ETV Bharat / bharat

ভাৰত-নেপালৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকলৈ নেপালৰ বৈদেশিক মন্ত্ৰীৰ ইতিবাচক সহাৰি - নেপালৰ বৈদেশিক মন্ত্ৰণালয়

আগন্তুক ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ভাৰত-নেপালৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকলৈ নেপালৰ বৈদেশিক মন্ত্ৰীৰ ইতিবাচক সহাৰি ৷ পাৰস্পৰিক হিতৰ বাবে আলোচনা কৰাৰ উদ্দেশ্যে নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গাৱালিক বৈঠকলৈ আহ্বান ৷ বৈঠকৰ জৰিয়তে হোৱা আলোচনা দুয়োখন ৰাষ্ট্ৰৰ বাবে লাভদায়ক হ'ব বুলি আশা প্ৰকাশ ৷

ভাৰত-নেপালৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকলৈ নেপালৰ বৈদেশিক মন্ত্ৰীৰ ইতিবাচক সহাৰি

author img

By

Published : Nov 27, 2020, 1:57 PM IST

কাঠমাণ্ডু, 27 নৱেম্বৰ: নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গাৱালিক ভাৰতৰ বৈদেশিক সচিব হর্ষৱর্ধন শ্রিংলাই ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব লগীয়া ভাৰত-নেপালৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকলৈ বাবে জনোৱা আমন্ত্ৰণৰ প্ৰতি গাৱালিয়ে ইতিবাচক সহাৰি প্ৰদান কৰিছে ৷ দিল্লীত অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত পাৰস্পৰিক হিতৰ বাবে আলোচনা কৰাৰ বাবে শ্ৰিংলাই গাৱালিক আমন্ত্ৰণ জনাইছে বুলি জানিব পৰা গৈছে ৷

নেপালৰ বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে বৈদেশিক সচিব গৰাকীয়ে ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ বাবে নেপালৰ বৈদেশিক মন্ত্ৰী গৰাকীক দিয়া আমন্ত্ৰণৰ প্ৰতি ইতিবাচক সহাৰি জনাইছে আৰু এই বৈঠকত হোৱা আলোচনা দুয়োখন ৰাষ্ট্ৰৰ বাবে লাভদায়ক হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

দুদিনীয়া ভ্ৰমণসূচীৰে কাঠমাণ্ডুত উপস্থিত হৈ ভাৰতৰ বৈদেশিক সচিব গৰাকীয়ে নেপালৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰীৰ লগতে বৈদেশিক মন্ত্ৰী আৰু নেপালৰ বৈদেশিক সচিব গৰাকীক লগ কৰে ৷ বৈদেশিক মন্ত্ৰী গৰাকীৰ সৈতে মিলিত হোৱাৰ সময়তে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰৰ হৈ দ্বিতীয় পৰ্যায়ৰ যুটীয়া আয়োগৰ বৈঠকৰ বাবে গাৱালিক আমন্ত্ৰণ জনায় ৷

জানিব পৰা মতে ভাৰত আৰু নেপালৰ লোকসকল বিশেষকৈ যুৱপ্ৰজন্মৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰা,উন্নয়নৰ অংশীদাৰীত্বৰ প্ৰসাৰ কৰা তথা ভাৰত আৰু নেপালৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাক লৈ ভাৰতৰ ইচ্ছাৰ কথা শ্ৰিংলাই নেপালক অৱগত কৰে ৷

নেপালৰ পৰা উভতি আহি শ্ৰিংলাই কয় যে ভাৰত আৰু নেপালৰ মাজত যথেষ্ট শক্তিশালী বন্ধন আছে আৰু এই প্ৰচেষ্টাই দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব ৷

লগতে পঢ়ক:এহাজাৰ কেডাৰক লগত লৈ UPPLত যোগদান NDFBৰ শীৰ্ষ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.