ETV Bharat / bharat

কোভিডক লৈ কেন্দ্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড মহামাৰীৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ পিচতেই কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে নতুন নিৰ্দেশনা ৷

author img

By

Published : Jan 28, 2021, 12:25 PM IST

Updated : Jan 28, 2021, 12:45 PM IST

New guidelines issued for Covid-19
কোভিডক লৈ কেন্দ্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা

নিউজ ডেস্ক, 28 জানুৱাৰী : কোভিড-19 মহামাৰীৰ পিচতেই কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা ৷ দেশত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ প্ৰতিষেধক টীকাকৰণ সম্পন্ন হোৱাৰ পিচতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা ৷ নিৰ্দেশনাটোত বহুকেইটা দিশত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

সেই অনুসৰি,প্ৰথম পৰ্যায়ত আগন্তুক 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ জাৰি হ’ব এই নিৰ্দেশনা ৷ নিৰ্দেশনাটোত বলৱৎ কৰিবলৈ দিয়া নিয়মসমূহৰ ভিতৰত আছে বিদ্যালয়,ছাত্ৰাবাস,ছাত্ৰীনিবাস,চিনেমা হ’ল,ছুইমিং পুল,প্ৰদৰ্শনীমুলক কাৰ্যসূচী,সামাজিক,ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচী ৷

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰা নিৰ্দেশনাটোত 1 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হৈ থকা ছাত্ৰাবাস-ছাত্ৰীনিবাস সমূহ খুলিব পাৰিব বুলি কোৱা হৈছে ৷ ইয়াৰ লগতে 100 শতাংশ লোকৰ অনুমতিৰে পূৰ্ণোদ্যমে খোল খাব কথাছবি গৃহসমূহ ৷ একেদৰেই ছুইমিং পুল আৰু প্ৰদৰ্শনীমুলক কাৰ্যসূচীত 100 শতাংশ অংশগ্ৰহণ কৰিব পাৰিব বুলি কোৱা হৈছে ৷ অৱশ্যে, সামাজিক, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত 200 গৰাকী লোকৰ সমাগম হ’ব পাৰিব বুলি কোৱা হৈছে নিৰ্দেশনাটোত ৷

লগতে পঢ়ক : কেনেকৈ নষ্ট হ’বলৈ পালে শিলচৰলৈ পঠিওৱা 1000 ক’ভিড ভেকচিন !

Last Updated : Jan 28, 2021, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.