ETV Bharat / bharat

14 জানুৱাৰীত ভাৰতলৈ আহিব নেপালৰ বিদেশ মন্ত্ৰী - Foreign Minister

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সংযুক্ত আয়োগৰ অধিৱেশনত অংশ গ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত কাঠমাণ্ডুলৈ যাব ।

Nepal Foreign Minister to visit India on Jan 14 for Jt Commission meet
14 জানুৱাৰীত ভাৰতত সংযুক্ত আয়োগৰ বৈঠকত অংশ ল’ব নেপালৰ বিদেশ মন্ত্ৰীয়ে
author img

By

Published : Jan 8, 2021, 6:15 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী : নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গয়াৱালীয়ে নেপাল ভাৰত সংযুক্ত আয়োগৰ ষষ্ঠ অধিৱেশনত অংশ ল’বলৈ 14 জানুৱাৰীত নতুন দিল্লীত উপস্থিত হ’ব ৷ নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে এই বৈঠকত নেপাল ভাৰতৰ সীমা বিবাদৰ বিষয়টো উত্থাপন কৰাৰ লগতে ইয়াৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে আহ্বান জনোৱাৰ কথা আনুষ্ঠানিকভাবে জানিবলৈ দিয়ে । প্ৰদীপ গয়াৱালীয়ে বৈঠকত সীমা ৰেখাৰ লগতে নেপাল-ভাৰত সম্পৰ্কৰ ক্ষেত্ৰত বিশিষ্ট ব্যক্তিয়ে দাখিল কৰা প্ৰতিবেদনৰ সন্দৰ্ভত নেপালে ভাৰতীয় পক্ষৰ পৰা আশ্বাস প্ৰদানৰ আহ্বান জনাব ।

নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ডিচেম্বৰৰ মাজভাগত নতুন দিল্লী ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু নেপালৰ ৰাজতন্ত্ৰী কমিউনিষ্ট পাৰ্টিৰ বিবাদৰ বাবে এই ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হয় ৷ নৱেম্বৰৰ শেষাৰ্ধত ভাৰতীয় বিদেশী সচিব হৰ্ষবৰ্ধন শৃংগালে নেপাল ভ্ৰমণৰ সময়ত ভাৰতে ডিচেম্বৰৰ মাজভাগত অধিৱেশনখন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু নেপালে এই ক্ষেত্ৰত সহমত প্ৰদৰ্শন নকৰাৰ বাবে বৈঠকখন অনিশ্চিত হৈ পৰিছিল । আনহাতে নেপালৰ শাসকীয় দলৰ অন্তকন্দল অব্যাহত থকাত কে পি শর্মা অলি নেতৃত্বাধীন চৰকাৰখন সংখ্যালঘু হৈ পৰে ৷ অৱশেষত ২০ ডিচেম্বৰত অলিয়ে সংসদ ভংগ কৰে আৰু ৩০ এপ্ৰিল আৰু ১০ মে'ত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়ে ।

এনে পৰিস্থিতিৰ মাজতেই কাঠমাণ্ডুস্থিত কূটনীতিবিদে আইএনএচক নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গয়াৱালী 14 জানুৱাৰীত নতুন দিল্লীত অহাৰ কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সংযুক্ত আয়োগৰ অধিৱেশনত অংশ গ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত কাঠমাণ্ডুলৈ যাব ।

লগতে পঢ়ক : ভাৰতীয় গণতন্ত্ৰ শক্তিশালী হোৱাৰ আঁৰত গ্ৰাম্য পঞ্চায়তঃ ওম বিৰলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.