ETV Bharat / bharat

নিৰাপত্তা বাহিনীৰ গতি বিধি লক্ষ্য কৰিবলৈ ড্ৰোন ব্যৱহাৰ নক্সালৰ - চিআৰপিএফ

যোৱা মাহত মাওবাদী প্ৰভাৱিত ডৰনাপাল অঞ্চলত এখন ড্ৰোন (drone) দেখা গৈছিল যাৰ পিছত নিৰাপত্তা সংস্থাসমূহে চিআৰপিএফ(CRPF) জোৱানসকলক অঞ্চলটোৰ আশে-পাশে সন্দেহজনক ড্ৰোন চলাচলৰ ওপৰত নজৰ ৰাখিবলৈ সতৰ্ক কৰি দিছিল ।

Naxals using drones
নিৰাপত্তা বাহিনীৰ গতি বিধি লক্ষ্য কৰিবলৈ ছট্টিশগড়ত ড্ৰোন ব্যৱহাৰ মাওবাদীৰ
author img

By

Published : Jul 6, 2021, 10:03 PM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই : ২৭ জুনত জম্মু বায়ু সেনা কেন্দ্ৰত (Jammu Air Force Station) ড্ৰোন আক্ৰমণৰ পিছত, নিৰাপত্তা সংস্থাসমূহৰ সূত্ৰই প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) বিষয়াসকলে ছট্টিশগড়ৰ সুকমা জিলাত এখন ড্ৰোন প্ৰত্যক্ষ কৰিছে । নিৰাপত্তা সংস্থাসমূহৰ মতে, যোৱা মাহত মাওবাদী প্ৰভাৱিত ডৰনাপাল অঞ্চলত এখন ড্ৰোন (drone) দেখা গৈছিল যাৰ পিছত নিৰাপত্তা সংস্থাসমূহে চিআৰপিএফ জোৱানসকলক অঞ্চলটোৰ আশে-পাশে সন্দেহজনক ড্ৰোন চলাচলৰ ওপৰত নজৰ ৰাখিবলৈ সতৰ্ক কৰি দিছিল । ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত অৱস্থিত সুকমা হৈছে দেশৰ আটাইতকৈ বেছি পৰিমাণে মাওবাদী পীড়িত জিলাসমূহৰ ভিতৰত অন্যতম ।

ছট্টিশগড়ত কাম কৰি থকা মাল্টি-এজেঞ্চী চেণ্টাৰ (MAC) আৰু সংস্থাসমূহৰ সৈতেও এই তথ্য আলোচনা কৰা হৈছে যে মাওবাদীসকলে বাওঁপন্থী উগ্ৰবাদ (LWE) প্ৰভাৱিত অঞ্চলত নিয়োজিত কৰ্মচাৰীৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰা আৰম্ভ কৰিছে । ২০০১ চনত গঠন কৰা এম.এ.চি. হৈছে ইণ্টেলিজেঞ্চ ব্যুৰ'ৰ(Intelligence Bureau) অধীনত এক ৰাষ্ট্ৰীয় চোৰাংচোৱা তথ্য লেনদেন ফিউজন কেন্দ্ৰ (Intelligence-sharing fusion centre) ৷ য'ত ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থা আৰু আৰক্ষী বাহিনীয়ে দৈনিক সন্ত্ৰাসবাদৰ ওপৰত ইনপুটৰ তথ্য আদান প্ৰদান, সংৰক্ষণ আৰু বিশ্লেষণ কৰে । সূত্ৰৰ মতে সীমান্ত সুৰক্ষা বাহিনীয়ে (Border Security Force) ২০২০ চনৰ পৰা গুজৰাটৰ পৰা জম্মুলৈকে পশ্চিম সীমান্তত এতিয়ালৈকে কমেও ৯৯ খন ড্ৰোন দেখা পোৱাৰ তথ্য উল্লেখ কৰিছে ।

বাহিনীটোৱে আনকি মাওবাদী প্ৰভাৱিত অঞ্চলৰ লগতে ভাৰতৰ পূব অংশতো ড্ৰোন দেখা পাইছে ।

লক্ষণীয়ভাৱে, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে (Ministry of Civil Aviation) ভাৰতত ড্ৰোনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে নতুন নিয়ম প্ৰস্তুত কৰিবলৈ তৎপৰ হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীৰ (Civil Aviation Minister) উপস্থিতিত ২৯ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত সংশোধিত নিয়মসমূহ উপস্থাপন কৰা হৈছিল । সূত্ৰৰ মতে ১৫ আগষ্টৰ ভিতৰত নতুন নিয়ম প্ৰকাশ কৰা হ'ব ।

লগতে পঢ়ক :দুভাগত বিভক্ত হ'ব CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাবৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.