ETV Bharat / bharat

Nechiphu Tunnel Inaugurated : নেচিফু সুৰংগ উদ্বোধন ৰাজনাথ সিঙৰ; বৰ্ডাৰ ৰোডছৰ ৯০ টা প্ৰকল্পও মুকলি

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:03 PM IST

এই প্ৰকল্পসমূহৰ ভিতৰত জম্মু-কাশ্মীৰত ১১ টা, লাডাখত ২৬ টা, অৰুণাচল প্ৰদেশত ৩৬ টা, মিজোৰামত ৫ টা, হিমাচল প্ৰদেশত ৩ টা, ছিকিম, উত্তৰাখণ্ড আৰু পশ্চিমবংগত ২ টাকৈ আৰু নাগালেণ্ড, ৰাজস্থান আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এটাকৈ প্ৰকল্প নিৰ্মাণ কৰা হৈছে ।

Nechiphu Tunnel Inaugurated
Nechiphu Tunnel Inaugurated

তেজপুৰ, ১২ ছেপ্টেম্বৰ : দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত মঙলবাৰৰ দিনটো হৈছে এক উল্লেখনীয় দিন । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে জম্মুৰ পৰা ভাৰ্চুৱেলী ২,৯৪১ কোটি টকা ব্যয়সাপেক্ষ ৯০ টা আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে । যোৱা বছৰ ২,৮৯৭ কোটি টকা ব্যয়েৰে সীমান্ত পথ নিৰ্মাণ সংস্থা চমুকৈ বিআৰঅ’ৰ ১০৩ টা আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হৈছিল । ২০২১ চনত মুঠ ২,২২৯ কোটি টকা ব্যয়সাপেক্ষে ১০২ টা বিআৰঅ’ আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হৈছিল ।

জম্মু-কাশ্মীৰৰ বিষ্ণাহ-কৌলপুৰ-ফুলপুৰ পথৰ দেৱক দলঙত বিআৰঅ'ৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে অৰুণাচল প্ৰদেশৰ ২২ টা পথ, ৬৩ খন দলং, নেচিফু সুৰংগ, ২ টা বিমানবন্দৰ উদ্বোধনৰ লগতে পশ্চিমবংগত দুটা হেলিপেড উদ্বোধন কৰা হয় । এই আন্তঃগাঁথনি প্ৰকল্পসমূহ প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিতো বেছিভাগ দুৰ্গম ভূখণ্ডৰ স্থানত নিৰ্মাণ কৰা হৈছে ।

উল্লেখযোগ্য যে বিআৰঅ’ৱে এই জটিল কৌশলগত প্ৰকল্পসমূহৰ নিৰ্মাণ অভিলেখ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰে আৰু এই প্ৰকল্পসমূহৰ বহুতো অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি একক কৰ্মকালত নিৰ্মাণ কৰা হৈছে । এই প্ৰকল্পসমূহৰ ভিতৰত জম্মু-কাশ্মীৰত ১১ টা, লাডাখত ২৬ টা, অৰুণাচল প্ৰদেশত ৩৬ টা, মিজোৰামত ৫ টা, হিমাচল প্ৰদেশত ৩ টা, ছিকিম, উত্তৰাখণ্ড আৰু পশ্চিমবংগত ২ টাকৈ আৰু নাগালেণ্ড, ৰাজস্থান আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এটাকৈ প্ৰকল্প নিৰ্মাণ কৰা হৈছে ।

অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী সিঙে 'জম্মু-কাশ্মীৰৰ বিষ্ণাহ-কৌলপুৰ-ফুলপুৰ পথত ৪২২.৯ মিটাৰ দৈৰ্ঘ্য, ৭০ শ্ৰেণীৰ আৰচিচি দেৱক দলং' উন্মোচন কৰে । দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে এই দলংখন কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়াৰ জৰিয়তে দুৰ্গম অঞ্চলসমূহলৈ সৈন্য, গধুৰ সঁজুলি আৰু যান্ত্ৰিক বাহনসমূহ দ্ৰুততাৰে প্ৰেৰণৰ সুবিধা হ’ব । লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নতো সহায় কৰিব । আজিৰ দিনটোত আন এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আঁচনি হৈছে অৰুণাচল প্ৰদেশৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ ৫০০ মিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক প্ৰযুক্তিৰ নেচিফু সুৰংগ ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰ্চুৱেলী এই সুৰংগটো মুকলি কৰে আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু এই সুৰংগৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানত নেচিফুত উপস্থিত থাকে । এই সুৰংগটোৱে নিৰ্মাণৰত চেলা সুৰংগৰ লগতে কৌশলগতভাৱে টাৱাং অঞ্চলৰ সৈতে সকলো বতৰতে সংযোগ প্ৰদান কৰিব আৰু অঞ্চলটোত নিয়োজিত সশস্ত্ৰ বাহিনী আৰু টাৱাং ভ্ৰমণ কৰা পৰ্যটক দুয়োৰে বাবে যথেষ্ট উপকাৰী হ’ব । পশ্চিমবংগত পুনৰ নিৰ্মাণ আৰু সংস্কাৰ কৰা বাগডোগ্ৰা আৰু বাৰাকপুৰ বিমানবন্দৰো অহা ২৩ ছেপ্টেম্বৰত উদ্বোধন কৰা হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত জনায় ।

এই বিমানবন্দৰকেইটা বিআৰঅ’ৱে ৫২৯ কোটি টকা ব্যয় কৰি সফলতাৰে পুনৰ নিৰ্মাণ কৰিছে । এই বিমানবন্দৰকেইটাই উত্তৰ সীমান্তত ভাৰতীয় বায়ুসেনাৰ প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক স্থাপত্য উন্নত কৰাই নহয়, অঞ্চলটোত বাণিজ্যিক বিমান চলাচলতো সুবিধা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে বালিপৰা-চাৰিদুৱাৰ পথত নেচিফু সুৰংগৰ নিৰ্মাণ আগষ্ট মাহত সম্পূৰ্ণ হৈ উঠে । মুঠ ৫০০ মিটাৰ দীঘল এই সুৰংগ চেঁচা আৰু জিৰ' পইণ্টৰ মাজত সঘনাই সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বতৰৰ বাবে নিৰ্মাণ কৰা হৈছে । ইয়াত ঘন ডাঠ কুঁৱলীৰ বাবে যান-বাহন চলাচল কৰাত সেনাবাহিনীৰ লগতে পৰ্যটকসকলো অসুবিধাৰ সন্মুখীন হ'বলগা হয় ।

লগতে পঢ়ক :Landslide in Jammu: জম্মু শ্ৰীনগৰ পথত ভূমিস্খলন, ৪ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.