ETV Bharat / bharat

শীঘ্ৰেই যৱনিকা পৰিব বহু দশক জোৰা নগা বিদ্ৰোহৰ ! - peace accord

অক্টোবৰত স্থায়ী সমাধানৰ সম্ভাৱনা নগা সমস্যাৰ ।‌‌ মুইভাৰ অনুৰোধত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ । এইবাৰ শান্তি আলোচনাৰ জঠৰতা আঁতৰোৱাৰ দায়িত্ব অজিত ডোভালৰ ওপৰত ।

new-leading-on-naga-peace-talk
শীঘ্ৰেই যৱনিকা পৰিব বহু দশক জোৰা নগা বিদ্ৰোহৰ!
author img

By

Published : Sep 28, 2021, 8:30 PM IST

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : নগা‌ সমস্যা সমাধানৰ বাবে ১৯৯৭ চনৰ পৰাই চলি থকা শান্তি আলোচনাই শেহতীয়াকৈ এক বিশেষ ক্ষণত উপনীত হৈছেহি । কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ মতে, অহা অক্টোবৰ মাহৰ ভিতৰতে এন এছ চি এন (আই এম)ৰ লগত চলি‌ থকা শান্তি আলোচনাই শেষ পৰ্যায়ত উপনীত হ'ব । কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ মতে অহা অক্টোবৰ মাহৰ ভিতৰতে এই‌ শান্তি আলোচনা শেষ পৰ্যায়ৰ বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ'ব ।‌‌

new-leading-on-naga-peace-talk
শান্তি আলোচনাৰ বাবে ডিমাপুৰত হিমন্ত বিশ্ব শৰ্মা

অতি লক্ষণীয়ভাৱে এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে । এন এছ চি এন (আই‌ এম)ৰ হৈ বৈঠকত থাকিব সংগঠনটোৰ নেতা থুইংগালেং মুইভা ।‌‌ উল্লেখযোগ্য যে, ২০১৫ চনৰ ৩ আগষ্টত বিদ্ৰোহী সংগঠনটোৱে নাগালিমৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ এটা গুৰুত্বপূৰ্ণ খোজ হিচাপে এক ফ্ৰেমৱৰ্ক চুক্তিত সাক্ষৰ কৰিছিল ।

কিন্তু সংগঠনটোৱে নাগলিমৰ বাবে নিজা পতাকা আৰু সংবিধান প্ৰণয়ন কৰিব বিচৰা কাৰ্যত কেন্দ্ৰীয় চৰকাৰ সৈমান নহ'ল । ফলত যোৱা সাত বছৰ ধৰি নগা শান্তি চুক্তিৰ বিষয়টোৱে কোনো সমাধানৰ দিশে আগবঢ়া নাছিল ৷

অতি‌ লক্ষণীয়ভাৱে যোৱা ২২ ছেপ্টেম্বৰত এই আলোচনাৰ মধ্যস্থতাকাৰী তথা ৰাজ্যখনৰ ৰাজ্যপাল আৰু এন ৰবিয়ে পদত্যাগ কৰাৰ পিছতে বিষয়টোৱে এক নতুন মোৰ লয় । ২০১৫ চনৰ আগষ্টত হোৱা‌ ফ্ৰেমৱৰ্ক চুক্তিত সাক্ষৰ কৰাৰ যি প্ৰক্ৰিয়া তাত আগভাগ লৈছিল আৰ এন ৰবিয়ে । কিন্তু অতি লক্ষণীয়ভাবে ৰবি আৰু সংগঠনটোৰ নেতা থুইংগালেং মুইভাৰ মাজত অজ্ঞাত কাৰণত মনোমালিন্য হয় ।

আনকি মুইভাই শান্তি আলোচনাৰ বিষয়টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিবলৈ মুকলিকৈ আহ্বান জনাইছিল । ইয়াৰ পিছতে আৰু এন ৰবিক তামিলনাডুৰ ৰাজ্যপালৰ দায়িত্ব দিয়া‌ হয় । ঘটনাক্ৰমে ২২ ছেপ্টেম্বৰত ৰবিয়ে নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰীৰ ভূমিকাৰ পৰাও পদত্যাগ কৰে । কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰটোৰ মতে আৰ এন ৰবিয়ে পদত্যাগ কৰাৰ পিছত শান্তি আলোচনাৰ বিষয়টো আগবঢ়াই অনাৰ দায়িত্ব দিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক ।

শেহতীয়াকৈ এই দুই নেতাই থুইংগালেং মুইভাৰ লগত এক আলোচনাত মিলিত হৈছে । সূত্ৰ টোৰ মতে নগা সমস্যাৰ ৰাজনৈতিক সমাধানৰ এই পদক্ষেপত মুইভাই এইবাৰ এক বিশেষ ভূমিকা ল'ব যিয়ে দীৰ্ঘ দিনীয়া সমস্যাৰ সমাধানৰ বাট কটাৰ সম্ভাৱনা স্পষ্ট কৰিছে । উল্লেখ্য যে অহা মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশক্ৰমে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অংশ ল’বলগীয়া এই বৈঠকৰ আয়োজন কৰাৰ বাবে দায়িত্ব দিয়া‌ হৈছে গৃহ বিভাগৰ ইন্টালিজেঞ্চ ব্যুৰ’ৰ বিশেষ সঞ্চালক এ কে মিশ্ৰক ।

মনকৰিবলগীয়া যে নগা শান্তি আলোচনাৰ বিষয়টোৱে প্ৰায় দুটা দশক ধৰি গেঠেলা মাৰি‌ থকা বাবেই ইতিমধ্যে কেইবাজনো এন এছ চি‌ এন-আই এম নেতাই পুনৰ জংঘললৈ উভটি গৈছে । এই সকল নেতাই পুনৰ নগালেণ্ডক অশান্ত কৰাৰ বাবে চীনৰ দৰে বহিঃৰাষ্ট্ৰৰ পৃষ্ঠপোষকতা পোৱা বুলি চোৰাং চোৱাৰ হাতত তথ্য আছে । সেই বাবেই নগা সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ উঠিপৰি লাগিছে বুলি সূত্ৰ টোৱে আঙুলিয়াই দিছে ।

সামগ্ৰিকভাবে নগা সমস্যা সমাধানৰ বাবে লোৱা এই তৎপৰতাৰ অংশ হিচাবে শেহতীয়াকৈ এনে এছ চি এন(কে) ক নেতৃত্ব দি থকা সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ নিকি ছুমিৰ লগতো কেন্দ্ৰীয় চৰকাৰে যুদ্ধ বিৰতিৰ চুক্তি সাক্ষৰ কৰিছে । এছ এছ চি এন-কে ২০১৫ চনতে এবাৰ যুদ্ধ বিৰতি ঘোষণা কৰি শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল । কিন্তু পৰিস্থিতি নিজৰ হাতলৈ অনাৰ তাগিদাত কেন্দ্ৰীয় চৰকাৰে এইবাৰ সংগঠনটোৰ খাপলাং গোটকো প্ৰক্ৰিয়াৰ টোৰ অংশীদাৰ কৰিব বিচাৰিছে বুলি সূত্ৰ টোৱে আঙুলিয়াই দিছে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ উৰি চেক্টৰত নিহত পাকিস্তানী সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.