা সকলো আফগান নাগৰিকে কেৱল e-visaৰ জৰিয়তেহে ভাৰত ভ্ৰমণ কৰিব পাৰিব ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে, কিছু আফগান নাগৰিকক পাছপৰ্ট ভুলকৈ দিয়া হৈছে বুলি প্ৰচাৰিত প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ভাৰতত নথকা সকলো আফগান লোকৰ ভিছা তাৎক্ষণিকভাৱে কাৰ্যকাৰী হোৱাকৈ অবৈধ ঘোষণা কৰা হৈছে ৷ মন্ত্ৰণালয়ে কয় যে, ভাৰত ভ্ৰমণ কৰিব বিচৰা আফগান নাগৰিকসকলে www.indianvisaonline.gov.in জৰিয়তে e-Visaৰ বাবে আবেদন কৰিব পাৰে ৷
ইফালে পাঁচ বছৰ ধৰি ভাৰতত আশ্ৰয় লৈ থকা এজন আফগান শৰণাৰ্থী তথা ৰাজনৈতিক কৰ্মী নিছাৰ আহমেদ শ্বেৰজাই কয়, "পাঁচ বছৰ পূৰ্বে তালিবানৰ অত্যাচাৰৰ ভয়ত মই আফগানিস্তানৰ পৰা পলায়ন কৰিছিলো ৷ তাৰ পাচৰে পৰা মই UNHCRক আমাৰ আফগান শৰণাৰ্থীসকলক সহায় কৰাৰ বাবে অনুৰোধ জনাই আহিছো ৷ কিন্তু, তেওঁলোকে মোৰ গোচৰটো বন্ধ কৰি দিছিল ৷ মোৰ দৰে বহু আফগান নাগৰিক অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে ৷ মোৰ ভিছাৰ ম্যাদ ইতিমধ্যে উকলি গৈছে ৷ শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা e-visaৰ বাবে আবেদন কৰিব নোৱাৰা বুলি শেহতীয়াকৈ বহুজনে উদ্বেগ প্ৰকাশ কৰিছে ৷ কেৱল ভাৰত চৰকাৰেহে আমাক সহায় কৰিব পাৰিব বুলি আমি আশা প্ৰকাশ কৰিছো ৷ যিহেতু আমি বহুত বছৰৰ পৰা ইয়াত আছো, সেয়ে মই ভাৰত চৰকাৰক আমাক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনাইছো ৷ ইয়াৰ লগতে ভাৰতত দীৰ্ঘম্যাদী ভিছাৰ বাবে আবেদন কৰাত সহায়ক হোৱাকৈ শৰণাৰ্থী কাৰ্ড(refugee card)ৰ ব্যৱস্থা কৰিবলৈ মই ভাৰত চৰকাৰক আহ্বান জনাইছো" ৷
ইয়াৰ পূৰ্বে UNHCR Indiaৰ সহকাৰী External relations officer কিৰি অত্ৰী(Kiri Atri)এ ইটিভি ভাৰতক জানিবলৈ দিয়া মতে, 2021ৰ জুলাই পৰ্যন্ত ভাৰতত 15,467 জন আফগান শৰণাৰ্থী আৰু আশ্ৰয় প্ৰাৰ্থীয়ে UNHCRত পঞ্জীয়ন কৰিছে ৷ ইফালে UNHCRৰ 2021ৰ তথ্যপত্ৰ অনুসৰি, বৰ্তমান ভাৰতত 2,08,065 জন শৰণাৰ্থী আছে ৷ ইয়াৰ ভিতৰত 95,829 গৰাকী শৰণাৰ্থী শ্ৰীলংকাৰ(Sri Lankan refugee) আৰু 73,404গৰাকী তিব্বতৰ শৰণাৰ্থী(Tibetan refugee) ৷
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা(UN refugees’ agency)ই প্ৰকাশ কৰা মতে, চলিত বৰ্ষত সংঘৰ্ষ আৰু নিৰাপত্তাহীনতাৰ ফলত 5,50,000তকৈও অধিক আফগান লোক আভ্যন্তৰীণভাৱে স্থানচ্যুত(internally displaced) হৈছে ৷
লক্ষণীয়ভাৱে পূৰ্বতেও ভাৰতে চুবুৰীয়া দেশৰ পৰা শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিছে ৷ বেছিভাগ ক্ষেত্ৰত ভাৰতে শৰণাৰ্থীসকলক বিশেষকৈ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ লোকসকলক দীৰ্ঘম্যাদী ভিছা(Long Term Visa) প্ৰদান কৰিছে ৷
লগতে পঢ়ক : বৈধ ভ্ৰমণ নথি অবিহনে বিদেশী নাগৰিক অবৈধ প্ৰব্ৰজনকাৰী