ETV Bharat / bharat

NEP 2020: চাৰি বছৰীয়া হ’ব স্নাতকৰ সকলো পাঠ্যক্ৰম !

author img

By

Published : Aug 26, 2021, 8:00 PM IST

নতুন শিক্ষা নীতি(এনইপি) 2020ৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আনিবলৈ সাজু মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় ৷ নতুন শিক্ষা নীতিৰ জৰিয়তে সুদীৰ্ঘ ৩৪ বছৰৰ পিছত ভাৰতত শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী হ'ব Flexible degree options, subject combination আদিৰ দৰে নতুন পৰিৱৰ্তন ৷

new education policy 2020 to introduce four year degree programme
চাৰি বছৰীয়া হ’ব স্নাতকৰ সকলো পাঠ্যক্ৰম

নেশ্যনেল ডেস্ক, 26 আগষ্ট : মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে(Ministry of Human Resource Development) নতুন শিক্ষা নীতি(এনইপি) 2020 প্ৰস্তুত কৰি দেশৰ শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে ৷ ইয়াৰ জৰিয়তে সুদীৰ্ঘ ৩৪ বছৰৰ পিছত ভাৰতত শিক্ষা ব্যৱস্থা পুনৰ নিৰ্মাণ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে উচ্চ শিক্ষাৰ ক্ষেত্ৰত Flexible degree options, subject combination বা বিভিন্ন পাঠ্যক্ৰমৰ বাবে অনন্য বিকল্প ইত্যাদি নতুন পৰিৱৰ্তনসমূহ কাৰ্যকৰী হ'ব ৷

উল্লেখ্য যে, NEP 2020য়ে চাৰি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম বাধ্যতামূলক কৰা নাছিল যদিও এই পাঠ্যক্ৰমসমূহ 'গৱেষণা'ৰ সৈতে ডিগ্ৰী প্ৰাপ্ত কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে অধিক ভাল বিকল্প হ'ব ৷ এনইপি খচৰাত, পেনেলে শিক্ষক শিক্ষা প্ৰণালী(teacher education system)ক প্ৰস্তাৱিত 4 বছৰীয়া ইউজি কাৰ্যসূচীৰ বাবে প্ৰস্তুত কৰাৰ বাবে এক আমূল পৰিৱৰ্তনৰ পৰামৰ্শ প্ৰদান কৰিছিল ৷ এই প্ৰস্তাৱ দীৰ্ঘদিনৰ পৰা প্ৰত্যাশিত হোৱাৰ লগতে বৰ্তমানৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে ই এক সঠিক সংকেত হিচাপে বিবেচিত হৈছে ৷

চলিত বছৰৰ আৰম্ভণিতে চৰকাৰে মুকলি কৰা নতুন খচৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি(National Education Policy)য়ে প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে ভাৰতীয় শিক্ষা ব্যৱস্থা( Indian education system)ত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য ৰাখি কেইবাটাও আকৰ্ষণীয় পদক্ষেপৰ প্ৰস্তাৱ দিছে ৷ এনে গুৰুত্বপূৰ্ণ প্ৰস্তাৱসমূহৰ এটা আছিল চাৰি বছৰীয়া স্নাতক (ইউজি) পাঠ্যক্ৰমৰ প্ৰত্যাৱৰ্তন( comeback of the four-year undergraduate (UG) courses), যাক দিল্লী বিশ্ববিদ্যালয়ত FYUP হিচাপে প্ৰৱৰ্তন কৰাৰ সময়ত এগৰাকী প্ৰাক্তন মানৱ সম্পদ উন্নয়ন মন্ত্ৰী(HRD minister)য়ে বাতিল কৰিছিল ।

4 বছৰীয়া ইউজি পাঠ্যক্ৰম(4-years UG course)ৰ সম্ভাৱনা যথেষ্ট ৷ এইখিনিতে এটা মুখ্য বিষয় হৈছে যে, এই কাৰ্যসূচীসমূহে ভাৰতীয় শিক্ষা(Indian education)ক বিদেশী বিশ্ববিদ্যালয়(foreign universities)ৰ সমতুল্য কৰি তোলে ৷ উল্লেখ্য যে, বহু প্ৰসিদ্ধ শৈক্ষিক কেন্দ্ৰৰ কেইবাখনো বিদেশী বিশ্ববিদ্যালয়ে স্নাতক পাঠ্যক্ৰমৰ সমতুল্য হিচাপে তিনি বছৰীয়া ডিগ্ৰী( three-year degrees) গ্ৰহণ নকৰে, আৰু ইয়াৰ পৰিৱৰ্তে স্নাতকোত্তৰ ডিগ্ৰী(Masters’ degree)ৰ বাবে আবেদন কৰাৰ আগতে 4 বছৰৰ ডিগ্ৰী দাবী কৰে ৷

যদিহে এই চাৰি বছৰীয়া ইউজি পাঠ্যক্ৰম কাৰ্যকৰী হয়, বিদেশত উচ্চ অধ্যয়ন কৰিবলৈ ইচ্ছুকসকলে আৰু এবছৰৰ বাবে ডিপ্লোমাত নাম ভৰ্তি কৰাতো বাধ্যতামূলক নহ'ব ৷ ইয়াৰ লগতে খচৰা এনইপিয়ে ইউজি পাঠ্যক্ৰমত এক নমনীয়তা যোগ দিছে ৷ যাৰ জৰিয়তে তিনি আৰু চাৰি বছৰীয়া দুয়োটা পাঠক্ৰমতে multiple exitৰ সৈতে co-existৰ অনুমতি দিয়াৰ লগতে প্ৰৱেশ বিকল্পৰো সুবিধা প্ৰদান কৰা হ'ব ৷

এই চাৰি বছৰীয়া ইউজি পাঠ্যক্ৰম শিক্ষাৰ্থীসকলৰ বাবে এক বহল দৃষ্টিভংগী লাভ কৰাৰ ক্ষেত্ৰতো সহায়ক হ'ব ৷ কিয়নো, এই ব্যৱস্থাৰ জৰিয়তে একোজন শিক্ষাৰ্থীয়ে প্ৰাৰম্ভিক বছৰত সকলো বিষয়ৰ আভাস লাভ কৰাৰ পাচত এটা নিৰ্দিষ্ট বিষয়ত গুৰুত্ব দিব পাৰিব ৷

এই কাৰ্যসূচীসমূহে ক্ষেত্ৰকৰ্ম, classroom sessions আৰু আলোচনাৰ লগতে ইণ্টাৰ্নশ্বিপৰ বাবে অধিক সুবিধা মুকলি কৰাৰ লগতে নিয়োগৰ ক্ষেত্ৰত যোগ্যতা আৰু দক্ষতা গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক : পহিলা ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান: ভেকচিন বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.