PM Modi US Visit : ভাৰত আৰু আমেৰিকাক প্ৰতিভাৰ পাইপলাইনৰ প্ৰয়োজন; প্ৰধানমন্ত্ৰী মোদী - PM Modi in national science foundation US
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভাৰ্জিনিয়াৰ আলেকজেণ্ড্ৰিয়াত অনুষ্ঠিত নেচনেল ছায়েন্স ফাউণ্ডেচনত 'স্কিলিং ফৰ ফিউচাৰ' অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অংশীদাৰীত্বই বহনক্ষম আৰু সামগ্ৰিক বিশ্বজনীন বিকাশৰ অন্তৰালত চালিকা শক্তি হিচাপে কাম কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উন্নয়নৰ গতি বৰ্তাই ৰাখিবলৈ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিভাৰ পাইপলাইনৰ প্ৰয়োজন ।

নিউজ ডেস্ক, ২২ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্বই বহনক্ষম আৰু সামগ্ৰিক গোলকীয় বিকাশৰ অন্তৰালত চালিকা শক্তি হিচাপে কাম কৰিব । নেচনেল ছায়েন্স ফাউণ্ডেচনত 'স্কিলিং ফৰ ফিউচাৰ' অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ মাজত উন্নয়নৰ গতি বৰ্তাই ৰাখিবলৈ প্ৰতিভাৰ পাইপলাইন গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
-
#WATCH | "To maintain a growth momentum, India and the US need a pipeline of talent. On one hand, the US has top-class educational institutions & advanced technologies. On the other hand, India has the world's biggest youth factory. That is why, I belive that the India-US… pic.twitter.com/77MJzqI8zg
— ANI (@ANI) June 21, 2023 " class="align-text-top noRightClick twitterSection" data="
">#WATCH | "To maintain a growth momentum, India and the US need a pipeline of talent. On one hand, the US has top-class educational institutions & advanced technologies. On the other hand, India has the world's biggest youth factory. That is why, I belive that the India-US… pic.twitter.com/77MJzqI8zg
— ANI (@ANI) June 21, 2023#WATCH | "To maintain a growth momentum, India and the US need a pipeline of talent. On one hand, the US has top-class educational institutions & advanced technologies. On the other hand, India has the world's biggest youth factory. That is why, I belive that the India-US… pic.twitter.com/77MJzqI8zg
— ANI (@ANI) June 21, 2023
"ভাৰ্জিনিয়াৰ আলেকজেণ্ড্ৰিয়াত থকা নেচনেল ছায়েন্স ফাউণ্ডেচনত ভাষণ প্ৰদান কৰি মোদীয়ে কয় যে উন্নয়নৰ গতি বৰ্তাই ৰাখিবলৈ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিভাৰ পাইপলাইনৰ প্ৰয়োজন । কিয়নো, এফালে আমেৰিকা যুক্তৰাষ্ট্ৰত শীৰ্ষস্থানৰ শিক্ষানুষ্ঠান আৰু উন্নত প্ৰযুক্তি আছে । আনহাতে, ভাৰতত আছে বিশ্বৰ সৰ্ববৃহৎ যুৱ কাৰখানা । সেয়েহে মই বিশ্বাস কৰোঁ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্ব হ'ব বহনক্ষম আৰু সামগ্ৰিক বিশ্বজনীন বিকাশৰ ইঞ্জিন ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।
ইয়াৰ পূৰ্বে বুধবাৰে প্ৰধানমন্ত্ৰী মোদী ৱাশ্বিংটন ডিচিত উপস্থিত হয় আৰু এয়াৰবেছত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় । তেওঁক 'গাৰ্ড অব অনাৰ'ও প্ৰদান কৰা হয় । আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে এক ৰাষ্ট্ৰীয় নৈশভোজত অংশগ্ৰহণ কৰিব । এই নৈশভোজৰ বাবে তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে আমন্ত্ৰণ জনাইছে ।
আনহাতে, আমেৰিকান ফাৰ্ষ্ট লেডী জিল বাইডেনৰ সৈতে মোদীয়ে ভাৰ্জিনিয়াৰ আলেকজেণ্ড্ৰিয়াত থকা নেচনেল ছায়েন্স ফাউণ্ডেচন পৰিদৰ্শন কৰে । তাত তেওঁ দুয়োখন দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্কিল ইণ্ডিয়াৰ অধীনত ভাৰতে কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন, ড্ৰোণ আৰু অন্যান্য ক্ষেত্ৰত ১৫ বিলিয়নতকৈও অধিক লোকক দক্ষ কৰি তুলিছে । তেওঁ লগতে কয় যে বিদ্যালয়সমূহত ভাৰত চৰকাৰে ১০,০০০ অটল টিঙ্কাৰিং লেব স্থাপন কৰিছে, য'ত শিশুসকলক উদ্ভাৱনত জড়িত হোৱাৰ সুবিধা প্ৰদান কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকান শিক্ষাৰ্থীসকলক ভাৰতলৈ আহিবলৈ আহ্বান জনাই কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শতাধিক শিক্ষক ইতিমধ্যে ভাৰতত আছে, তেওঁলোকে এক প্ৰযুক্তিগত অংশীদাৰিত্বত অংশগ্ৰহণ কৰিছে ।