ETV Bharat / bharat

অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ ঘৰত সুৰাপান আৰু পাৰ্টি কৰি ডকাইতে লুটি নিলে ধন আৰু অলংকাৰ - চেন্নাইত সংঘটিত হৈছে এক আমোদজনক ডকাইতিকাণ্ড

তামিলনাডুত সংঘটিত হৈছে এই আমোদজনক ডকাইতিকাণ্ড ৷ বিগত পাঁচমাহ ধৰি ঘৰটো বন্ধ থকাৰ সুবিধালৈ ডকাইতৰ দলটোৱে তিনিদিন বাহৰ পাতি পাৰ্টি কৰি লুটি নিয়ে ধন আৰু অলংকাৰ ৷ কিন্তু এটা চিচিটিভি কেমেৰাই কাল হ’ল দলটোৰ বাবে ৷

Nepalese robbers arrested for robbery at Retired Judge house
অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ ঘৰত সুৰাপান আৰু পাৰ্টি কৰি ডকাইতে লুটি নিয়ে ধন আৰু অলংকাৰ
author img

By

Published : Apr 6, 2022, 10:55 PM IST

নিউজ ডেস্ক, 6 এপ্ৰিল : তামিলনাডুৰ চেন্নাইত সংঘটিত হৈছে এক আমোদজনক ডকাইতিকাণ্ড ৷ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ ঘৰত ডকাইতি কৰিবলৈ আহি ডকাইটোৱে ঘৰটোত কোনো নথকাৰ সুবিধালৈ একেৰাহে তিনিদিন বাহৰ পাতি সুৰাপান আৰু পাৰ্টি কৰি ঘৰৰ সামগ্ৰী লুট কৰি নিয়ে ৷

চেন্নাই উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গনানাপ্পিৰাকাচামৰ (৭৯) ঘৰত সংঘটিত হয় এই আমোদজনক ডকাইতিকাণ্ড ৷ এই ডকাইতিকাণ্ডৰ কথা পোহৰলৈ আহে ন্যায়াধীশগৰাকী ঘৰটোলৈ ঘূৰি অহাৰ পাছত ৷ গনানাপ্পিৰাকাচাম চেন্নাইৰ পুনামালী সন্নথি ষ্ট্ৰীটৰ বাসিন্দা । ১৫ বছৰ পূৰ্বে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । আন্না নগৰতো তেওঁৰ এটা ঘৰ আছে । গনানাপ্পিৰাকাচাম প্ৰায়ে সেই ঘৰটোত থাকিবলৈ গৈছিল ৷

Nepalese robbers arrested for robbery at Retired Judge house
চিচিটিভি ফুটেজ

গনানাপ্পিৰাকাচামে 29 মাৰ্চত আন্না নগৰলৈ আহিছিল আৰু ঘৰটোৰ মূল দ্বাৰৰ তলা ভাঙি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ তেওঁ ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি এই ডকাইতিকাণ্ড হোৱাৰ কথা জানিব পাৰে ৷ ডকাইতিটোৱে ঘৰটোৰ পৰা প্ৰায় 5 লাখ টকাৰ গহনা লগতে নগদ প্ৰায় 5 লাখ টকা লুটি নিয়ে । গনাপ্পিৰাকাচমে লগে লগে আন্না নগৰ আৰক্ষী থানাত এই সন্দৰ্ভত এটা অভিযোগ দাখিল কৰে ।

অভিযুক্ত ডকাইত

ইয়াৰ পিছতে, আন্না নগৰৰ সহকাৰী আৰক্ষী আয়ুক্ত ৰবিচন্দ্ৰনৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে ঘটনাৰ তদন্ত আৰম্ভ কৰে । আৰক্ষীৰ দলটোৱে তাত থকা এটা চিচিটিভি কেমেৰা চাই চাইকেলত অহা এজন লোকে একেৰাহে তিনিদিন ঘৰটোত থাকি ডকাইতি কাণ্ডটো সংঘটিত কৰাৰ কথা পোহৰলৈ আহে ৷

আৰক্ষীয়ে তেতিয়া অঞ্চলটোৰ সকলো চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি চাইকেলখন শেনয় নগৰৰ এটা ঘৰত ৰখাই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে । আৰক্ষীৰ দলটোৱে লগে লগে ঘটনাস্থলীত উপস্থিত থকা নেপালী নাগৰিক ভুৱনেশ্বৰক গ্ৰেপ্তাৰ কৰে(Nepalese robbers arrested for robbery at Retired Judge house) । ইয়াৰ পিছত, আৰক্ষীয়ে ভুৱনেশ্বৰৰ সতীৰ্থ তথা নেপালৰ লাল, গণেশন আৰু বদ্ৰাইক বিচাৰি তদন্ত আৰম্ভ কৰে ।

চোৰকেইটাৰ মবাইল ট্ৰেচ কৰাৰ সময়ত বাংগালোৰ আৰু হায়দৰাবাদকে আদি কৰি চহৰসমূহত থকা বুলি দেখাইছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গণেশন আৰু বদ্ৰাইক বাংগালোৰত আৰু লালক চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰে(4 Nepalese men arrested for robbing retired judge house ) ৷ উল্লেখ্য যে, লালে শেনয় নগৰ অঞ্চলৰ এটা খালী ঘৰত পহৰা দি আছিল । ডকাইতটোৱে বন্ধ ঘৰবোৰৰ চোৱাচিতা কৰা সময়ত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গনানাপ্পিৰাকাচামৰ ঘৰটো বিগত 5 মাহ ধৰি বন্ধ হৈ থকা প্ৰত্যক্ষ কৰে ।

ডকাইতকেইটাই ২২ মাৰ্চত অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ ঘৰলৈ গৈ সুৰাপান কৰিছিল আৰু দ্বিতীয় দিনা ঘৰটোৰ পৰা সোণ আৰু ৰূপ লুটি নিছিল । ইয়াৰ পাছত তৃতীয় দিনাও তেওঁলোকে ঘৰৰ আন আন সামগ্ৰী লুটি নিছিল । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গনানাপ্পিৰাকাচামে ২৯ মাৰ্চত ঘৰটোত প্ৰৱেশ কৰি এই ডকাইতি কাণ্ডৰ কথা জানিব পাৰে ৷ ইফালে ধৃত ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে ইতিমধ্যে ধন আৰু গহনাবোৰ জব্দ কৰিছে ৷ চেন্নাই আৰক্ষীয়ে সম্প্ৰতি এই সন্দৰ্ভত নেপাল দূতাবাসকো অৱগত কৰিছে ।

লগতে পঢ়ক : সুৰাৰ ৰাগীত মাতাল হৈ বিবাহ পাশত আৱদ্ধ হ'ল দুজন যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.