নেশ্যনেল ডেস্ক, ২৯ জানুৱাৰী: মুম্বাইত ড্ৰাগছৰ অবৈধ বেহা চলাই অহা একাংশ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই । শুক্ৰবাৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ বিষয়াই প্ৰকাশ কৰা মতে, নৱী মুম্বাইত চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৩টা সৰবৰাহকাৰীকো আটক কৰা হৈছে । অতি ক্ষতিকাৰক বুলি প্ৰমাণিত এল এছ ডি ড্ৰাগছ গ্ৰাহকক যোগান ধৰি অহা একাংশ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ।
অনুসন্ধানকাৰী দলটোৱে নেৰুল, নৱী মুম্বাইত ৪৮ ঘণ্টাতকৈও অধিক সময় ধৰি অভিযান চলায় ৩৩৬ ব্লট এএছডি, ৬ গ্ৰাম ক'কেইন আৰু ৪৩০ গ্ৰাম মাৰিজোৱানা ড্ৰাগছ জব্দ কৰে । দীৰ্ঘ দিন ধৰি নৱী মুম্বাইত ড্ৰাগছৰ ব্যৱসায় চলাই থকা ৩টা সৰবৰাহকাৰীকো আটক কৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ বিষয়া সমীৰ ৱানখেড়েই প্ৰকাশ কৰা মতে, ধৃত সৰবৰাহকাৰীকেইটা হৈছে আৰবাজ শ্বেইখ, বিনীত চন্দ্ৰন আৰু সুৰজ সিং ।
আৰবাজ শ্বেইখ, বিনীত চন্দ্ৰন বুধবাৰে বিয়লি আটক কৰি জেৰা চলোৱৰ পিছত বৃহস্পতিবাৰে সুৰজ সিঙক আটক কৰা হয় । প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ মাজতে ড্ৰাগছৰ প্ৰসংগ উত্থাপন হোৱাৰ পিছতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই মুম্বাইত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।